ইৰান-আমেৰিকাৰ যুদ্ধই সংকটত পেলাব ভাৰতক
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে বিপৰ্যয় কঢ়িয়াব অৰ্থনীতিলৈঃ বন্ধ হব বাচমতি চাউল-চাহৰ ৰপ্তানি
নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ ইৰান আৰু আমেৰিকাৰ মাজত এখন পূর্ণ পর্যায়ৰ যুদ্ধৰ সূচনা হ’লে ভয়াৱহ বিত্তীয় সংকটত পৰিব ভাৰত৷ বর্তমান ভাৰতৰ অর্থনীতিত চলি আছে মন্দাৱস্থা৷ অতি মন্থৰ হৈ পৰিছে অর্থনৈতিক বৃদ্ধিৰ হাৰ৷ এনে পৰিস্থিতিত ইৰান আৰু আমেৰিকাৰ মাজত যুদ্ধ মানেই ৰকেটৰ গতিত বৃদ্ধি পাব পেট্র’ল, ডিজেলৰ মূল্য৷ পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত ভাৰতৰ অর্থনীতিত আহি পৰিব ধুমুহা৷ লক্ষণীয়ভাৱে ভাৰতৰ বাচমতি চাউল আৰু চাহৰ ৰপ্তানিৰ ক্ষেত্রতো সৃষ্টি হ’ব সংকট৷ ইৰানলৈ যথেষ্ট পৰিমাণৰ বাছমতি চাউল আৰু চাহ ৰপ্তানি কৰি আহিছে ভাৰতে৷ স্মর্তব্য যে ইৰাকৰ ৰাজধানী বাগদাদৰ আন্তর্জাতিক বিমানবন্দৰত ইৰানৰ শীর্ষ সেনা বিষয়া জেনেৰেল কাছেম ছোলেইমানী মার্কিন ড্রোন আক্রমণত নিহত হোৱাৰ পিছৰে পৰা মধ্য প্রাচ্যত ঘনীভূত হৈছে যুদ্ধৰ আশংকা৷ আনকি ছোলেইমানীৰ অন্ত্যেষ্টিক্রিয়াৰ পিছমুহূর্ততে ইৰাকস্থিত দুটাকৈ মার্কিন সামৰিক ঘাটিত বেলিষ্টিক ক্ষেপণাস্ত্রৰে আঘাত হানি ইৰানে প্রতিশোধ পূৰণৰ হুংকাৰ দিছে৷ ইয়াৰ পিছতেই দুয়োখন দেশৰ মাজত সৃষ্টি হৈছে যুদ্ধৰ আতংক৷ লক্ষণীয়ভাৱে দেশ দুখনৰ মাজত যুদ্ধ সংঘটিত হ’ব পাৰে বুলি আশংকা কৰিয়েই ইৰাকৰ সংসদে দেশখনৰ পৰা আমেৰিকান সেনাৰ বিতাড়নৰ পক্ষত প্রস্তাৱ গৃহীত কৰিছে৷ একে সময়তে আফগানিস্তান, পাকিস্তান আদি দেশে মধ্য প্রাচ্যৰ কোনো যুদ্ধত নিজ ভূ–খণ্ড বিদেশী সেনাক ব্যৱহাৰ কৰিবলৈ নিদিয়ে বুলি স্পষ্ট কৰি দিছে৷ স্মর্তব্য যে ইৰান আৰু ভাৰতৰ মাজত আছে মধুৰ বাণিজ্যিক সম্পর্ক৷ ইৰান আৰু অন্যান্য উপ–সাগৰীয় ৰাষ্ট্রৰ পৰা হৰমূজ প্রণালীৰে ভাৰতে আমদানি কৰি আহিছে প্রায় ৮৪ শতাংশ খাৰুৱা তেল৷ যদি ইৰান–আমেৰিকাৰ মাজত যুদ্ধৰ সূচনা হয়, তেন্তে ভাৰতৰ খাৰুৱা তেল আমদানিৰ ক্ষেত্রত আহি পৰিব নতুন সংকট৷ গতিকে বিশেষজ্ঞসকলৰ মতে দুয়োখন দেশৰ যুদ্ধই বিধ্বস্ত কৰিব ভাৰতৰ অর্থনীতি৷