নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ ইৰাকৰ ৰাজধানী বাগদাদৰ আন্তর্জাতিক বিমানবন্দৰত মার্কিন ড্রোন আক্রমণত ইৰানৰ শীর্ষ সেনা বিষয়া জেনেৰেল কাছেম ছোলেইমানী নিহত হোৱাৰ পিছতে হোৱাইট হাউছ আৰু তেহৰানৰ মাজত যুদ্ধৰ আতংক ঘনীভূত হৈছে৷ আনকি আমেৰিকাৰ এই আক্রমণৰ প্রতিশোধ হিচাপে ছোলেইমানীৰ অন্ত্যেষ্টিক্রিয়াৰ পিছমুহূর্ততে ইৰানে ইৰাকত থকা দুটাকৈ মার্কিন সামৰিক ঘাটিত কেইবাটাও বেলিষ্টিক ক্ষেপণাস্ত্রৰে আঘাত হানে৷ এই ক্ষেপণাস্ত্র আক্রমণত ইৰানে ৮০জনকৈ মার্কিন সৈনিক নিহত হোৱা বুলি দাবী কৰিছে যদিও আমেৰিকা আৰু ইৰাকে ক্ষয়–ক্ষতিৰ কোনো তথ্য সদৰী কৰা নাই৷ লক্ষণীয়ভাৱে দুয়োখন দেশৰ মাজত যুদ্ধৰ হুংকাৰ–প্রতিহুংকাৰ চলি থকা সময়তে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে কালি ঘোষণা কৰিছে যে কোনোধৰণৰ পূর্ব চর্ত অবিহনে ইৰানৰ সৈতে গুৰুত্বপূর্ণ আলোচনাত মিলিত হ’বলৈ আগ্রহী আমেৰিকা৷ ইতিমধ্যে এই বিষয়টোক লৈ আমেৰিকাই ৰাষ্ট্রসংঘলৈও প্রেৰণ কৰিছে এখন পত্র