নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদী কৃষকে অৱৰোধ কৰি ৰখা পথ মুকলিৰ বাবে ব্যৱস্থা গ্রহণ কৰক

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ কেন্দ্রীয় চৰকাৰৰ তিনি কৃষি আইন বাতিলৰ দাবীত ৰাজধানী নতুন দিল্লীৰ সীমান্তত প্রতিবাদী কৃষকে পথ অৱৰোধ কৰি ৰখা বিষয়টোক লৈ বৃহস্পতিবাৰে উদ্বিগ্ণতা প্রকাশ কৰে উচ্চতম ন্যায়ালয়ে৷ ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ নেতৃত্বাধীন বিচাৰপীঠে প্রতিবাদী কৃষকে চিৰদিনৰ বাবে পথ বন্ধ কৰি ৰাখিব নোৱাৰে বুলি কেন্দ্রীয় চৰকাৰক নির্দেশনা দি কয় যে কৃষকৰ দ্বাৰা অৱৰোধ হৈ থকা পথ মুকলিৰ বাবে শীঘ্রেই কেন্দ্রীয় চৰকাৰে পদক্ষেপ গ্রহণ কৰক৷ আইন বলৱৎ কৰাটো চৰকাৰৰ দায়িত্ব বুলি উল্লেখ কৰি বিচাৰপীঠে আইন বলৱতক লৈ আদালতৰ দায়িত্বৰ প্রশ্ণ নুঠে বুলি কয়৷ কেন্দ্রীয় চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজক এই বিষয় লৈ ককর্থনা কৰে বিচাৰপীঠে৷

You might also like