নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ দিনৰ মাৰাথন জেৰাৰ অন্তত ডাঃ নৱনীল বৰুৱাক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: ডাঃ নৱনীল বৰুৱাক গ্ৰেপ্তাৰ। তিনিদিনৰ মাৰাথন জেৰাৰ অন্তত খন্তেক সময়ৰ পূৰ্বে নৱনীল বৰুৱাক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। জামিনযোগ্য ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে নৱনীল বৰুৱাক।

উল্লেখ্য যে ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে।

ইফালে আজি তৃতীয় দিনাৰ বাবে জি এন আৰ চিৰ চিকিৎসক নৱনীল বৰুৱাক দিছপুৰ আৰক্ষীয়ে দীঘলীয়া সময় জেৰা কৰে৷ শুকুৰবাৰে প্রায় ১২ ঘণ্টা ধৰি জেৰা কৰা চিকিৎসক বৰুৱাক পাছত জি এম চি এইচত স্বাস্থ্য পৰীক্ষা কৰোৱাই ঘৰলৈ যাব দিয়া হৈছে৷ শনিবাৰে পুনৰ ৰান এণ্ড হিট গোচৰ সন্দর্ভত জেৰা কৰে জি এন আৰ চিৰ চিকিৎসকগৰাকীক৷

You might also like