নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেৰালিম্পিকত ভাৰতৰ চতুর্থটো সোণ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ টকিঅ’ পেৰালিম্পিকত ভাৰতৰ চমকপ্রদ প্রদর্শন অব্যাহত আছে৷ বিশ্বৰ প্রতিভাৱান দিব্যাংগ খেলুৱৈসকলৰ শ্রেষ্ঠত্ব প্রদর্শনৰ যুঁজ পেৰালিম্পিকত ভাৰতে শনিবাৰৰ দিনটোত দুটা স্বর্ণ, এটা ৰূপ আৰু এটা ব্রঞ্জৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছে৷

বেডমিণ্টনত ভাৰতৰ প্রমোদ ভগতে ঐতিহাসিক স্বর্ণপদক অর্জন কৰাৰ লগতে মনীষ নৰৱালে শ্বুটিঙত দেশলৈ সোণৰ পদক কঢ়িয়াই আনে৷ বিশ্বৰ শীর্ষস্থানপ্রাপ্ত পেৰা এথলীট ৩৩ বছৰীয়া ভগতে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত গ্রেট ব্রিটেইনৰ ডেনিয়েল বেথেলক ২১–১৪, ২১–১৭ৰ ব্যৱধানত পৰাস্ত কৰে৷ পাঁচ বছৰ বয়সত পলিঅ’ ৰোগত আক্রান্ত হৈ বাঁওভৰিৰ ক্ষমতা হেৰুওৱা বেডমিণ্টন খেলুৱৈগৰাকীয়ে এতিয়ালৈকে বিশ্ব চেম্পিয়নশ্বিপত চাৰিটা স্বর্ণসহ মুঠ ৪৫টা আন্তঃৰাষ্ট্রীয় পদক অর্জন কৰিবলৈ সক্ষম হৈছে৷

পেৰা বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ ছিংগলছত তেওঁ দুটা স্বর্ণ আৰু এটা ব্রঞ্জ জয় কৰাৰ লগতে ডাবলছত দুটা স্বর্ণ আৰু এটা ৰূপৰ পদক অর্জন কৰিছে৷ উল্লেখ্য যে পেৰালিম্পিক গেমছৰ বেডমিণ্টনত স্বর্ণপদক অর্জন কৰা প্রমোদ ভগত হ’ল ভাৰতৰ প্রথমগৰাকী খেলুৱৈ৷ ইফালে ১৯ বছৰীয়া প্রতিভাৱান শ্বুটাৰ মনীষ নৰৱালে মিক্সড ৫০ মিটাৰ পিষ্টল ইভেণ্টত সোণৰ পদক লাভ কৰিছে৷ ফাইনেলত তেওঁ ২১৮.২ পইণ্ট অর্জন কৰি শ্রেষ্ঠত্ব অর্জন কৰিবলৈ সক্ষম হয়৷ এই ইভেণ্টত ভাৰতৰ সিংহৰাজ আধানাই ৰূপৰ পদক লাভ কৰিছে৷

ইয়াৰ পূর্বে তেওঁ পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত দেশলৈ ব্রঞ্জৰ পদক কঢ়িয়াই আনিছিল৷ আনহাতে ভাৰতৰ প্রতিভাৱান শ্বাটলাৰ মনোজ সৰকাৰে টকিঅ’ পেৰালিম্পিকত ব্রঞ্জৰ পদক অর্জন কৰিছে৷ ব্রঞ্জৰ পদকৰ মেচত তেওঁ জাপানৰ ফুজিহাৰাক ২২–২০, ২১–১৩ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পদক বিজয়ী খেলুৱৈসকলক অভিনন্দন জনাইছে৷

You might also like