এঘণ্টাতে চাৰি প্রখ্যাত ভাৰতীয়ৰ পোৰ্টেইট
নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ ষাঠি মিনিটত চাৰিগৰাকী প্রখ্যাত তথা পুৰোধা ভাৰতীয়ৰ ছবি ক্ষুদ্রাকৃতিত অর্থাৎ টাইনিয়েষ্ট পোৰ্টেইট অংকন কৰি তেজপুৰৰ এগৰাকী ২৫ বছৰীয়া যুৱকে অসম বুক অৱ ৰেকর্ডছত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত চিত্রকলাৰ স্নাতক ডিগ্রীধাৰী আৰু বর্তমান কম্পিডটাৰ বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্রমৰ ছাত্রগৰাকীয়ে মহাত্মা গান্ধী, ভগত সিং, জ্যোতিপ্রসাদ আগৰৱালা আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পোৰ্টেইট সৰু বেজীতকৈও ক্ষুদ্রাকৃতিৰ পেঞ্চিলেৰে মাত্র ৬০ মিনিটতে অংকন কৰি কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ সংবাদে উৎফুল্লিত কৰিছে কলাৰসিকসকলক৷
তেজপুৰৰ নিকটৱতী শ’লমৰা নিৱাসী অনামিকা ফুকনৰ সন্তান অবিনাশ হাজৰিকাই শিশু অৱস্থাৰ পৰাই চিত্রকলা ক্ষেত্রখনত দক্ষতাৰ পৰিচয় দি আহিছে৷ মূলতঃ পেঞ্চিল, পেঞ্চিল কালাৰ, চার্কল পেঞ্চিল, এক্রিলিক কালাৰ, অইল পেইণ্টিঙেৰে অতি কুন্দতকটা বিভিন্ন চিত্র অংকন কৰি আহিছে অবিনাশে৷ ১৯৯৭ চনত জন্মগ্রহণ কৰা চিত্রকলাৰ এই পাৰদৰ্শী ছাত্রগৰাকীয়ে ৰং আৰু তুলিকাৰ সৈতে সৰুৰে পৰা একাত্ম হৈ পৰাৰ বাবেই নিজৰ নিয়মীয়া পাঠ্যক্রমৰ লগতে চিত্রকলা বিভাগত নামভর্তি কৰি ডচ্চতৰ মাধ্যমিকত পঢ়ি থকা সময়তে চিত্রকলাৰ স্নাতক ডিগ্রী লাভ কৰিবলৈ সক্ষম হয়৷ সৰুৰে পৰা চিত্রকলাৰ বিভিন্ন প্রতিযোগিতাত অংশগ্রহণ কৰি জিলাৰ পৰা ৰাজ্যিক ভিত্তিতো বহু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা অবিনাশে প্রতিযোগিতামূলক মনোভাবেৰে চিত্রকলাৰ ক্ষেত্রত বিভিন্ন পৰীক্ষা–সম্পৰীক্ষা কৰি শেহতীয়াকৈ এডাল পেঞ্চিল এটা সৰু বেজীতকৈও সৰু কৰি লৈ অর্থাৎ বেজীৰ চাৰিভাগৰ এভাগ সমান অংশৰে পোৰ্টেইট অংকন কৰিবলৈ প্রয়াস কৰে৷
এনে প্রয়াসৰ মাজতে অবিনাশে নিজৰ এই শিল্পকর্ম ‘অসম বুক অৱ ৰেকর্ডছ’ত দাখিল কৰাত এই প্রয়াসৰ পূর্বৰ ৰেকর্ড অবিনাশে ভংগ কৰাত ‘অসম বুক অৱ ৰেকর্ডছ’ত অবিনাশৰ নাম অন্তর্ভুক্ত হৈ পৰে৷ এই সন্দর্ভত ‘অসম বুক অৱ ৰেকর্ডছ’ৰ পৰা প্রমাণ–পত্র আৰু পুৰস্কাৰ লাভ কৰি ডৎফুল্লিত হৈ পৰা অবিনাশে আজি সাংবাদিকৰ আগত কয়, সৰুৰে পৰা মনতে প্রতিযোগিতামূলক মনোভাব পুহি ৰাখিছিলোঁ৷ সেয়েহে ছবিৰ জৰিয়তে কিবা এটা কৰাৰ সপোন আছিল৷ সেই সপোনে আজি সাকাৰ ৰূপ লাভ কৰাত নথৈ আনন্দিত হৈছেছা৷