কিছুদিনৰ আগতে মই ৰঞ্জন চুতীয়াৰ এটা ইউটিউব ভিডি’ দেখিছিলোঁ, য’ত তেওঁ অসম চৰকাৰক আর্থিক সাহায্য বিচাৰি অনুৰোধ কৰিছিল৷ যোৱা জুলাই মাহৰ ২৮ তাৰিখে তেওঁক গ্রেপ্তাৰ কৰাৰ পিছত ভর্তি কৰা চিকিৎসালয়খনৰ পৰাই ভিডি’টো লোৱা হৈছিল৷ তেওঁ নিৰীহ, আৱেগিক হিন্দুসকলক নিজৰ গির্জাঘৰটো আমাৰ নামঘৰ বুলি প্রচাৰ চলাই খ্রীষ্টান ধর্মলৈ ধর্মান্তৰকৰণ কৰাৰ অভিযোগত অভিযুক্ত৷ তেওঁ লগতে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ হৰিনাম কীর্তন আৰু অসমীয়া বিহু নৃত্যক অপপ্রয়োগ কৰি আহিছে৷ শংকৰগুৰু, হৰি, ৰাম আৰু কৃষ্ণৰ দৰে শব্দৰ স্থানত তেওঁ যীশুৰ নাম অন্তর্ভুক্ত কৰা দেখা পোৱা গৈছে৷
উজনি অসমৰ ডিব্রুগড জিলাৰ মৰাণ ডোমৰ দলঙত অৱস্থিত ৱর্ল্ড হিলিং প্রেয়াৰ চেণ্টাৰ যোৱা ১৭–১৮ বছৰ ধৰি খ্রীষ্টান ধর্মলৈ ধর্মান্তৰকৰণ কার্যকলাপৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ ৰঞ্জন চুতীয়াৰ এটা নিজস্ব ইউটিউব চেনেল আছে আৰু ইয়াৰ দ্বাৰা তেওঁ যোৱা বহু বছৰ ধৰি যীশুখ্রীষ্টৰ বাণীৰ প্রচাৰ চলাই আহিছে৷ শ্রীমন্ত শংকৰদেৱৰ নামধর্ম পৰম্পৰাৰ সৈতে জডিত ধর্মীয় সংগীত আৰু বাদ্যযন্ত্রৰ ব্যৱহাৰ কৰি এটা বিদেশী ধর্ম প্রচাৰ কৰাৰ চেষ্টা কৰাটো গৰিহণাৰ যোগ্য৷
২০১৯ চনৰ নৱেম্বৰ মাহত লিগেল ৰাইটর্ছ অবজাৰভেটৰী (এল আৰ অ’) নামৰ এটা এন জি অ’ই অসম চৰকাৰক ৰঞ্জন চুতীয়াৰ বিৰুদ্ধে শীঘ্রে কার্যব্যৱস্থা গ্রহণ কৰাৰ বাবে অনুৰোধ জনাইছিল৷ চুতীয়াৰ বিৰুদ্ধে মৰাণৰ ওচৰৰ ডোমৰ দলঙত এটা গির্জাত ভূমি অধিগ্রহণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল৷ ৰঞ্জন চুতীয়াৰ দৰে খ্রীষ্টান মিছনেৰী মাফিয়াৰ বিপজ্জনক জালত সমগ্র উজনি অসমেই আজি সাঙোৰ খাই পৰিছে৷ নামঘৰ অসমৰ আটাইতকৈ গুৰুত্বপূর্ণ উপাসনাৰ গৃহ৷ লগতে ই প্রতিজন অসমীয়াৰ সাংস্কৃতিক চিনাকি৷ খ্রীষ্টান মিছনেৰীসকলে অতি চতুৰালিৰে নামঘৰ আৰু ইয়াৰ সৈতে জডিত বিভিন্ন সাংস্কৃতিক আৰু ধর্মীয় দিশৰ দ্বাৰা নিজৰ ধর্ম সম্প্রসাৰণ কৰিবলৈ চেষ্টা চলাই আহিছে৷ যীশুখ্রীষ্টক উপাসনা কৰাৰ স্থানত এখন চন্দ্রতাপ ব্যৱহাৰ কৰা হয়, যাতে ই নামঘৰৰ দৰে দেখা যায়৷
এই সমস্যাৰ বিশ্লেষণ কৰিবলৈ হ’লে আমি ইতিহাসৰ পাত পুনৰ লুটিয়াই চাব লাগিব৷ ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ পিছত ব্রিটিছ চৰকাৰে হিন্দু সমাজৰ সামাজিক আৰু ধর্মীয় ক্ষেত্রত কোনোধৰণৰ হস্তক্ষেপ নকৰাৰ নীতি গ্রহণ কৰিছিল৷ কিন্তু উত্তৰ–পূব ভাৰতৰ ক্ষেত্রত এয়া কেতিয়াও পৰিলক্ষিত হোৱা নাছিল৷ ব্রিটিছে নিজৰ ৰাজত্ব সুৰক্ষিত কৰাৰ লক্ষ্যৰে গির্জা ইয়াত বিকশিত কৰে৷ ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছত ভাৰত চৰকাৰে ‘দান সংস্থা’ আৰু ‘সামাজিক সেৱা’ৰ অধীনত ধর্মান্তৰকৰণত সহায়–সহযোগ প্রদান কৰি গৈছিল৷ সময়ৰ সৈতে ই সম্প্রসাৰিত হৈ আহিছে৷
২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি, ২.৭৮ কোটি খ্রীষ্টান জনসংখ্যাৰ ৭৮ লাখেই কেৱল উত্তৰ–পূব ভাৰতৰ বাসিন্দা৷ নীতি অধ্যয়ন কেন্দ্রৰ দ্বাৰা প্রকাশিত ‘উত্তৰ–পূব ভাৰতৰ খ্রীষ্টানকৰণ’ নামৰ এখন প্রতিবেদনত উল্লেখ কৰা অনুসৰি উত্তৰ–পূব ভাৰতত খ্রীষ্টানকৰণৰ প্রক্রিয়া স্বাধীনতাৰ প্রাক্ক্ষণত আৰম্ভ হয়৷ উত্তৰ–পূব ভাৰতত সর্বাধিক খ্রীষ্টান ধর্মৰ সম্প্রসাৰণ ৰাজনৈতিক আছিল আৰু ইয়াক কেৱল ধর্মৰ দৃষ্টিকোণেৰে বুজিব নোৱাৰি৷ ১৯৬০ৰ দশকত জৱাহৰলাল নেহৰু আৰু নৃতাত্ত্বিক ড০ ভেৰিয়াৰ এলউইনৰ মাজত এক চুক্তিপত্র স্বাক্ষৰিত হয়, যাৰ দ্বাৰা সাধু–সন্ন্যাসীসকলৰ্ নাগালেণ্ড ৰাজ্যৰ পৰা প্রৱেশ নিষিদ্ধ কৰা হৈছিল৷ নাগালেণ্ডৰ খ্রীষ্টান জনসংখ্যা ১৯৪৭ চনৰ ২০ শতাংশৰ পৰা ২০১১ চনৰ লোকপ্রিয়লৰ তথ্য অনুসৰি ৮৮ শতাংশলৈ বৃদ্ধি পোৱা দেখা গৈছিল৷
নেহৰুৱে তেতিয়া এলউইনক নেফা চৰকাৰৰ (বর্তমানৰ অৰুণাচল প্রদেশ) নৃতাত্ত্বিক পৰামর্শদাতা হিচাপে নিয়োগ কৰিছিল৷ এলউইনৰ বিশ্বাসত ভাৰতবর্ষ কেতিয়াও এখন ৰাষ্ট্র নাছিল আৰু ইয়াৰ জনসাধাৰণে কোনো উমৈহতীয়া ঐতিহ্য আৰু সংস্কৃতিৰ দ্বাৰা আবদ্ধ নাছিল৷ বিভিন্ন জনগোষ্ঠীয় সম্প্রদায় ভাৰতবর্ষৰ প্রকৃত অধিকাৰী আছিল বুলি তেওঁ দাবী কৰিছিল৷ উত্তৰ–পূব ভাৰতত খ্রীষ্টান মিছনেৰীসকলক মুক্ত স্বাধীনতা প্রদান কৰাটো এলউইনৰ নীতি আছিল৷ ইয়াৰ ফলত হিন্দু ধর্মৰ সংখ্যা হ্রাস পোৱাৰ লগতে সময়ৰ লগে লগে বিচ্ছিন্নতাবাদী আন্দোলন আৰম্ভ হৈছিল৷
১৯০১ চনত অসমত খ্রীষ্টান ধর্মাৱলম্বী লোকৰ গুৰুত্বপূর্ণ অৱস্থিতি ঘটিছিল৷ এই খ্রীষ্টান ধর্মাৱলম্বী লোকসকল প্রধানকৈ ঝাৰখণ্ড আৰু ছত্তিশগডৰ পৰা আহি উজনি অসমৰ চাহ খেতিত সংস্থাপিত হৈছিল৷ বিংশ শতিকাৰ দ্বিতীয় ভাগত খ্রীষ্টান ধর্মই অসমত প্রসাৰতা লাভ কৰে আৰু চাহ বাগান অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্রসাৰিত হয়৷ আজিৰ তাৰিখত, কার্বি আংলং আৰু ডিমা হাছাও জিলাৰ লগতে বডো অধ্যুষিত জিলা যেনে– কোকৰাঝাৰ আৰু ওদালগুৰিত খ্রীষ্টানসকলৰ সংখ্যা অধিক৷
ইছলামৰ পিছতে খ্রীষ্টান ধর্মই অসমত দ্রুত প্রসাৰিত ধর্ম৷ ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি খ্রীষ্টানসকলৰ জনসংখ্যা ৰাজ্যৰ সর্বমুঠ জনসংখ্যাৰ ৩.৭৪ শতাংশ৷ ডিমা হাছাও জিলাত খ্রীষ্টানসকলৰ সর্বাধিক জনসংখ্যা ৩০ শতাংশ আৰু তাৰ পিছতে কার্বি আংলং জিলাত ১৬.৫ শতাংশ৷ যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্রুগড, লখিমপুৰ, ধেমাজি আৰু তিনিচুকীয়া জিলাকে ধৰি সমগ্র উজনি অসমে খ্রীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্য নাগালেণ্ড আৰু অৰুণাচল প্রদেশৰ সীমান্তত অৱস্থিত৷
খ্রীষ্টান শৈক্ষিক প্রতিষ্ঠানসমূহ নৱপ্রজন্মৰ ছাত্র–ছাত্রীসকলৰ বাবে সর্বাধিক জনপ্রিয় শিক্ষানুষ্ঠান৷ এই শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ প্রধান মাধ্যম হৈছে ইংৰাজী ভাষা৷ ব্রিটিছ শাসনকালত আমাৰ দেশত ইংৰাজী ভাষাৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰা হৈছিল৷ কিন্তু ১৯৪৭ চনৰ পিছত এয়া এক মনোগ্রস্ততা হৈ পৰিছিল৷ ভাৰতীয় সম্ভ্রান্ত শ্রেণীৰ মানসপটৰ বাবে এয়া অধিক সুবিধাজনক আছিল কাৰণ ইংৰাজী ভাষা ব্যৱহাৰ কৰি চৰকাৰী চাকৰি লাভৰ বাবে তেওঁলোকে অগ্রাধিকাৰ লাভ কৰিছিল৷ ইয়াৰ দ্বাৰা তেওঁলোকে চৰকাৰৰ প্রভাৱশালী লোকসকলৰ সৈতে সামাজিক আৰু ৰাজনৈতিক সংযোগ সম্প্রসাৰিত কৰিবলৈ সহায়–সহযোগিতা লাভ কৰিছিল৷
খ্রীৃষ্টান মিছনেৰীসকলে ধর্মান্তৰকৰণৰ ৰাজনৈতিক এজেণ্ডাত সফল হোৱা নাই বুলি ভবাটো উচিত নহয়৷ তেওঁলোকে ৰুগীয়া আৰু দৰিদ্র লোকসকলক খ্রীষ্টান ধর্মটোৱে একমাত্র ৰক্ষক বুলি এক ভুৱা প্রচাৰ চলোৱাৰ লগতে তেওঁলোকৰ অনৈতিক আৰু অন্যায়সংগত কার্যকলাপৰ ‘দাতব্য সংস্থা’ৰ আলমত ঢ়াকি ৰাখিব বিচাৰে৷ তেওঁলোকে আর্থিক আৰু অন্য ধৰণৰ বিষয়িক সাহায্যৰ দ্বাৰা দৰিদ্রসকলৰ অর্থনৈতিক অনগ্রসৰতাৰ সুযোগ লৈ খ্রীষ্টান ধর্মলৈ ধর্মান্তৰকৰণৰ চেষ্টা চলাই আহিছে৷ মৰাণৰ ৱর্ল্ড হিলিং প্রেয়াৰ চেণ্টাৰৰ বিভিন্ন ইউটিউব ভিডি’ত এই কথা দেখিবলৈ পোৱা যায় যে ৰঞ্জন চুতীয়াই বিশ্বৰ সকলো ৰোগ আৰু প্রাকৃতিক দুর্যোগৰ কাৰণ দৰিদ্রসকলৰ ওপৰত ঈশ্বৰৰ অভিশাপ হিচাপে বর্ণনা কৰিছে৷ তেওঁ লগতে এই কথাও কৈছে যে ইয়াক কেৱল যীশুখ্রীষ্টৰ উপাসনা আৰু প্রার্থনাৰ দ্বাৰাহে নিৰাময় কৰা সম্ভৱ৷ খ্রীষ্টান মিছনেৰীসকলৰ বিশ্বাস মতে, সমগ্র বিশ্বতে খ্রীষ্টান ধর্মৰ প্রচাৰ চলোৱাটো তেওঁলোকৰ দায়িত্ব, কিয়নো বিশ্বৰ সকলো গোট আৰু সম্প্রদায় খ্রীষ্টান নোহোৱালৈকে বিচাৰৰ দিন Judgement Day) (ইছলামত যাক ‘কয়ামত কা দিন’ হিচাপে জনা যায়) নাহে৷
খ্রীষ্টান মিছনেৰীসকল তেওঁলোকৰ বার্তা জনসাধাৰণৰ মাজত ভালদৰে প্রচাৰ কৰা কলাত ভালদৰে অভিজ্ঞ৷ ৰাজীৱ মালহোত্রাৰ বিখ্যাত গ্রন্থ‘ব্রেকিং ইণ্ডিয়া’ত উল্লেখ কৰা হৈছে যে আমেৰিকাত আজিকালি খ্রীষ্টান ধর্মক অনা–খ্রীষ্টানসকলক শংকা আৰু শোষণৰ পৰা মুক্তি লাভ কৰাৰ ধর্ম হিচাপে প্রচাৰ চলোৱা হৈছে৷ পশ্চিমীয়া মিছনেৰীসকলে হিন্দু দেৱতা, দেৱী, হিন্দু গুৰু আৰু সমগ্র হিন্দু সমাজক নকাৰাত্মকভাৱে উপস্থাপন কৰা একো নতুন কথা নহয়৷ খ্রীষ্টান মিছনেৰীসকলে এইদৰে এক ভাবমূর্তি সৃষ্টি কৰিব বিচাৰে যে খ্রীষ্টান ধর্ম হিন্দু ধর্ম আৰু হিন্দু ধর্মীয় নীতিসমূহতকৈ পৃথক নহয়৷ ই হিন্দুসকলৰ ব্যতিক্রমী আৰু ভিন্ন সাংস্কৃতিক আৰু ধর্মীয় নীতি–ৰীতিৰ প্রতি গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে৷ হিন্দুসকলক খ্রীষ্টান ধর্মলৈ ধর্মান্তৰকৰণ কৰিবলৈ খ্রীষ্টান মিছনেৰীসকলে তেওঁলোকৰ মনত এক ধাৰণাৰ সৃষ্টি কৰিব বিচাৰে যে তেওঁলোকৰ ভাষাসমূহ সংস্কৃতৰ পৰা ভাষিকভাৱে সম্পূর্ণ পৃথক৷
তাৰ পিছত তেওঁলোকৰ মাজত এই প্রচাৰ চলোৱা যায় যে তেওঁলোকৰ লোককথা আৰু ধর্মীয় উপাসনাৰ ধৰণ সনাতন সভ্যতা আৰু সংস্কৃতিৰ পৰা সম্পূর্ণ পৃথক৷ ইয়াৰ পিছত হিন্দু সনাতন ধর্মৰ বহুতো সাংস্কৃতিক দিশ খ্রীষ্টান ধর্মৰ ভিতৰত স্থান দিয়া হয় আৰু কোৱা হয় যে ই খ্রীষ্টান ধর্মৰ প্রভাৱৰ ফলত সৃষ্টি হৈছে৷ আৰু দাবী কৰা হয় যে খ্রীষ্টান ধর্মৰ বিৰুদ্ধে যোৱা দিশসমূহ লুভীয়া ব্রাহ্মণসকলে অর্থ অর্জনৰ বাবে সৃষ্টি কৰিছে৷ তাৰ পিছত এক পৃথক ইতিহাস সৃষ্টি কৰি চেষ্টা চলোৱা হয় যে এই লোকসকলৰ (ৰুগীয়া, দৰিদ্র, জনগোষ্ঠীয়) পূর্বপুৰুষে বৈদিক সৰস্বতী সভ্যতাৰ প্রকৃত উত্তৰাধিকাৰী আছিল কাল্পনিক আর্যসকল অহাৰ পূর্বৰে পৰাই৷
ইয়াৰ দ্বাৰা এই সম্প্রদায়সমূহৰ মাজত এক পৃথক ৰাজনীতিকৃত উপ–ৰাষ্ট্রীয় পৰিচয়ৰ সৃষ্টিৰ আৰম্ভণি ঘটে৷ ইতিহাস সাক্ষী যে এই মনোবৃত্তিয়ে দীর্ঘকালীন সময়ত ই উত্তৰ–পূব ভাৰতৰ বিশেষকৈ নাগালেণ্ড আৰু মিজোৰামত বিচ্ছিন্নতাবাদী আন্দোলনৰ বীজ জন্ম দিছিল৷ একেই ইতিহাসৰ দ্বাৰা এই কথা প্রমাণিত যে যেতিয়াই হিন্দু ধর্মৰ অৱনতি ঘটে, তেতিয়াই সামাজিক অশান্তি আৰু সংঘাত বৃদ্ধি হয়৷ ভাৰতীয় সংবিধানত ঘোষণা কৰা হৈছে যে ‘ধর্ম প্রচাৰৰ অধিকাৰ’ৰ দ্বাৰা অন্য এজন ব্যক্তিক আন এটা ধর্মলৈ ধর্মান্তৰকৰণৰ অধিকাৰ দিয়া হোৱা নাই৷ ৰঞ্জন চুতীয়াৰ দৰে লোকৰ পিছত অতি সু–শৃংখলিত আৰু শক্তিশালী বিশ্বজনীন শক্তি থকাটো কোনো কাৰণতে অস্বীকাৰ কৰিব নোৱাৰি৷
ইছলাম আৰু খ্রীষ্টান দুয়োটা ধর্মৰে ভাৰতলৈ সামৰিক অভিযান আৰু ৰাজনৈতিক প্রভুত্বৰ দ্বাৰা আগমন ঘটিছিল৷ ভাৰতীয় সভ্যতা আৰু সংস্কৃতিয়ে সকলোকে আদৰি লয় আৰু পশ্চিমীয়া/ইউৰোপীয় ধর্মনিৰপেক্ষতাৰ অন্ধভাৱে অনুসৰণ নকৰে৷ ধর্মান্তৰকৰণৰ ক্ষেত্রত ‘বলপূর্বক’ কি আৰু ‘স্বেচ্ছামূলক’ কি সেয়া মুকলিভাৱে আৰু সততাৰে আলোচনা আৰু বিতর্ক কৰাৰ প্রয়োজন৷ এজন লোকে তেওঁৰ জন্মসূত্রে লাভ কৰা ধর্মটো পৰিত্যাগ কৰাৰ বাছনিটো প্রকৃত নে ই ধনবলৰ দ্বাৰা প্রভাৱিত হৈছে? এই কথা বিচাৰ কৰাটো অতিকৈ প্রয়োজনীয়৷
লেখক জে এন ইউৰ পৰা ৰাজনীতি বিজ্ঞানৰ পি এইচ ডি আৰু বর্তমান ইণ্ডিক
একাডেমীৰ অধীনত ৰিছার্চ ফেল’
ফোন ঃ ৯৫৬০৮–৭৭৭১৬