আফ্রিকাৰ কংগো নদীত শোকাৱহ ফেৰী দুর্ঘটনা; শতাধিক যাত্রীৰ প্রাণহানি
নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ আফ্রিকান ৰাষ্ট্র কংগো গণতান্ত্রিক গণৰাজ্য (ডিআৰচি)ত শোকাৱহ ফেৰী দুর্ঘটনাত শতাধিক লোকৰ মৃত্যু হৈছে৷ দেশখনৰ কংগো নদীত অত্যধিক যাত্রী কঢ়িয়াই নিয়া ফেৰী এখন ডুব যোৱাৰ ফলত ঘটনাস্থলীতে বহু লোকৰ মৃত্যু হয়৷
দেশখনৰ উত্তৰ–পশ্চিম প্রান্তৰ প্রদেশ মনগালাৰ গৱর্নৰৰ মুখপাত্র নেষ্টৰ মাগবাডোৱে সংবাদ মাধ্যমক জনোৱা অনুসৰি এতিয়ালৈকে ৫১জন লোকৰ মৃত্যু হৈছে৷ সন্ধানহীন হৈ আছে ৬৯গৰাকী লোক৷ এই লোকসকলৰ বাবে উদ্ধাৰ অভিযান চলাই থকা হৈছে যদিও বিগত দুদিন ধৰি উদ্ধাৰকাৰীয়ে এজনো লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷
সংবাদ সংস্থা এ এফ পিৰ প্রতিবেদন অনুসৰি ৩৯গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে৷ স্মর্তব্য যে কংগো নদীত পূর্বেও কেইবাটাও শোকাৱহ ফেৰী দুর্ঘটনা সংঘটিত হৈছে৷