নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্রীড়া প্রাধিকৰণত ২২০ চাকৰি

ভাৰত চৰকাৰৰ যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রালয়ৰ অধীনত পৰিচালিত এটা স্বতন্ত্র অনুষ্ঠান ভাৰতীয় ক্রীড়া প্রাধিকৰ (Sports Authority of India)ত খালী হৈছেAssistant Coachৰ ২২০ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ভাৰতীয় ক্রীড়া প্রাধিকৰণৰDeputy Director (Coaching)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, ২২০ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে Archery (13), Athletics (20), Basketball (6), Boxing (13), Cycling (13), Fencing (13), Football (10), Gymnastics (6), Handball (3), Hockey (13), Judo (13), Kabaddi (5), Karate (4), Kayaking & Canoeing (6), Kho-Kho (2), Rowing (13), Sepak Takraw (5), Shooting (3), Softball (1), Swimming (7), Table Tennis (7), Taekwondo (6), Volleyball (6), Weightlifting (13), Wrestling (13), Wushu (6)৷

আবেদনকাৰীSAI/NS/NIS অথবাIndian/Foreign Universityৰ পৰাCoaching বিষয়ত ডিপ্ল’মাধাৰী হোৱাৰ লগতেOlympicত অংশগ্রহণ কৰা নাইবাDronacharya বঁটাপ্রাপক হ’ব লাগিব৷ প্রার্থী নিযুক্তি ৪ বছৰীয়া ঠিকাভিত্তিক চুক্তিত কৰা হ’ব যদিও পৰৱর্তী পর্যায়ত চাকৰিৰ সময়সীমা বঢ়াৰ সম্ভাৱনা আছে৷ দৰমহাৰ নিৰিখ মাহে ৪১,৪২০–১,১২,৪০০ টকা৷ বয়স সর্বোচ্চ ৪০ বছৰ৷ মুঠ পদ ২২০টাৰ ভিতৰত অসংৰক্ষিত ৯০টা, এছচিৰ ৩৩টা, অ’বিচিৰ ৫৯টা, আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ২২টা আৰু এছটি শ্রেণীৰ বাবে ১৬টা পদ সংৰক্ষিত থাকিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ভাৰতীয় ক্রীড়া প্রাধিকৰণৰ ৱেবছাইট https://sportsauthorityofindia.nic.in/saijobs লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ অক্টোবৰ, ২০২১৷

You might also like