নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ অসমত ক’ৰোনাৰ তৃতীয় ঢ়ৌ আহিলে সমাজখন শেষ হৈ যাব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি ভৱানীপুৰত উপ–নির্বাচনৰ প্রচাৰ অভিযানৰ মাজতেই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক’ভিডে ইতিমধ্যে দেশৰ বহুত ক্ষতি কৰিলে৷ তৃতীয়বাৰৰ বাবে যদি অসমত ক’ভিড আহে, স্কুল–কলেজ আদি যদি বন্ধ হয় সমাজখন শেষ হৈ যাব৷ ক’ভিডে ৰিক্সাচালক, ঠেলাচালক, অট’ৰিক্সা চালক, ক্ষুদ্র ব্যৱসায়ীসকলক আটাইতকৈ বেছি ক্ষতি কৰে৷ সেয়ে তেওঁ জনসাধাৰণক ক’ভিডৰ ভেকচিন ল’বলৈ আহ্বান জনাই কয় যে বহুতে ক’ভিড পৰিস্থিতি উন্নত হৈছে বুলি ভাবি দ্বিতীয়টো ভেকচিন লোৱাৰ পৰা বিৰত থাকে৷ তেনে কৰা উচিত নহয়৷ প্রত্যেক ব্যক্তিকে ক’ভিডৰ দুয়োটা ভেকচিন ল’বলৈ তেওঁ আহ্বান জনায়৷ ক’ভিডৰ দ্বিতীয় ঢ়ৌৰ সময়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে যোৱাবাৰ পূজা হ’ল, নির্বাচনো হ’ল৷ কিন্তু এপ্রিল মাহৰ বিহুৰ পাছতে ক’ভিড আহিল৷ সেয়ে তেওঁ সকলোকে ভেকচিন লোৱাৰ লগতে এইক্ষেত্রত সজাগ–সচেতন হৈ থাকিবলৈ আহ্বান জনায়৷
ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই আজি সংবাদ মাধ্যমৰ আগত কয় যে শাৰদীয় দুর্গোৎসৱৰ পাছত ক’ভিড আক্রান্তৰ সংখ্যা কিছু বাঢ়িছে৷ এই বৃদ্ধি এতিয়ালৈ এলার্মিং নহয় যদিও সংখ্যা বাঢ়িছে৷ এয়া পূজাৰ সময়ত হোৱা জনসমাগমৰ বাবেও হ’ব পাৰে৷ সেয়ে তেওঁ জনসাধাৰণক মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়৷ যোৱা ১০ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ কামৰূপ মহানগৰ জিলাত ১,৮৭০গৰাকী, যোৰহাটত ২১৮গৰাকী, বৰপেটাত ১৫০গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ এই সংখ্যা যদি বেছি বৃদ্ধি পায়, চৰকাৰে নিশ্চিতভাৱে পদক্ষেপ গ্রহণ কৰিব৷
ইতিমধ্যে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই সেই বিষয়ে প্রকাশো কৰিছে৷ সেইদৰে ক’ভিডত আক্রান্ত হোৱা লোকসকল কমেও ছমাহলৈ সাৱধানে থকাৰ পৰামর্শ দি তেওঁ কয় যে ক’ভিড নিগেটিভ হোৱাৰ পাছত কিছুমানে ১০ দিন বিশ্রাম লৈয়ে চাইকেল চলোৱা, খোজকঢ়া, ব্যায়াম কৰা আৰম্ভ কৰে৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই কৈছে ক’ভিডত আক্রান্ত হোৱাৰ পাছত ২২১টা নতুন নতুন ছিণ্টম আহিব পাৰে৷ সেয়ে তেওঁলোকে কমেও ছমাহ নিয়মিত চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত বুলি ডাঃ শর্মাই মন্তব্য কৰে৷
বুধবাৰে ৰাজ্যত ক’ভিডত আক্রান্ত ৩০৮, মৃত্যু ১
অসমৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্রণাধীন যদিও সংক্রমণ অব্যাহত আছে৷ বুধবাৰৰ দিনটোতো ৰাজ্যখনত ৩০৮গৰাকী লোক ক’ভিডত আক্রান্ত হোৱাৰ লগতে এজন লোকৰ মৃত্যু হয়৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি, বুধবাৰে ৰাজ্যখনত মুঠ ৩৯,৬৫৪গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয়৷ ইয়াৰে ৩০৮গৰাকীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ আজি আক্রান্তসকলৰ ভিতৰত কামৰূপ (মেট্র’)ৰ ১০৯গৰাকী, শোণিতপুৰৰ ২৪গৰাকী, বৰপেটা–লখিমপুৰৰ্ ২২গৰাকী, কামৰূপৰ ১৭গৰাকী, নলবাৰীৰ ১৪গৰাকী, যোৰহাট–নগাঁৱৰ ১৩গৰাকী, গোলাঘাটৰ ১২গৰাকী লোক আছে৷ সুস্থতাৰ ৯৮.৪২ শতাংশ৷ আনহাতে, আজি ক’ভিডত আক্রান্ত হৈ যোৰহাটৰ এজন লোকৰ মৃত্যু ঘটে৷