দেশৰ সেনাপ্ৰধান নৰৱানেক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ আজি দেশৰ সেনাপ্ৰধান মনোজ মুকুন্দ নৰৱানেক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ চুবুৰীয়া ৰাজ্য অৰুণাচল সীমান্তত চীনা সৈন্যৰ আগ্ৰাসী মনোভাৱৰ সময়তে দেশৰ সেনাপ্ৰধানগৰাকীক সাক্ষাৎ কৰা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে। নতুন দিল্লীৰ এক অনুষ্ঠানৰ মাজতে দেশৰ সেনাপ্ৰধানগৰাকীক সৌহাদ্যমূলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যাৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে প্ৰতিৰক্ষা বিভাগৰ সূত্ৰ অনুসৰি, প্ৰায় ২০০ চীনা সেনাই যোৱা সপ্তাহত অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল। আনকি পুনৰ পিএলএৰ সৈন্যসকলে ভাৰতীয় সেনাৰ সৈতে বিবাদত লিপ্ত হৈছিল। অৱশ্যে পাছত তেওঁলোক প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা পিছুৱাই যায়।
Met Chief of the Army Staff, General Manoj Mukund Naravane on the sidelines of #IndiaTodayConclave in New Delhi.@adgpi pic.twitter.com/jJvbETYtTG
— Himanta Biswa Sarma (@himantabiswa) October 9, 2021