নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদবীত থাকোঁ বা নাথাকোঁ, ৰাহুল–প্রিয়ংকা গান্ধীৰ পক্ষত থাকিম

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ পঞ্জাবৰ মুখ্যমন্ত্রী চৰণজিৎ সিং চান্নীৰ সৈতে কেবিনেট গঠন আৰু আৰক্ষী সঞ্চালকপ্রধান নিযুক্তিক লৈ মতানৈক্যৰ পিছত ৰাজ্যিক কংগ্রেছৰ সভাপতি পদ ত্যাগ কৰা নৱজ্যোৎ সিং সিদ্ধুৱে শনিবাৰে তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷

মুখ্যমন্ত্রী আৰু সিদ্ধুৰ মাজত আলোচনাৰ অন্তত সিদ্ধুৱে পদবীত থকাটো প্রায় নিশ্চিত হৈছে যদিও আজি জ্যেষ্ঠ নেতা সিদ্ধুৱে পুনৰ টুইটযোগে বিতর্কিত মন্তব্য আগবঢ়াইছে৷ সভাপতি পদ ত্যাগী সিদ্ধুৱে কয় যে পদবীত থাকোঁ বা নাথাকোঁ, তেওঁ সদায়েই ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধী ভদ্রাৰ পক্ষত থিয় দি থাকিব৷ উল্লেখ্য যে পঞ্জাবৰ প্রাক্তন মুখ্যমন্ত্রী কেপ্ঢেইন অমৰিন্দৰ সিং আৰু সিদ্ধুৰ মাজত হোৱা সংঘাতৰ সময়ত গান্ধী পৰিয়ালে সিদ্ধুৰ পক্ষত থিয় দিছিল৷

পৰিণতিত পঞ্জাব কংগ্রেছৰ অন্তর্কন্দল শাম কটাৰ বিপৰীতে বৃদ্ধিহে হৈছিল৷ সিদ্ধুক প্রদেশ কংগ্রেছৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ পিছতে শীর্ষ নেতৃত্বই অমৰিন্দৰ সিঙক মুখ্যমন্ত্রীৰ পৰা পদত্যাগ কৰিবলৈ নির্দেশ দিয়ে৷ নতুন মুখ্যমন্ত্রী হিচাপে চান্নীয়ে দায়িত্ব লোৱাৰ পিছত সিদ্ধুৱে সভাপতিৰ পদ ত্যাগ কৰি পঞ্জাব কংগ্রেছত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰি ৰাখিছে৷

You might also like