কোহলিক নেতৃত্ব ত্যাগৰ পৰামর্শ দিছিল প্রশিক্ষক শাস্ত্রীয়ে
নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিক এদিনীয়া আৰু টি–২০ দলৰ নেতৃত্ব ত্যাগৰ পৰামর্শ আগবঢ়াইছিল মুখ্য প্রশিক্ষক ৰবি শাস্ত্রীয়ে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এক সূত্রই বৃহস্পতিবাৰে প্রকাশ কৰা অনুসৰি, প্রায় ছমাহ পূর্বেই নেতৃত্বক লৈ শাস্ত্রী আৰু কোহলিৰ মাজত বিস্তৃতভাৱে আলোচনা হৈছিল৷ এই আলোচনাত মুখ্য প্রশিক্ষক শাস্ত্রীয়ে কোহলিক বেটিঙত অধিক মনোনিৱেশৰ স্বার্থত টি–২০ আৰু এদিনীয়া দলৰ নেতৃত্ব ত্যাগৰ পৰামর্শ আগবঢ়াইছিল৷
উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে টীম ইণ্ডিয়াৰ অধিনায়ক কোহলিয়ে আই চি চি টি–২০ বিশ্বকাপৰ পিছত ভাৰতীয় টি–২০ দলৰ নেতৃত্ব ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল৷ ২০১৭ত মহেন্দ্র সিং ধোনীৰ পৰা কোহলিয়ে এই দায়িত্ব গ্রহণ কৰিছিল৷ ‘ভাৰতে নিয়মীয়া অধিনায়ক কোহলিৰ অনুপস্থিতিত অষ্ট্রেলিয়াৰ মাটিত ঐতিহাসিক টেষ্ট শৃংখলা জয়ৰ পিছৰে পৰা কোহলিৰ নেতৃত্বক লৈ আলোচনা আৰম্ভ হৈছিল৷ শাস্ত্রীয়ে এই সন্দর্ভত তেওঁৰ সৈতে বিশদভাৱে আলোচনা কৰিছিল৷ প্রশিক্ষক শাস্ত্রীয়ে কোহলিক বেটিঙত মনোনিৱেশৰ স্বার্থত টি–২০ আৰু এদিনীয়া দলৰ নেতৃত্ব ত্যাগৰ পৰামর্শ আগবঢ়াইছিল৷ কিন্তু তাৰকাগৰাকীয়ে এতিয়ালৈকে এদিনীয়া দলৰ নেতৃত্ব এৰা নাই৷ হয়তো তেওঁ দুই–এক বছৰৰ ভিতৰত এই সিদ্ধান্ত গ্রহণ কৰিব৷ নেতৃত্বৰ বোজাৰ পৰা মুক্ত হ’লে কোহলিয়ে অধিক সময়লৈ খেলি যাব পাৰিব৷’– ব’ৰ্ডৰ সূত্রটোৱে এইদৰে কয়৷
মন কৰিবলগীয়া যে ভাৰতীয় টি–২০ দলৰ লগতে কোহলিয়ে শেহতীয়াকৈ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ নেতৃত্বও ত্যাগ কৰিছে৷