২১ বছৰ বয়সতে বিশ্বৰ ১৯৬ দেশ ভ্রমণ
নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ বিশ্ব ভ্রমণৰ বহুতৰে হাবিয়াস থাকে৷ বহুতৰেই সপোন থাকে সমগ্র পৃথিৱী ঘূৰি ফুৰাৰ৷ কিন্তু বাস্তৱত খুব কমসংখ্যক মানুহেহে সমগ্র পৃথিৱীখন ভ্রমণৰ সুযোগ লাভ কৰে৷ আমেৰিকাৰ লেক্সি আলফ’ড নামৰ যুৱতীগৰাকীয়ে ২১ বছৰ বয়সতে প্রায় সমগ্র পৃথিৱীখনেই ভ্রমণ কৰিবলৈ সক্ষম হৈছে৷ বিশ্বৰ মুঠ ১৯৬খন দেশ ২১ বছৰ বয়সতে ভ্রমণ কৰি গীনিজ ৰেকর্ডত নাম খোদিত কৰিবলৈ সক্ষম হৈছে লেক্সি৷ ২১ বছৰ বয়সত উত্তৰ কোৰিয়া পর্যন্ত ভ্রমণ কৰিছে যুৱতীগৰাকীয়ে৷ বর্তমান লেক্সিৰ বয়স ২৩ বছৰ৷ পিতৃ–মাতৃয়ে কেলিফর্নিয়াত চলায় এক ট্রেভেল এজেঞ্চী৷ এই সূত্রেই শৈশৱৰ পৰাই লেক্সিৰ বিদেশ ভ্রমণ আৰম্ভ হৈছিল৷