নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাকচালকৰ অভাৱত ব্রিটেইনত ইন্ধনৰ নাটনি

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ তেলপৰিবাহী ট্রাকচালকৰ অভাৱত গ্রেট ব্রিটেইনত ইন্ধনৰ প্রচণ্ড নাটনি হৈছে৷ ইন্ধন যোগানত ব্যাঘাত জন্মাৰ বাবে পেট্র’ল পাম্পসমূহ বন্ধ হৈছে৷ যিসমূহ পেট্র’লপাম্প খোলা আছে তাত ইন্ধন ভৰাবলৈ শাৰী শাৰী যান–বাহন৷ ঘণ্টৰ পাছত ঘণ্টা শাৰী পাতি ইন্ধন ভৰাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কার্যতঃ পেট্র’ল পাম্প বন্ধ হোৱাৰ বাবে স্বাভাৱিক জীৱন ব্যাহত হোৱাৰ লগতে অত্যাৱশ্যকীয় সেৱা, জৰুৰীকালীন সেৱাতো ব্যাঘাত জন্মিছে৷ এনে পৰিস্থিতিত গ্রেট ব্রিটেইন চৰকাৰে ইন্ধন যোগানৰ বাবে দেশৰ সেনাক সাজু কৰি ৰাখিছে৷ কেইবা ডর্র্জনৰো অধিক সেনাক ট্রাকচালকৰ অভাৱ দূৰ কৰাৰ বাবে শীঘ্রেই ব্যৱহাৰ কৰিব৷

দেশখনৰ সেনাৰ টেংকাৰচালকসকলকে ইতিমধ্যে ইন্ধন যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰিব৷ দেশখনৰ প্রায় চাৰে পাঁচ হাজাৰ স্বতন্ত্র ইন্ধন বিপণীৰ সংস্থা পেট্র’ল ৰিটেইলাৰ এছ’চিয়েচনে প্রকাশ কৰা মতে দুই–তৃতীয়াংশ পেট্র’ল পাম্প বন্ধ হৈ পৰিছে৷ শীঘ্রেই ট্রাকচালকৰ অভাৱ চৰকাৰে দূৰ নকৰিলে অনাহূত পৰিস্থিতিৰ সন্মুখীন হ’ব দেশ৷

মন কৰিবলগীয়া যে বিগত বর্ষত ইউৰোপীয় সংঘৰ পৰা ব্রিটেইনে আঁতৰি অহাৰ পাছত দেশখনত ১ লাখতকৈ অধিক ট্রাকচালকৰ অভাৱ ঘটিছে৷ এইক্ষেত্রত ক’ভিড মহামাৰীও এক কাৰণ৷ দেশৰ সেনাৰ টেংকাৰচালকক ইন্ধন যোগানত ব্যৱহাৰ কৰাৰ লগতে চৰকাৰখনে পাঁচ হাজাৰতকৈ অধিক জৰুৰীকালীন ভিছা বিদেশী ট্রাক ড্রাইভাৰৰ বাবে মুকলি কৰিব৷ দেশখনৰ ইতিহাসত ট্রাকচালকৰ অভাৱত পেট্র’ল পাম্প বন্ধ হৈ যোৱাটো এক তাৎপর্যপূর্ণ ঘটনা৷

You might also like