নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধীক কটাক্ষ কৰি নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে । লগতে কয় যে এতিয়া পাকিস্তানক উত্তৰ দিয়া হ’ব সংখ্যালঘু লোকসকলক কিয় তাত নৃশংস অত্যাচাৰ চলোৱা হয় ।
মোদীয়ে আৰু কয় যে সংশোধিত আইনৰ লক্ষ্য হৈছে নাগৰিকত্ব প্ৰদান কৰা আৰু ইয়াক প্রত্যাহাৰ কৰা নহয় ।
ইপিনে পশ্চিমবংগৰ বেলুৰত অনুষ্ঠিত এই সভাত ভাষণ প্ৰসংগত মোদীয়ে লগতে কয় স্বাধীনতাৰ পিছত মহাত্মা গান্ধী আৰু সেইসময়ৰ নেতাসকলে বিশ্বাস কৰিছিল যে পাকিস্তানৰ নিপীড়িত ধর্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা উচিত ।
PM Modi: I repeat again, Citizenship act is not to revoke anyone’s citizenship, but it is to give citizenship. After independence, Mahatma Gandhi ji and other big leaders of the time all believed that India should give citizenship to persecuted religious minorities of Pakistan pic.twitter.com/UFyC0MsnDe
— ANI (@ANI) January 12, 2020
ইপিনে নাগৰিকত্ব আইন বলবৎ হ’লেও কেন্দ্রই উত্তৰ-পূর্বৰ পৰিচয়, জনসংখ্যা আৰু সংস্কৃতি ৰক্ষাৰ বাবে দৃষ্টি ৰাখিব বুলিও তেওঁ মন্তব্য কৰে ।
মোদীয়ে কয় যে উত্তৰ-পূব আমাৰ গৌৰৱ । কা’ই পৰিচয়, জনসংখ্যা আৰু সংস্কৃতিৰ ক্ষেত্ৰত কোনো প্ৰতিকূল প্ৰভাৱ নেপেলায় । কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে সকলো ব্যৱস্থা হাতত লৈছে ।
উল্লেখ্য যে নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।