নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰ জামুগুৰি পাৰঘাট আৰু মাজুলীৰ মাজত যোগাযোগ বিচ্ছিন্নঃ চৰকাৰী ফেৰি দিয়াৰ আহ্বান

যাত্ৰী-শিক্ষাৰ্থীৰ মাজত হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰ: লখিমপুৰ জিলাৰ ধলপুৰ জামুগুৰি জাহাজঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ জলপথেৰে মাজুলী আৰু গোলাঘাটৰ জিলাৰ অন্তৰ্গত বৰুৱাচুক, চিকাৰী আৰু কৰতিপাৰলৈ আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ লেচিৰ জৰিয়তে চলাচল কৰি থকা ফেৰি, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ পৰা অনুমোদিত ভুটভুটি, গাখীৰৰ ঠিকাদাৰৰ ভুটভুটি আৰু অন্যান্য এটা ইঞ্জিন চালিত নাও সমূহ প্ৰশাসনে বন্ধ কৰি দিয়াত জামুগুৰিৰ লগতে ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চলত বসবাস কৰি থকা লোকসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

যোৱা ৮ ছেপ্টেম্বৰত মাজুলীত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ পিছতে জলপথৰ যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটা ইঞ্জিন যুক্ত ভুটভুটি আৰু ফেৰিসমূহ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিষেধাজ্ঞাকো কেৰেপ নকৰি বৰুৱাচুক, কাচিকটাৰ পৰা জামুগুৰিলৈ নঠি-পত্ৰবিহীন আৰু যাত্ৰীৰ সুৰক্ষা এটাও জেকেট নথকাকৈ চলাই আছিল ৷

এই সন্দৰ্ভত নিয়মীয়া বাৰ্তাত বাতৰি প্ৰকাশ পোৱাত যোৱা ৩ অক্টোবৰত আৰক্ষী আৰু জলপৰিবহণ বিভাগে যাত্ৰীবাহী ভুটভুটি খনৰ লগতে মাজুলীৰ গৰু- ম’হৰ খুটি সমূহৰ পৰা গাখীৰ অনানিয়া কৰা নাও, মাছুৱৈ নাঁৱকে আদি কৰি এটা ইঞ্জিন যুক্ত আন সকলো নাও বন্ধ কৰি দিয়ে ৷ এটা ইঞ্জিন সমৃদ্ধ নাওসমূহ বন্ধ হৈ পৰাত বিশেষকৈ ব্ৰহ্মপুত্ৰৰ দ্বীপ-চাপৰি অঞ্চলৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, নদী দ্বীপত বাস কৰা চৰকাৰী-বেচৰকাৰী চাকৰিয়াল, নদীদ্বীপত বাস কৰা ৰোগী, ব্যৱসায়ী, জামুগুৰি পাৰঘাটৰ মাধ্যমেৰে নিত্য ব্যৱহাৰ্য্য সামগ্ৰী সৰবৰাহ কৰা নদীদ্বীপ বাসীকে ধৰি ব্ৰহ্মপুত্ৰৰ জলপথৰ বাহিৰে বহিৰ্জগতৰে যাতায়াতৰ বিকল্প পথ নথকা যাত্ৰীসকলৰ ভীষণ সমস্যাত পৰিছে ৷

জামুগুৰি অঞ্চলৰ ব্ৰহ্মপুত্ৰত এটা ইঞ্জনয়ুক্ত নাৱৰ চলাচল বন্ধ হোৱাত ভুটভুটিৰে ব্ৰহ্মপুত্ৰৰ চাপৰিৰ গৰু-মহৰ খুটিৰ পৰা নিতৌ গাখীৰ আনি লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ লগতে অৰুণাচলৰ ইটানগৰ পৰ্যন্ত গাখীৰ যোগান ধৰা ঠিকাদাৰ সকলৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷

ইপিনে নিতৌ ঠিকাদাৰক গাখীৰ বিক্ৰী কৰি পৰিয়াল পোঁহ-পাল দিয়া গৰুখুটিৰ গৰাকী আৰু চাপৰিৰ স্থায়ী বাসিন্দা গো পালক সকল সমস্যাত পৰে ৷ ব্ৰহ্মপুত্ৰৰ জলপথেৰে ভুটভুটি নাৱেৰে বিভিন্ন ব্যৱসায় কৰা লোক সকলৰো ব্যৱসায় বন্ধ হৈ পৰে ৷ জামুগুৰি-কাচিকটা জলপথেৰে চলাচল কৰা ভুটভুটি আৰু অন্যান্য ব্যৱসায়িক নাৱত স্কুল-কলেজলৈ আহ-যাহ কৰা ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল,ব্যৱসায়ী,নিত্য প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ জামুগুৰিলৈ আহ-যাহ কৰা নদীদ্বীপ বাসীৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷

ভয়ানক কথা এয়ে যে এক ইঞ্জিনযুক্ত নাৱৰ চলাচল বন্ধ হোৱাত একাংশ গাখীৰৰ ঠিকাদাৰ, অন্যান্য ব্যৱসায়ী, নিত্য প্ৰয়োজনীয় বস্তু ক্ৰয় কৰিবলগীয়া লোকে এতিয়া ভুটভুটিৰ বিকল্প হিচাপে মহাবাহুৰ বুকুৰে ইঞ্জিন বিহীন টুলুঙা নাও চলাই ব্যৱসায় বা ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য হৈছে ৷

ছাত্ৰ-ছাত্ৰী,চাকৰিয়াল বা জৰুৰী কাম থকা লোকেও একে পথকে গ্ৰহণ কৰিছে ৷ চাপৰি বাসীৰ মাজত খাদ্য সামগ্ৰীৰ নাটনি হোৱাৰ লগতে বস্তুৰ দাম দুগুণ বৃদ্ধি হৈছে ৷ আন্তঃ জল পৰিবহণ বিভাগৰ জামুগুৰি ঘাটত কৰ্মৰত চক্ৰ বিষয়া (চেক্‌চনেল এছিচটেণ্ট ) মহেন্দ্ৰ শইকীয়াই জনাইছে- ভুটভুটি পৰ্যায়ৰ নাও সমূহত মেৰিন ইঞ্জিন সংযোগ কৰাৰ উপৰি যাত্ৰীৰ বাবে সুৰক্ষা জেকেট, মান উন্নত কৰা নাওহে জামুগুৰিৰ পাৰ ঘাটত চলোৱাৰ অনুমতি দিয়া হ’ব ৷

আনহাতে জামুগুৰি পাৰঘাটৰ আন্তঃ জলপৰিবহণ বিভাগৰ কৰ্মচাৰী আৰু জামুগুৰি পাৰঘাটৰ জলপথৰে নিয়মীয়াকৈ আহ-যাহ কৰা একাংশ যাত্ৰীয়ে ঘাটটোত এখন বিভাগীয় নাও প্ৰদান কৰা আৰু বিভাগৰ এটা কাৰ্যালয়ৰ লগতে যাত্ৰী জিৰণিঘৰ এটা নিৰ্মাণৰ দাবী জনাইছে ৷ ঠিকাদাৰ আৰু ভুটভুটি নাৱেৰে ব্যৱসায় কৰা ব্যৱসায়ী সকলে তেওঁলোকক ব্ৰহ্মপুত্ৰত ভুটভুটি চলোৱাৰ অনুমতি দিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে৷ অঞ্চলতোৰ ৰাইজে চিকাৰী-জামুগুৰি-কৰতিপাৰ বৃহৎ সংখ্যক ৰাইজৰ যাতায়তৰ বাবে এখন চৰকাৰী ফেৰি আৱন্তনৰ দাবী জনাইছে ৷

You might also like