নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাতিদ্রোহী শ্বেৰমানক কংগ্রেছৰ পৰা নিলম্বনৰ প্রস্তাৱ বিধায়িনী দলৰ

ৰাজ্যজুৰি ধিক্কাৰ–প্রতিবাদত গা লৰিল

নিয়মীয়া বাৰ্তা ৪ অক্টোবৰঃ অসম আন্দোলনৰ শ্বহীদক ঘাতক আখ্যা দিয়া বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে ৰাজ্যজুৰি ধিক্কাৰ আৰু তীব্র প্রতিবাদ সত্ত্বেও কংগ্রেছে কেৱল মাত্র শ্ব’কজ কৰিয়েই দায়িত্ব সামৰা ঘটনাই ৰাজ্যৰ প্রধান বিৰোধী দলটোক একপ্রকাৰ অস্বস্তিত পেলাইছে৷ কালি আৰক্ষীয়ে বিধায়কজনক গ্রেপ্তাৰ কৰাৰ পাছত দেওবাৰে পুৱাৰ ভাগত দিছপুৰত কংগ্রেছ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হয়৷ উক্ত বিধায়িনী দলৰ বৈঠকে বিধায়ক আহমেদে বাৰে বাৰে দলীয় শৃংখলা ভংগ কৰি অহাৰ বাবে সর্বসন্মতভাৱে তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণৰ প্রস্তাৱ লয় আৰু প্রদেশ কংগ্রেছক ব্যৱস্থা গ্রহণৰ বাবে অনুমোদন জনায়৷ বিধায়িনী দলৰ এক সূত্রই জানিবলৈ দিয়া মতে, অসম আন্দোলনৰ শ্বহীদক অপমান কৰাৰ লগতে সাম্প্রদায়িক বিষবাস্প বিয়পোৱা মন্তব্য কৰাৰ বাবে বিধায়কজনক দলৰ পৰা নিলম্বন কৰিবলৈ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক কর্তৃত্ব প্রদান কৰে৷

কংগ্রেছ বিধায়িনী দলে বিধায়ক আহমেদক দলৰ পৰা নিলম্বন কৰিবলৈ প্রদেশ কংগ্রেছৰ সভাপতিক কর্তৃত্ব প্রদান কৰে যদিও এই বাতৰি যুগুতোৱা পৰলৈকে দলে তেওঁৰ বিৰুদ্ধে কোনো সিদ্ধান্ত গ্রহণ কৰা নাই৷ এই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই জানিবলৈ দিয়া মতে, বিধায়ক আহমেদক তিনি দিনৰ সময় বান্ধি দি যি কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে, সেই সময় আজি নিশা ১২ বজাত উকলিব৷ অন্তিম সময় উকলাৰ পাছত আজি নিশাৰ ভাগত অথবা কাইলৈ পুৱাৰ ভাগত প্রদেশ কংগ্রেছে বিধায়কজনৰ বিৰুদ্ধে কার্যব্যৱস্থা গ্রহণ কৰিব৷

ইপিনে, বিধায়ক আহমেদক দেওবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়৷ আৰক্ষীয়ে বিধায়কজনক ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰি আদালতত আবেদন জনায় যদিও আদালতে দুদিনৰ বাবে বিধায়ক আহমেদক আৰক্ষীৰ জিম্মাত দিয়ে৷

আনহাতে, বিধায়ক আহমেদৰ গ্রেপ্তাৰৰ প্রতিবাদত বাঘবৰত বন্ধৰ কার্যসূচীৰ আহ্বান দিয়া মন্দিয়া ব্লক কংগ্রেছৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামক দলৰ পৰা বর্খাস্ত কৰা হৈছে৷ প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক (প্রশাসন) অপূর্ব কুমাৰ ভট্টাচার্যই এক নির্দেশযোগে দলৰ নীতি–নিয়ম ভংগ কৰাৰ অপৰাধত বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ অন্তর্গত মন্দিয়া ব্লক কংগ্রেছৰ সাধাৰণ সম্পাদক (প্রশাসন) ৰফিকুল ইছলামক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বর্খাস্ত কৰা হৈছে বুলি প্রকাশ কৰে৷ প্রদেশ কংগ্রেছৰ পৰা কোনোধৰণৰ অনুমতি নোলোৱাকৈ বিধায়কজনক গ্রেপ্তাৰ কৰাৰ প্রতিবাদত আজি আহ্বান কৰা বন্ধৰ কার্যসূচীয়ে দলৰ ভাবমূর্তি বিনষ্ট কৰাৰ কথা উল্লেখ কৰি প্রদেশ কংগ্রেছে এনেধৰণৰ দলীয় শৃংখলা ভংগ কৰাৰ অপৰাধত এই কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰে৷

You might also like