নীতি–নিয়ম উলংঘাৰে গুৱাহাটীত সুৰা বিপণী–বাৰৰ অনুমতি
নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীৰ শূন্য সহনশীল স্থিতিক অংগুষ্ঠ প্রদর্শন কৰি বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াই দুর্নীতিত লিপ্ত হৈ অহা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ কামৰূপ সদৰ আবকাৰী বিভাগৰ একাংশ অসাধু বিষয়া পুঁজিপতি সুৰা মাফিয়াৰে গোপন বুজাবুজি কৰি নীতি–নির্দেশনা উলংঘাৰে মহানগৰীৰ বিভিন্ন অঞ্চলত সুৰাৰ বিপণীৰ অনুজ্ঞাপত্র হস্তান্তৰ কৰি খোলাৰ বাবে অনুমতি প্রদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
শিক্ষিত নিবনুৱাৰ তেজ শুহি একাংশ পুঁজিপতি সুৰা ব্যৱসায়ীয়ে আবকাৰী বিষয়াক মেনেজ কৰি নামে–বেনামে সুৰাৰ বিপণী হস্তান্তৰ কৰি সুৰা বিপণী খোলাৰ অনুজ্ঞা–পত্র আদায় কৰিছে৷ ইয়াৰ উপৰি এই পুঁজিপতি সুৰা মাফিয়াই ৰাইজৰ প্রতিবাদক অংগুষ্ঠ প্রদর্শন কৰি মহানগৰীৰ আশে–পাশে নামে–বেনামে বাৰ খুলি পৰিৱেশ বিনষ্ট কৰি আহিছে৷
অভিযোগ অনুসৰি ৰাইজৰ প্রতিবাদ নেওচি মেছার্ছ ইষ্টার্ন এণ্টাৰপ্রাইজ বণ্ডেড ৱেৰ হাউছৰ স্বত্বাধিকাৰীয়ে কামৰূপ সদৰ আবকাৰী বিভাগৰ বিষয়া–কর্মচাৰীক মেনেজ কৰি উত্তৰ গুৱাহাটী, কলংপাৰ বজাৰ, পানীখাইতীৰ লাহাপাৰাত সুৰাৰ বিপণী খুলি অঞ্চলকেইটাৰ পৰিৱেশ বিনষ্ট কৰি আহিছে৷ নিয়ম অনুসৰি শিক্ষানুষ্ঠান, ধর্মীয় অনুষ্ঠান, চিকিৎসালয়ৰ আশে–পাশে সুৰাৰ বিপণী অনুজ্ঞা–পত্র প্রদান কৰিব নোৱাৰে৷ চহৰাঞ্চলত শিক্ষানুষ্ঠান, ধর্মীয় অনুষ্ঠানৰ ৫০ মিটাৰ দূৰত্বৰ ভিতৰত আৰু গ্রামাঞ্চলৰ ১৫০ মিটাৰ দূৰত্বৰ ভিতৰত অনুজ্ঞা–পত্র প্রদান কৰিব নোৱাৰে৷ কিন্তু আবকাৰী বিভাগৰ বিষয়া আৰু স্থানীয় দল–সংগঠনক মেনেজ কৰি ইষ্টার্ন বণ্ডৰ স্বত্বাধিকাৰীয়ে পানীখাইতীৰ শ্বহীদ কুশল কোঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা কেইমিটাৰমান দূৰত্বত সুৰাৰ বিপণী অনুজ্ঞা–পত্র উলিয়াই ব্যৱসায় চলাই আহিছে৷
অভিযোগ অনুসৰি ইষ্টার্ন বণ্ডৰ স্বত্বাধিকাৰীয়ে নামে–বেনামে কুৰিখনৰো অধিক সুৰা বিপণী আৰু বাৰৰ ব্যৱসায় চলাই আহিছে৷ আয়কৰ বিভাগে এই সুৰাৰ বিপণী আৰু বাৰৰ বেংকৰ নথিপত্র পৰীক্ষা কৰিলেই সকলো তথ্য পোহৰলৈ আহিব৷