নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিদিষ্ট কালৰ বাবে জম্মু আৰু কাশ্মীৰত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিব নোৱাৰিব চৰকাৰেঃ উচ্চতম ন্যায়ালয়

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ জম্মু আৰু কাশ্মীৰৰ পৰা অনুচ্চেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পিছতেই ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে। যাৰ পৰিপেক্ষিতত তাৰ বিৰোধে কেইবাখনো আবেদন দাখিল হৈছিল উচ্চতম ন্যায়ালয়ত। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি কয় যে এসপ্তাহৰ ভিতৰত ইণ্টাৰনেট নিষিদ্ধ হৈ থকাৰ ক্ষেত্ৰত পৰ্যালোচনা কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে স্পষ্ট ভাৱে জনাই দিছে যে অনিদিষ্ট কালৰ বাবে জম্মু আৰু কাশ্মীৰত ইণ্টাৰনেট নিষিদ্ধ কৰিব নোৱাৰে। আদালতে ইণ্টাৰনেট বাক স্বাধীনতাৰ অধিকাৰ ১৯(১)(a) বুলি ব্যক্ত কৰিছে আৰু জৰুৰী সেৱা সমূহৰ বাবে ইণ্টাৰনেট আৰম্ভ কৰি দিব লাগে। নাগৰিকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ আছে। চৰকাৰে নিষেধাজ্ঞা পৰ্যালোচনা কৰিব লাগিব আৰু এনেধৰণৰ আদেশ উঠাই লব লাগিব। আদালতে লগতে কয় যে কোনো ভাবধাৰাক প্ৰতিৰোধ কৰিবলৈ ধাৰা ১৪৪ক ব্যৱহাৰ কৰিব নোৱাৰে। যি কোনো ক্ষেত্ৰত ধাৰা ১৪৪ জাৰি কৰাৰ ক্ষেত্ৰত দণ্ডাধীশে বিচাৰ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন ভি ৰমন্না, ন্যায়াধীশ সুভাষ ৰেড্ডী, ন্যায়াধীশ বিআৰ গবৰ দ্বাৰা গঠিত তিনিজনীয়া বিচাৰ পীঠত উক্ত শুনানি অনুষ্ঠিত হয়।

You might also like