নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ এপ’ল’ হাস্পতালত ট্ৰেন্সকেথেটাৰ হাৰ্ট ভাল্ভ প্ৰতিস্থাপন প্ৰক্ৰিয়া (TAVR) সফলতাৰে সম্পাদন

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ গুৱাহাটীৰ এপ’ল’ হাস্পতালত অসমৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ অবিহনে ট্ৰেন্সকেথেটাৰ হাৰ্ট ভাল্ভ প্ৰতিস্থাপন প্ৰক্ৰিয়া (TAVR) সফলতাৰে সম্পাদন

ট্ৰেন্সকেথেটাৰ এ’ৰ্টিক ভাল্ভ ৰিপ্লেচমেণ্ট (TAVR) প্ৰক্ৰিয়াৰ জৰিয়তে মুক্ত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে অনুপযুক্ত বা উচ্চ বিপদাশংকাসম্পন্ন ৰোগীৰ ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে চিকিৎসা কৰা হয়।

গুৱাহাটীস্থিত এপ’ল’ হাস্পতালত যোৱা ১ ছেপ্টেম্বৰত অসমৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ অবিহনে ট্ৰেন্সকেথেটাৰ এ’ৰ্টিক ভাল্ভ প্ৰতিস্থাপন প্ৰক্ৰিয়া (TAVR) সফলতাৰে সম্পাদন হৈছে। ৭৩ বছৰীয়া এগৰাকী অতি সংকটজনক মহিলা ৰোগীৰ ক্ষেত্ৰত এই অত্যাধুনিক চিকিৎসা পদ্ধতিৰ সফল প্ৰয়োগ কৰা হয়।

উশাহ-নিশাহত অসুবিধা, বুকুৰ বিষ আৰু অৱসাদগ্ৰস্ত ৰোগীগৰাকীক এপ’ল’ চিকিৎসালয়, গুৱাহাটীত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁ মহাধমনী ভাল্ভৰ গুৰুতৰ কেলচিফিক ষ্টেনোছিছৰ সংকটজনক অৱস্থাত আক্ৰান্ত বুলি ধৰা পৰিছিল। এনে এক সংকটজনক অৱস্থাত একমাত্ৰ বিকল্পটো আছিল তাৎক্ষণিকভাৱে এটা ভাল্ভ প্ৰতিস্থাপন। তেখেতৰ বয়স আৰু সহ-বিদ্যমান স্বাস্থ্য সমস্যাৰ বাবে অপেন-হাৰ্ট ভাল্ভ প্ৰতিস্থাপন অস্ত্ৰোপচাৰ সম্ভৱ নাছিল।

গতিকে ৰোগীগৰাকীক টি.এ.ভি.আৰ.ৰ অত্যাধুনিক বিকল্প বা এক উন্নত পাৰ্কিউটেনিয়াছ পদ্ধতি ট্ৰেন্সকেথেটাৰ এ’ৰ্টিক ভাল্ভ ৰিপ্লেচমেণ্ট (টি.এ.ভি.আৰ.)ৰ অত্যাধুনিক বিকল্প আগবঢ়োৱা হৈছিল। এই উন্নত প্ৰক্ৰিয়াটো চলিত বৰ্ষৰ ১ ছেপ্টেম্বৰত সফলতাৰে সম্পাদন কৰা হৈছিল। অৱশেষত ৰোগীগৰাকী কোনোধৰণৰ সংকট অবিহনে ভালদৰে আৰোগ্য হৈছিল আৰু কেইদিনমানৰ ভিতৰতে সুস্বাস্থ্যকৰ অৱস্থাত মুক্ত কৰা হৈছিল।

অসম ৰাজ্যত এইটো এনেধৰণৰ প্ৰথম ঘটনা। এনে উন্নত প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰে অসম আৰু চুবুৰীয়া অঞ্চলৰ লোকসকলক ভৱিষ্যতে যথেষ্ট উপকৃত কৰিব।

You might also like