নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত মহিলাৰ প্রতিবাদ

তাঁতিমাৰাত প্রহসনত পৰিণত নীৰ নির্মল পানী যোগান আঁচনি

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰাজ্যবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে কোটি কোটি টকীয়া পানী যোগান প্রকল্প স্থাপন কৰিছে যদিও আজিও একাংশ ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়াত পৰিছে৷ ৰাজ্যৰ অন্য প্রান্তৰ কথা বাদেই মহানগৰীৰ গাতে লাগি থকা বৃহত্তৰ চন্দ্রপুৰ অঞ্চলৰ একাংশ ৰাইজে আজিও বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ আছে৷ চন্দ্রপুৰৰ তাঁতিমাৰা গাঁৱৰ গণেশ পাহাৰৰ প্রায় শতাধিক পৰিয়ালে এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিছে৷ তাঁতিমাৰা গাঁওস্থিত কেইবা কোটিটকীয়া নীৰ নির্মল পৰিযোজনা আঁচনিখন ৰূপায়ণ কৰা হৈছে যদিও পানী যোগান প্রকল্পটোৰ পৰা মাত্র ১০০–২০০ মিটাৰ দূৰত্বত থকা গণেশ পাহাৰবাসীয়ে প্রকল্পটোৰ পানী লাভৰ পৰা বঞ্চিত হৈ আছে৷ যাৰবাবে  বুধবাৰে অঞ্চলটোৰ মহিলাসকলে নীৰ নির্মল পৰিযোজনা আঁচনিৰ প্রকল্পস্থলীত উপস্থিত হৈ বিশুদ্ধ পানী বিচাৰি প্রতিবাদ সাব্যস্ত কৰে৷

প্রতিবাদকাৰীসকলে আমাক বিশুদ্ধ পানী দিয়ক, আমাক জীয়াই থাকিবলৈ দিয়ক, জনস্বাস্থ্য কাৰিকৰী মন্ত্রী ৰঞ্জিত দাস মুর্দাবাদ, শীঘ্রে পানী যোগানৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে আকাশ–বতাহ কঁপাই তোলে৷ প্রতিবাদকাৰীসকলে জনোৱা মতে, আঁচনিখনৰ অধীনত প্রায়সংখ্যক পৰিয়ালতে পানী যোগান কৰিছে যদিও সেয়া এক ভেঁকোভাওনাহে৷ বিগত তিনিবছৰে এবাল্টিও বিশুদ্ধ পানী তেওঁলোকে পোৱা নাই৷ গণেশ পাহাৰবাসীয়ে পাহাৰৰ নিজৰা আৰু নাদৰ পৰাই খোৱাপানী সংগ্রহ কৰি জীৱন নির্বাহ কৰি আহিছে৷ সম্প্রতি খৰাঙৰ ফলত পাহাৰৰ নিজৰা–নাদসমূহ শুকাই গৈছে৷ যাৰফলত পানীৰ তীব্র নাটনিয়ে দেখা দিছে অঞ্চলটোত৷ বর্তমান অঞ্চলটোৰ ৰাইজে এটুপি পানী সংগ্রহৰ বাবে পুৱাতেই লানি পাতিব লাগে৷

যিখিনি পানী নিজৰাটোত জমা হয় সেৱা পৰিয়ালসমূহৰ বাবে পর্যাপ্ত নহয়৷ অঞ্চলবাসীয়ে ইয়াৰ পূর্বেও নীৰ নির্মল পৰিযোজনা আঁচনিত কর্মৰত বিষয়া–কর্মচাৰীক লগ ধৰি পানী যোগানৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও বিষয়া–কর্মচাৰীসক ৰাইজৰ দাবীক গুৰুত্ব প্রদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ ৰাইজৰ প্রতিবাদত সেও মানি  কেইবাজনো বিষয়া–কর্মচাৰীয়ে ৰাইজক শীঘ্রে পানী যোগান ধৰাৰ প্রতিশ্রুতি প্রদান কৰে৷ ৰাইজে বিষয়াকেইজনৰ প্রতিশ্রুতিত প্রতিবাদস্থলী ত্যাগ কৰে যদিও দুই–এদিনতে পানী যোগান নাপালে পুনৰ প্রতিবাদ কৰাৰ হুংকাৰ দিছে৷ উল্লেখ্য যে নীৰ নির্মল পৰিযোজনা আঁচনিৰ পানী যোগান প্রকল্পটোৰ জৰিয়তে প্রায় ৪,৫০০ পৰিয়ালক নিয়মীয়াকৈ পানী যোগান ধৰি থকা বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগে জনাই আহিছে যদিও সেয়া কিমান সত্য তাৰ প্রমাণ আজিৰ এই প্রতিবাদ৷

You might also like