আয়াৰলেণ্ডৰ খেলুৱৈক চৰিয়ালে ৰ’নাল্ডোৱে
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ আন্তঃৰাষ্ট্রীয় ফুটবলৰ সর্বকালৰ সর্বাধিক গ’লদাতা হিচাপে বিশ্ব অভিলেখ স্থাপনৰ সময়তে পুনৰ বিতর্কৰ আৱর্তলৈ আহিছে পর্তুগালৰ ছুপাৰষ্টাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো৷ ইৰানৰ কিংবদন্তি ফুটবলাৰ আলী ডাইক অতিক্রম কৰি অভিলেখসংখ্যক ১১১টা গ’ল কৰিবলৈ সক্ষম হোৱা তাৰকাগৰাকীয়ে প্রতিপক্ষৰ খেলুৱৈক চৰিয়াই বিতর্কৰ মাজলৈ আহিছে৷
যোৱানিশা অনুষ্ঠিত বিশ্বকাপৰ কোৱালিফায়িং মেচত ধৈর্য হেৰুৱাই ৰ’নাল্ডোৱে আয়াৰলেণ্ডৰ ডিফেণ্ডাৰ ডাৰা অ’শ্বিয়াৰ গালত প্রচণ্ড চৰ শোধায়৷ মেচখনৰ ১৫ মিনিটত পেনাল্টী শ্বট মাৰিবলৈ লোৱাৰ সময়তে আয়াৰলেণ্ডৰ ডিফেণ্ডাৰগৰাকীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয় পর্তুগালৰ অধিনায়কগৰাকী৷ এটা সময়ত ধৈর্য হেৰুৱাই ৰ’নাল্ডোৱে অ’শ্বিয়াৰ গালত চৰ শোধায়৷ মানচেষ্টাৰ ইউনাইটেডৰ সৈতে নতুনকৈ চুক্তিবদ্ধ হোৱা ছুপাৰষ্টাৰগৰাকীৰ আক্রমণৰ সন্মুখীন হোৱা আয়াৰলেণ্ডৰ ২২ বছৰীয়া খেলুৱৈগৰাকীয়ে মুখ ঢাকি খেলপথাৰত বহি থাকে৷
অৱশ্যে ৰেফাৰীয়ে ৰ’নাল্ডোৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্রহণ নকৰিলে৷ মন কৰিবলগীয়া যে পেনাল্টীৰ পূর্বে উত্তেজিত হৈ প্রতিপক্ষৰ খেলুৱৈক আক্রমণ কৰা ৰ’নাল্ডোৱে ১৫ মিনিটত লাভ কৰা এই সুযোগ কার্যকৰী কৰিবলৈ সক্ষম নহ’ল৷
ইফালে, বিশ্বকাপৰ যোগ্যতা নির্ণায়ক মেচখনত পর্তুগালে ৰ’নাল্ডোৰ দুগ’লৰ সহায়ত আয়াৰলেণ্ডক ২–১ গ’লত পৰাস্ত কৰে৷