নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী বিধানসভাত সন্ধান ওলাল ব্রিটিছ যুগৰ গোপন সুৰংগৰঃ বিধানসভা–লালকিল্লা সংযোগী সুৰংগ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ দিল্লী বিধানসভাত ব্রিটিছ যুগৰ গোপন সুৰংগৰ সন্ধান ওলাইছে৷ দিল্লী বিধানসভাৰ অধ্যক্ষ ৰামনিৱাস গোৱেলে সাংবাদিকৰ সৈতে কথোপকথনত কালি বিধানসভাত সুৰংগসদৃশ আন্তঃগাঁথনিৰ সন্ধান ওলোৱাৰ তথ্য প্রকাশ কৰিছে৷

অধ্যক্ষ গোৱেলৰ মতে দিল্লী বিধানসভাৰ পৰা লালকিল্লালৈ সংযোগী এই সুৰংগ৷ স্বাধীনতা যোদ্ধাৰ আহ–যাহৰ সময়ত যাতে ব্রিটিছসকলে সাধাৰণ ৰাইজৰ ক্ষোভৰ বলি হ’বলগীয়া নহয়, তাৰ বাবেই এই গোপন সুৰংগটো ব্যৱহাৰ কৰা হৈছিল৷ অধ্যক্ষ গোৱেলে কয়– ১৯৯৩ চনত যেতিয়া মই বিধায়ক আছিলোঁ, তেতিয়াই দিল্লী বিধানসভাৰ পৰা লালকিল্লা সংযোগী সুৰংগটোৰ বিষয়ে শুনিছিলোঁ৷ মই ইয়াৰ ইতিহাস জনাৰ চেষ্টা কৰিছিলোঁ, কিন্তু তেতিয়া এই লৈ কোনো স্পষ্টতা নাছিল৷ এতিয়া আমি সুৰংগৰ মুখ বিচাৰি পাইছোঁ৷ কিন্তু আমি এই সুৰংগটোৰ খনন নকৰোঁ, কিয়নো মেট্র’ প্রকল্প আৰু নর্দমাৰ বাবে সুৰংগটোৰ সকলো পথ বন্ধ হৈছে৷

উল্লেখ্য যে ব্রিটিছে ১৯১২ চনত কলকাতাৰ পৰা ৰাজধানী দিল্লীলৈ স্থানান্তৰ কৰাৰ সময়ত বর্তমানৰ দিল্লী বিধানসভাক কেন্দ্রীয় বিধানসভা ৰূপে ব্যৱহাৰ কৰিছিল৷ ১৯২৬ চনত ইয়াক আদালতলৈ ৰূপান্তৰিত কৰে আৰু স্বাধীনতা যোদ্ধাক আদালতলৈ অনা–নিয়াৰ বাবে এই সুৰংগটো ব্যৱহাৰ কৰিছিল৷ ব্রিটিছ যুগৰ এই গোপন সুৰংগটো ৰাজহুৱা দর্শন আৰু ব্রিটিছ যুগৰ ‘ফাঁচি ঘৰ’ দুয়োটাকে ৰাজহুৱা দর্শনৰ বাবে মুকলি কৰিব দিল্লী চৰকাৰে৷

দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অহা বর্ষৰ ২৫ জানুৱাৰীৰ পৰা ১৫ আগষ্টলৈকে ৰাজহুৱা দর্শনৰ বাবে মুকলি কৰা হ’ব বুলি অধ্যক্ষ গোৱেলে প্রকাশ কৰিছে৷

You might also like