নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ শত্রু ইউডিএফ নে বিজেপি

কৰিমুদ্দিন বৰভূঞাৰ প্রশ্ন

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ মিত্রতা ছেদৰ পাছতেই সম্প্রতি কংগ্রেছ আৰু এ আই ইউ ডি এফৰ বাক্যুদ্ধ তুংগত উঠিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই যোৱা কিছুদিনৰ পৰা এ আই ইউ ডি এফ আৰু বিজেপি মিলি আছে বুলি মন্তব্য কৰি অহাৰ পাছত এইবাৰ কংগ্রেছক উভতি ধৰিছে এ আই ইউ ডি এফে৷ দলটোৰ অন্যতম সাধাৰণ সম্পাদক তথা সোণাৰি সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি কয় যে কংগ্রেছৰ ৰাজনৈতিক যুঁজ কাৰ লগত সেয়া তেওঁলোকে প্রথমে স্থিৰ কৰক৷

যদি বিজেপিৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজ, বিজেপি তেওঁলোকৰ প্রধান শত্রু৷ তেনেহ’লে এ আই ইউ ডি এফক আক্রমণৰ লক্ষ্য কৰাটো বাদ দিয়ক৷ কংগ্রেছে প্রথমতে তেওঁলোকৰ প্রধান শত্রু এ আই ইউ ডি এফ নে বিজেপি, সেয়া চূড়ান্ত কৰক৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থক তেওঁ বিজেপিৰ লগতহে যুঁজ কৰাৰ আহ্বান জনায়৷ সেইদৰে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি কয় যে অখিল গগৈৰ কোনো স্থিতি নাই৷ এহাতে তেওঁ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সকলো বিৰোধীক ঐক্যবদ্ধ হোৱাৰ কথা কয়৷

আনহাতে, তেওঁ এ আই ইউ ডি এফক বাদ দি বিৰোধী শিবিৰ থানবান কৰিব বিচাৰে৷ অখিল গগৈয়ে মহাজোঁট ভাঙিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এজেণ্ট হিচাপে কাম কৰি আছে নেকি বুলিও প্রশ্ণ কৰে৷ এ আই ইউ ডি এফৰ নেতাগৰাকীৰ সেই বক্তব্যৰ পাছতে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই প্রত্যুত্তৰ দি কয় যে এ আই ইউ ডি এফ আৰু বিজেপিয়ে কি কয় তাক লৈ কংগ্রেছে চিন্তা নকৰে৷ বেলেগ দলৰ নেতাৰ শ্রুতলিপিত কংগ্রেছে কাম নকৰে৷ এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে বর্তমানৰ চৰকাৰৰ দিনত এ আই ইউ ডি এফৰ ভাল দিন চলিছে বুলি কৰা মন্তব্যৰ বিষয়ে উনুকিয়াই কয় যে আগৰৰ ব্যৱসায়ৰ ক্ষেত্রত পূর্বতে যি প্রতিবন্ধকতা আছিল, বর্তমানৰ মুখ্যমন্ত্রীয়ে সেই প্রতিবন্ধকতা আঁতৰোৱাৰ ফলত তেওঁলোকৰ ব্যৱসায় এতিয়া ৰমৰমীয়া চলিছে বুলি কৈছে৷

You might also like