নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘পিএইচডি, মাষ্টাৰ ডিগ্রী মূল্যহীন! মোল্লাসকল সৰ্বশ্ৰেষ্ঠ- নতুন তালিবানী শিক্ষামন্ত্ৰী

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ মঙলবাৰে নিশা ঘোষণা কৰা হৈছিল তালিবান চৰকাৰৰ। আৰু তাৰ পিছতে দেশখনৰ শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰা মৌলবী নুৰুল্লা মুনিয়ে কয় যে বৰ্তমান পিএইচডি বা স্নাতকোত্তৰ ডিগ্ৰী মূল্যৱান নহয়। কাৰণ মোল্লাসকলৰ কাৰোৰে ওচৰত এইবোৰ ডিগ্ৰী নাই। তথাপিও তেওঁলোক সৰ্বশ্ৰেষ্ঠ।

তেওঁ লগতে কয় যে কয় যে, আফগানিস্তানত উচ্চ শিক্ষাৰ কোনো প্ৰয়োজন নাই।

উল্লেখ্য যে আমেৰিকাই ৩১ আগষ্টৰ পূর্বে আফগানিস্তান এৰাৰ প্রক্রিয়া আৰম্ভ কৰাৰ সময়তে তালিবানে নির্ধাৰিত সময়সীমাৰ দুসপ্তাহ পূর্বেই আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰে৷

You might also like