দেশ কঠিন সময়ৰ মাজেৰে পাৰ হৈছেঃ মুখ্য ন্যায়াধীশ
নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে সেই আবেদন খনক অতি সোনকালে বিচাৰ কৰিবলৈ অসন্মতি প্ৰদান কৰিলে যত নাগৰিকত্ব আইনক সংবিধানিক ঘোষণা কৰা আৰু এই আইনক প্ৰযোজ্য কৰিবলৈ সকলো ৰাজ্যক নিৰ্দেশ প্ৰদান কৰিবলৈ আবেদন দাখিল কৰিছিল। এই সন্দৰ্ভত উচ্চতম ন্যায়ালৰ মুখ্য ন্যায়াধীশ এচএ বৌবডে বৃহস্পতিবাৰে কয় যে দেশে এক কঠিন পৰিস্থিতিৰ মাজেৰে গৈ আছে। উদ্দেশ্য হৈছে শান্তি আনিব লাগে। এনে ধৰণৰ আবেদনে কোনো ধৰণৰ শান্তি আনিব নোৱাৰে। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা বিনীত ধানদাই উক্ত আবেদন দাখিল কৰিছিল।
Supreme Court to lawyer Vineet Dhanda who filed plea seeking strict legal action against ‘those disturbing peace and harmony over Citizenship Amendment Act’ : Country is going through a critical time, the endeavour must be to bring peace and such petitions don’t help. pic.twitter.com/R8ymEIBDcT
— ANI (@ANI) January 9, 2020