পল্লৱী মটর্ছৰ কর্মচাৰীৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ ভঙাগড়ৰ পল্লৱী মটর্ছত কর্মৰত এগৰাকী কর্মচাৰীৰ মৃতদেহ শুকুৰবাৰে বাথৰুমত চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷
প্রতিষ্ঠানটোত কর্মৰত বিদ্যুৎ বিকাশ দত্ত নামৰ কর্মচাৰীজনক কালি চিপ লোৱা অৱস্থাত আন কর্মচাৰীয়ে প্রত্যক্ষ কৰে৷ ইয়াৰ পিছতে প্রতিষ্ঠানটোৰ বিষয়ববীয়াই ভঙাগড় আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰায়৷
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কর্মচাৰীজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰে৷ কিছুদিন পূর্বে বিবাহপাশত আবদ্ধ হোৱা বিদ্যুৎ বিকাশ দত্তই কি কাৰণত আত্মহত্যাৰ দৰে পথ বাছি ল’লে, তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷