চলিত বর্ষৰ এনডিএৰ প্রৱেশ পৰীক্ষাত অৱতীর্ণ হ’ব মহিলা প্রার্থী
কেন্দ্রীয় চৰকাৰৰ অনুৰোধ অগ্রাহ্য ছুপ্রিম ক’ৰ্টৰ
নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ অহা বছৰ মে’ মাহত নেচনেল ডিফেন্স একাডেমী (এনডিএ)ৰ প্রৱেশ পৰীক্ষাত মহিলা প্রার্থীক অৱতীর্ণ হ’বলৈ অনুমতি দিয়া হ’ব বুলি কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জনোৱাৰ পিছতে দেশৰ সর্বোচ্চ আদালতখনে তীব্র ক্ষোভ উজাৰিছে৷ বুধবাৰে কেন্দ্রীয় চৰকাৰৰ অনুৰোধ অগ্রাহ্য কৰি শীর্ষ আদালতখনে কৈছে যে এন ডি এত প্রৱেশ পৰীক্ষাত চলিত বছৰতে মহিলা প্রার্থীসকলক অৱতীর্ণ হ’বলৈ অনুমতি দিব লাগিব৷
বুধবাৰে ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে পূর্বতে দিয়া অন্তর্ৱর্তী নির্দেশনা খালী ৰাখিব পৰা নাযায়৷ গতিকে চলিত বর্ষৰ নৱেম্বৰত হ’বলগীয়া এন ডি এৰ প্রৱেশ পৰীক্ষাত মহিলা প্রার্থীক অৱতীর্ণ হোৱাৰ অনুমতি কেন্দ্রীয় চৰকাৰে দিব লাগিব৷ স্মর্তব্য যে পূর্বৰে পৰা সেনাত মহিলাৰ সমাধিকাৰৰ বিষয়টোক গুৰুত্ব প্রদান কৰিবলৈ কেন্দ্রীয় চৰকাৰক নির্দেশ দি আহিছে উচ্চতম ন্যায়ালয়ে৷