দুর্নীতি আৰু বেদখল
অসমত যে কেইবাটাও দশকজুৰি প্রতিটো চৰকাৰী তথা ৰাজহুৱা বিভাগতে দুর্নীতি অতি গভীৰলৈকে সোমাই গৈছিল, সেই কথা মাজে মাজে প্রকাশিত হ’লেও, কাকতে–পত্রই সংবাদ আৰু সমালোচনা ওলালেও চৰকাৰে কোনো ফলদায়ক ব্যৱস্থা গ্রহণ কৰাৰ যত্ন কৰা বুলি প্রমাণিত হোৱা নাছিল৷ বৰং দুই–এটা সৰু–সুৰা বিষয়ত অনুসন্ধান হ’লেও দোষীয়ে পাবলগীয়া দণ্ড পোৱাৰ কথাও শুনা নগৈছিল৷ বহুদিনৰ মূৰত এ পি এছ চিৰ কেলেংকাৰি ধৰা পৰাৰ ফলত সর্বসাধাৰণ মানুহো বিমূঢ় হৈ পৰিছিল৷ কিন্তু ২০১৬ খ্রীষ্টাব্দৰ পৰা ২০২১ খ্রীষ্টাব্দৰ আধালৈকে এই কেলেংকাৰিটোৰ বাহিৰে আন কোনো বিভাগীয় দুর্নীতিৰ দুৱাৰ খোল খোৱা নাছিল৷ দুর্নীতিৰ এই ব্যাপক বিস্তাৰৰ কথা কংগ্রেছৰ দিনৰ পৰাই কোনোটো চৰকাৰেই জনা নাছিলনে? চৰকাৰৰ দুর্নীতি নিবাৰক আইন প্রয়োগৰ ক্ষমতা আছে, আৰক্ষীক দায়িত্ব দি দুর্নীতি প্রতিৰোধৰ ক্ষমতা আছে৷ কিন্তু তৎসত্ত্বেও সর্বসাধাৰণ মানুহ চৰকাৰী বিভাগৰ দুর্নীতিৰ দ্বাৰা শোষিত, নিষ্পেষিত হৈ আহি আছিল৷ সর্বসাধাৰণ মানুহে ধৰি লৈছিল যে চৰকাৰী কোনো কাম কৰাবলৈ হ’লে ভেটী খুৱাবই লাগিব৷ এতেকে এইটো এটা মুকলি ‘গোপন’ কথা হৈ পৰিছিল৷
দৈনিক শ শ ট্রাকেৰে মার্ঘেৰিটাৰ পৰা চোৰাং কয়লা আৰক্ষী চকীসমূহৰ সন্মুখেদিয়েই সৰবৰাহ হৈ আছিল৷ তেনেকৈ সৰবৰাহ হৈ আছিল অসমৰ বিভিন্ন অঞ্চলৰ অৰণ্যৰ ডাঙৰ ডাঙৰ গছ চোৰাংকৈ কাটি শ শ ড্রাকেৰে দৈনিক বাহিৰলৈ সৰবৰাহ কৰি থকাৰ ঘটনা৷ ম্যানমাৰৰ লাখ লাখ টকাৰ চুপাৰিয়েই নহয়, চুপাৰিৰ নামত ছেৱা গছৰ শুকান গুটি মানুহক খুৱাই আহিছে৷ যিকোনো বিভাগৰ চৰকাৰী কার্যালয়ত কাম কৰাবলৈ হ’লে ভেটী খুওৱাটো এটা নিয়মত পৰিণত হোৱাৰ দৰে হৈ আহিছে৷ সমগ্র ৰাজ্যত শ শ মাটিৰ দালালে জনসাধাৰণক চুচি খাই আহিছে৷
সৌ সিদিনালৈকে ব্রহ্মপুত্রত এটা ইঞ্জিনেৰে চলাব নলগীয়া ফেৰী চলি আছিল, আৰু চৰকাৰে কোটি কোটি টকা দি কিনি অনা ডাঙৰ ফেৰী ঘাটত ৰখাই থোৱা হৈছিল৷ জল পৰিবহণ বিভাগৰ দায়িত্বত থকা অভিযন্তাৰ পৰা আৰম্ভ কৰি মন্ত্রী ডাঙৰীয়ালৈকে কোনেও জনা নাছিলনে যে চৰকাৰী মাৰ নাও পাৰঘাটত বান্ধি থৈ লেচীক ধন ঘটিবলৈ বাট উলিয়াই দিছিল? ইয়াৰ ফলত দেখা গৈছিল কেনেকৈ বছৰটোত বহু লাখ টকাৰ পেড্র’ল কিনা দেখুৱাই সেই পেড্র’ল লেচীক বিক্রী কৰি ধন ঘটা হৈছিল৷ এই ধনৰ লাখ লাখ টকাৰ ভাগ কেৱল ঘাটৰ দায়িত্বত থকা ইঞ্জিনীয়াৰেই পাইছিল নে ওপৰলৈও গৈছিল, সেই কথাও তদন্তলৈ অহা ভাল৷ আনকি প্রতিটো বিভাগত দালালৰ উৎপাতত জনসাধাৰণ হাৰাশাস্তি হ’বলগীয়া হৈছিল৷ পথ পৰিবহণৰ ডি টি অ’ কার্যালয়ত পৰিবহণ মন্ত্রীক লগত বহুৱাই অসমৰ মুখ্যমন্ত্রীয়েই ৩৮২টা দালালে এই পৰিবহণ বিভাগত ধন ঘটি থকাৰ কথা মুকলিকৈ ঘোষণা কৰিছে৷ এই ঘোষণাৰ পাছত পৰিবহণ মন্ত্রী ডাঙৰীয়াই স্ব–ইচ্ছাই নিয়ম মতে পদত্যাগ কৰা ভাল আছিল৷ চোৰাং কাঠ, চোৰাং গৰু, চোৰাং কয়লা এই আটাইবোৰৰ বেপাৰৰ ক্ষেত্রত অসমৰ ডি জি পি মহন্ত ডাঙৰীয়াই পোনপটীয়াকৈয়ে কৈছিল যে আৰক্ষীক দায়িত্ব দিলে নিশ্চয় কাম হ’লহেঁতেন৷ অর্থাৎ পূর্বৰ মন্ত্রী আৰু বিষয়াসকলে এইক্ষেত্রত চোৰাং কাৰবাৰীসকলক বাধাহীন পথ এৰি দিছিল বুলি কাৰ বিশ্বাস নহ’ব? দুর্নীতিৰ এই বাঘজালখনৰ অন্য এটা অত্যন্ত ভয়ংকৰভাৱে ক্ষতিকাৰক সামগ্রী হ’ল ড্রাগ্ছৰ চোৰাং ব্যৱসায়৷ কিমান হাজাৰ হাজাৰ কোটি টকাৰ ড্রাগ্ছ অসমলৈ আৰু অসমৰ মাজেদি বিভিন্ন ঠাইলৈ দৈনিক সৰবৰাহ হৈ থাকে, সেই কথা চৰকাৰসমূহে নজনাকৈ আছিলনে? ড০ হিমন্ত বিশ্ব শর্মাৰ লগত বিভিন্ন ক্ষেত্রত মতদ্বৈধতা থাকিব পাৰে৷ কিন্তু তেওঁৰ কার্যকাল আৰম্ভ হোৱাৰ এই চাৰি মাহৰ ভিতৰত চৰকাৰী দুর্নীতিৰ দুৱাৰখন খোল খাই সাধুকথাৰ দৰে যে ‘চি চিং ফাঁক’ হৈ পৰিছে, সেই কথা এতিয়া লুকাই থকা নাই৷ মানুহে কেৱল আশা কৰিব যাতে দুর্নীতি আৰু দালালি কৰা আৰু হাজাৰ–বিজাৰ কোটি টকাৰ চোৰাং বেপাৰ কৰা মানুহৰ সমাজৰ এই শত্রুবোৰ আইনৰ ফাঁকেৰে শাস্তি নোপোৱাকৈ সাৰি যাব নোৱাৰে৷ যদি সকলো প্রমাণ থকাৰ পিছতো সাৰি যায়, তেনেহ’লে সকলো প্রচেষ্টা বিফল হ’ব আৰু এই ৰাজ্যখন যি অন্ধকাৰত আছে, সেই অন্ধকাৰতে থাকিব৷
সন্দেহটো এই কাৰণেই হৈছে যে এ পি এছ চি কেলেংকাৰিত অনেকৰ চাকৰি গ’ল ঠিকেই, কিন্তু ৰাকেশ পালকে ধৰি গুৰুতৰ অপৰাধীসকলৰ শাস্তিৰ ঘোষণা এতিয়াও হোৱা নাই৷ যিসকল মন্ত্রীৰ অধীনৰ বিষয়সমূহত এনেভাৱে অভাৱনীয় দুর্নীতিৰ বজাৰ মুকলি হৈ আছিল, সেই মন্ত্রীসকলক ‘বাহাল তবিয়তে’ মন্ত্রিত্বৰ গাদী অধিকাৰ কৰি থাকিবলৈ দিলে জনসাধাৰণৰ আস্থা থাকিবনে? আইনসংগত আয়তকৈ হাজাৰগুণে অসৎ উপায়েৰে দুর্নীতিপৰায়ণ বিষয়া বা ৰাজনৈতিক ক্ষমতাত থকাসকলে অর্জন কৰা আয়ৰ হিচাপ লৈ আইনসংগতভাৱে শাস্তি বিহাৰ বাট মোকলাব পাৰিলে আমাৰ ৰাজ্যখনৰ ৰূপেই সলনি হৈ যাব৷ আমাৰ কোনো কোনো বিষয়া তথা ৰাজনৈতিক ক্ষমতাসীনসকলে চৰকাৰী ধনৰ ভঁৰালত হাত ভৰোৱা যথোপযুক্ত প্রমাণ আনকি যান্ত্রিকভাৱে সংগ্রহ কৰাও অসুবিধাজনক নহ’ব৷ এনে দুর্নীতিগ্রস্তসকলৰ্ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব পাৰিলে তেওঁবিলাকৰ আর্হিত খোজ দিব খোজাসকল দূৰতে বিদূৰ হ’ব৷ ভাবিব নোৱাৰি জনসাধাৰণৰ তথা ৰাজ্যখনৰ মংগলৰ হকে তথা বিকাশৰ হকে ধার্য কৰা ধন আত্মসাৎ কৰাসকল কেনেকৈ বছৰৰ পিছত বছৰ সাৰি আহি আছে৷ এওঁবিলাকক ‘ভিজিলেঞ্চ চেলে’ও দোষী সাব্যস্ত কৰিব পৰাকৈ সাক্ষ্য–প্রমাণ সংগ্রহ কৰাত সঠিকভাৱে সফল হ’ব পৰা নাই নেকি? বছা বছা কিছু দুর্নীতিগ্রস্তক আইনসংগতভাৱে কঠোৰ শাস্তি দিব পাৰিলে দুর্নীতিৰ পাহাৰটো লাহে লাহে চাপৰ হ’ব পাৰে৷
অসমত ঘটি অহা বেদখলকাৰীৰ দুটা ফৈদ আছে৷ এটা হ’ল আমাৰ বুকুৰ পৰাই ওলাই গৈ বেলেগ বেলেগ ৰাজ্য হোৱা আমাৰ চুবুৰীয়া ৰাজ্যকেইখনৰ আগ্রাসন আৰু আনহাতে হাজাৰ হাজাৰ বিঘা চৰকাৰী মাটি বেদখল কৰি ঘৰ–দুৱাৰ, স্কুলঘৰ, ধর্মীয় প্রতিষ্ঠান আদি গঢ়ি তোলা স্বদেশী হোৱা বা বিদেশী হৈয়েই থকা বেদখলকাৰীসকল৷ এই বেদখলকাৰীৰো দুটা ভাগ আছে৷ যিসকল এওঁবিলাকৰ ভিতৰৰ মাতব্বৰ অর্থাৎ বৰমূৰীয়া, তেওঁবিলাকে শ শ বিঘা মাটি একোজনেই দখল কৰি সাধাৰণ মানুহক ‘ৰায়ত’ হিচাপে ৰাখি ভোগ কৰি আছে৷ এই ৰায়তসকল হ’ল মুৰব্বীৰ অনুগ্রহত বেদখলীকৃত মাটিত বসবাস কৰা লোক৷ সদ্যহতে এই বেদখল উচ্ছেদৰ বাবে গ্রহণ কৰা চৰকাৰী স্থিতিৰ এটা দিশ অগ্রহণীয় বুলি ক’ব নোৱাৰি৷ সেইটো দিশ হ’ল এই ৰায়তস্বৰূপ খেতিয়কসকলৰ লগত প্রত্যেক পৰিয়ালক ছবিঘাকৈ মাটি উপযুক্ত স্থানত দিয়াৰ বিনিময়ত এইসকল লোকে বেদখলীকৃত মাটি এৰি দিবলৈ সাজু হোৱাটো এটা গুৰুত্বপূর্ণ দিশ৷ কিন্তু যিসকলে সন্মত হোৱা এই লোকসকলক ভুল পথে পৰিচালনা কৰি আক্রমণাত্মক ৰূপ ল’বলৈ প্রৰোচনা যোগালে, তেওঁবিলাকে এই সমস্যাটো জীয়াই থকাটো বিচাৰিছে বুলি বিশ্বাস নহয়নে? দুর্নীতি কৰা যিদৰে শাস্তিযোগ্য পাপ, মানুহৰ লগত মানুহৰ সংঘর্ষ লগাবলৈ যত্ন কৰাটোও তদ্রূপ এটা ডাঙৰ পাপ৷ ব্যক্তিগত বা দলগত লাভ–লোকচানৰ মাপকাঠীৰে এই বিষয়বোৰ মূল্যায়ন কৰা উচিত হ’ব নোৱাৰে৷
এই উচ্ছেদৰ লগত এটা ধর্মীয় সম্পর্ক চৰকাৰে যিদৰে সংলগ্ণ কৰি ল’ব নালাগে, চৰকাৰবিৰোধী দলসমূহেও তেনেদৰে ধর্মীয় সম্পর্ক সংলগ্ণ কৰি ল’ব নালাগে৷ জাতি–ধর্ম–সম্প্রদায়্ নির্বিশেষে সকলো মানুহক মানুহ হিচাপে জ্ঞান কৰিব পৰাটোৱেই হ’ল হিন্দু ধর্মকে ধৰি সকলো ধর্মৰ সর্বোচ্চ শিক্ষা৷ এই শিক্ষাই তালিবানী ধর্মীয় হিংসাক প্রশ্রয় দিয়াৰ প্রশ্ণই নুঠে৷ ধর্মীয় উন্মাদসকলে নিজৰ ধর্মৰ মূল শিক্ষাকে পুৰি গ্রাস কৰি লৈহে৷ নিৰীহ সাধাৰণ মানুহক নির্মমভাৱে হত্যা কৰিব পাৰে, বলাৎকাৰ কৰিব পাৰে, জুই জ্ব্বলাব পাৰে৷ ধর্মৰ নামত ধর্মৰ প্রকৃত শিক্ষা পদদলন কৰি অধর্ম তথা হিংসাৰে মানৱীয়তাক সম্পূর্ণৰূপে ধ্বংস কৰা কার্যক ‘মানুহ’ নামৰ কোনো প্রাণীয়ে সমর্থন কৰাৰ প্রশ্ণ উঠিব নোৱাৰে৷ আজি আমাৰ চাৰিওফালে এহাতে দুর্নীতিকাৰীসকলৰ আগ্রাসন আৰু আনহাতে ধর্মান্ধসকলৰ আগ্রাসনে মানৱীয় ধর্ম আৰু সংস্কৃতিক নষ্ট কৰাই নহয়, মানুহৰ ভৱিষ্যতকো অন্ধকাৰাচ্ছন্ন কৰি তুলিছে৷ আমাৰ এই ৰাজ্যখনত যদি তেনে শক্তিৰ সামান্য উত্থানো আমি দেখিবলৈ পাওঁ, তেনেহ’লে জানিব লাগিব যে আমি কেৰাহীৰ পৰা জুইত পৰিবলৈ ওলাইছোঁ৷