অত্যাধুনিক প্রযুক্তিৰ ইএমপি ক্ষেপণাস্ত্র নির্মাণ চীনৰ
নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ অত্যাধুনিক সমৰাস্ত্র নির্মাণেৰে বিশ্বৰ মহা পৰাক্রমী হিচাপে চিহ্ণিত আমেৰিকা আৰু ইউৰোপৰ দেশসমূহলৈ প্রত্যাহ্বান কঢ়িয়াই অনা এছিয়ান ড্রেগন চীনে এইবাৰ নির্মাণ কৰিছে ইলেক্ট্র’মেগনেটিক পালছ ক্ষেপণাস্ত্র৷ শব্দৰ বেগতকৈ ৬ গুণ অধিক গতিসম্পন্ন এই ক্ষেপণাস্ত্রই ৩২০০ কিলোমিটাৰ দূৰত্বতো লক্ষ্য বস্তুক আঘাত হানিবলৈ সক্ষম হ’ব৷
অকল সেয়াই নহয়, এই ক্ষেপণাস্ত্রই কোনো চহৰত ৰাসায়নিক বিস্ফোৰণ ঘটাই এই চহৰৰ যোগাযোগ তথা বিদ্যুৎ সৰবৰাহ ব্যৱস্থা স্তব্ধ কৰি দিব পাৰে৷ বেইজিঙৰ একাডেমী অৱ লঞ্চ ভেহিক্ল টেকন’লজীৰ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি এই ক্ষেপণাস্ত্রক এনেধৰণে নির্মাণ কৰা হৈছে যে নজৰদাৰী চলোৱাৰ বাবে মহাকাশত থকা আর্লি ৱার্নিং ছীষ্টেমেও ইয়াৰ কোনো গতি–বিধি ধৰা পেলাবলৈ সক্ষম নহ’ব৷
আমেৰিকা আৰু ৰাছিয়াৰ দৰে দেশসমূহে উপগ্রহৰ জৰিয়তে মহাকাশত নজৰদাৰী ব্যৱস্থা কঠোৰ কৰি তুলিছে৷ এই দেশসমূহৰ উপগ্রহই বিশ্বৰ প্রান্তে প্রান্তে ক্ষেপণাস্ত্র উৎক্ষেপণৰ তথ্য মুহূর্ততে ধৰা পেলাবলৈ সক্ষম হয়৷ কিন্তু চীনৰ এই নতুন অত্যাধুনিক প্রযুক্তিসম্পন্ন ক্ষেপণাস্ত্রৰ গতি–বিধিক ধৰা পেলাবলৈ সক্ষম নহ’ব কোনো দেশৰ নিৰীক্ষণকাৰী উপগ্রহে৷ বেইজিং প্রশাসনে এই দাবী কৰাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷
স্মর্তব্য যে লক্ষ্যস্থানত গৈ আঘাত হনাৰ পিছতে এই ক্ষেপণাস্ত্রৰ পৰা আৰম্ভ হ’ব ৰাসায়নিক বিস্ফোৰণ৷ ফ্লেক্স কম্প্রেছন জেনেৰেটৰৰ মাধ্যমত ইয়াত এক শ্বক এনার্জী সৃষ্টি হয়৷ যিয়ে ১০ ছেকেণ্ডৰ বাবে লক্ষ্যস্থানৰ বিভিন্ন যোগাযোগ তথা বিদ্যুৎ সৰবৰাহ স্তব্ধ কৰি দিব পাৰে৷ গতিকে ইয়াক নাম দিয়া হৈছে ‘ব্লেক আউট’ বোমা৷