লিউকেমিয়াত আক্রান্ত সাগৰে ঘূৰাই পালে নতুন জীৱন-দৃষ্টি
নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ এটি কণমানি শিশু । নাম সাগৰ দৰ্জী । পখিলা খেদা বয়সতে দুৰ্ভগীয়া এই কণমানি শিশুটি আক্ৰান্ত হয় এক জটিল ৰোগত । বয়স তেতিয়া ৪ বছৰ । একিউট মায়েলয়ড লিউকেমিয়াত আক্ৰান্ত শিশুটিৰ দুয়োটা চকু সাংঘাতিক ধৰণে ফুলি উঠাৰ লগতে তেজ জমা হৈ বাহিৰলৈ ওলাই আহিছিল । ২০১৬ চনত শিশুটিৰ এই অৱস্থাত কিংকৰ্তব্যমূঢ় হৈ পৰে পিতৃ প্রকাশ দর্জী আৰু মাতৃ কুসুম দর্জী৷
আর্থিকভাৱে দুর্বল পৰিয়ালটোক শিশুটিৰ চিকিৎসাৰ বাবে প্রয়োজন হৈছিল যথেষ্ট ধনৰ৷ সেই সময়তে শিশুটিৰ দুর্ভগীয়া পৰিয়ালটোলৈ সহায়ৰ হাত আগবঢ়ায় ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দুৰাৰোগ্য ৰোগত আক্রান্ত শিশুটিৰ বিষয়ে গম পোৱাৰ লগে লগে মন্ত্রী ড০ শর্মাই সাগৰৰ চিকিৎসাৰ বাবে গ্রহণ কৰে বিশেষ উদ্যোগ৷
বাংগালুৰুলৈ শিশুটিক উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰাৰ ক্ষেত্রত তেওঁ আগভাগ লয়৷ চৰকাৰী খৰচত শিশুটিক লিউকেমিয়াৰ কেম’থেৰাপীৰ বাবে প্রেৰণ কৰা হয় বাংগালুৰুৰ এখন হাস্পতাললৈ৷ সেই সময়তে শিশুটিৰ এই পৰিস্থিতিৰ কথা গম পাই সহায় কৰিবলৈ আগবাঢ়ি আহে ভাৰতীয় মূলৰ এগৰাকী ব্রিটিছ ইনভেষ্টমেণ্ট বেংকাৰ৷ নাম তেওঁৰ নীতা শিৱ৷ শিশুটিৰ জটিল অস্ত্রোপচাৰৰ বাবে প্রয়োজন হোৱা বৃহৎ পৰিমাণৰ ধনৰাশিৰ এটা গুৰুত্বপূর্ণ অংশ বহন কৰে নীতা শিৱই৷ তেওঁ শিশুটিৰ চিকিৎসাৰ বাবে ব্যয় কৰে ৩,৫০০ ইউৰো৷
ইপিনে কর্নিয়া পুনৰ সংস্থাপনকে ধৰি কেইবাটাও জটিল অস্ত্রোপচাৰৰ বাবে শিশুটিৰ চিকিৎসাৰ বাবে মুঠ ব্যয় হয় ২৫ হাজাৰ ইউৰো৷ ইয়াৰে অধিকাংশই ব্যয় কৰিছে চৰকাৰে৷ চিকিৎসকৰ নিৰলস প্রচেষ্টা আৰু অশেষ শুভাকাংক্ষীৰ প্রার্থনাত তিনিবছৰীয়া দীঘলীয়া চিকিৎসাৰ অন্তত সম্পূর্ণ সুস্থ শিশুটি এতিয়া ৰোগমুক্ত৷ নতুন জীৱন পোৱা বর্তমান সাগৰৰ বয়স ৭ বছৰ৷ দুৰাৰোগ্য ৰোগত আক্রান্ত হোৱাৰ সময়ত দুয়োটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলোৱা সাগৰে এতিয়া চাব পাৰে পৃথিৱীখন৷ আন শিশুৰ দৰেই কৰিব পাৰে পঢ়া–শুনা, খেলা–ধূলা৷
উল্লেখ্য যে শিশুটিৰ এই জটিল ৰোগৰ চিকিৎসা কৰিছিল ডাঃ সুনীল ভাটে৷ চিকিৎসাৰ সময়ছোৱাত একিউট মায়েলয়ড লিউকেমিয়াত আক্রান্ত শিশুটিৰ চকুৰ ক্ষতিসাধন কৰা তেজৰ কোষসমূহ ডায়েগনিষ্ট কৰা হয়৷ একে সময়তে শিশুটিৰ মেৰুমজ্জাৰ পুনৰ সংস্থাপনো কৰা হয়৷ সাগৰৰ জ্যেষ্ঠ ভগ্ণী ইভা দেৱীৰ মেৰুমজ্জাৰে সম্পন্ন কৰা হৈছিল পুনৰ সংস্থাপনৰ অস্ত্রোপচাৰ৷ সাগৰৰ দৃষ্টিশক্তি হায়দৰাবাদৰ এল ভি প্রসাদ হাস্পতালত পুনৰ ঘূৰাই আনে ব্রিটিছ চার্জন কেন নিছকেল আৰু ভাৰতীয় চার্জন ৰামাপ্পা মুৰুলীধৰে৷ শিশুটি সম্পূর্ণৰূপে সুস্থ হৈ পৰাত আনন্দিত হৈছে মন্ত্রী ড০ শর্মা৷
My faith in miracles is reaffirmed, as Sagar completely recovers from a bizarre condition of leukemia which caused his eyes to pop out.
My gratitude to Neetha Shiva who helped in his treatment.
Overjoyed to see kid play & study like a normal kid. https://t.co/Rtf2BFeXdy
— Himanta Biswa Sarma (@himantabiswa) January 11, 2020
সাগৰৰ সুস্থতা সম্পর্কে অৱগত হোৱাৰ পাছতে মন্ত্রী ড০ শর্মাই টুইটাৰযোগে প্রতিক্রিয়া প্রকাশ কৰি কয়– ‘চমৎকাৰিতাৰ ওপৰত থকা মোৰ বিশ্বাস পুনৰ এবাৰ প্রতিষ্ঠা হ’ল৷ দুৰাৰোগ্য লিউকেমিয়াত আক্রান্ত হৈ দুয়োটা চকু ওলাই অহা সাগৰ সম্পূর্ণৰূপে সুস্থ হ’ল৷ শিশুটিৰ চিকিৎসাত সহায় কৰা নীতা শিৱলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ আন শিশুৰ দৰে খেলিব তথা পঢ়া–শুনা কৰিব পৰা হোৱা দেখি অত্যন্ত আনন্দিত হৈছোঁ৷’
ইপিনে শিশুটিৰ চিকিৎসাৰ ক্ষেত্রত আগভাগ লোৱাৰ বাবে মন্ত্রী ড০ শর্মাৰ শলাগ লৈছে ব্রিটিছ ইনভেষ্টমেণ্ট বেংকাৰ নীতা শিৱই৷ টুইটাৰত নীতা শিৱই কয়– ‘সাগৰৰ চিকিৎসাৰ ক্ষেত্রত আগবঢ়োৱা সহায় আৰু সমর্থনৰ বাবে আপোনাৰ ওচৰত কৃতজ্ঞ৷ এনেকুৱা এটা সময় নাই, যেতিয়া আপুনি আমাৰ বার্তাৰ উত্তৰ দিয়া নাই৷ আমি সঁচাকৈয়ে আপোনাৰ ওচৰত কৃতজ্ঞ৷’ টুইটাৰত এনে মন্তব্যৰ পাছতে সাগৰৰ চিকিৎসাৰ ক্ষেত্রত আগভাগ লোৱা মন্ত্রী ড০ শর্মাৰ মানৱীয়াতৰ বিষয়টোৱে দেশজুৰি চর্চা লাভ কৰিছে৷ মন্ত্রী ড০ শর্মাৰ এনে ভূমিকা উচ্চ প্রশংসা কৰিছে বিভিন্নজনে৷ একে সময়তে শিশুটি পুনৰ সুস্থ হৈ পৰাত উৎফুল্লিত হৈ পৰিছে ব্রিটিছ ইনভেষ্টমেণ্ট বেংকাৰ নীতা শিৱই৷
সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে সাগৰে কেতিয়াও যন্ত্রণাৰ মাজতো হাঁহিবলৈ পাহৰা নাছিল৷ অতি বুদ্ধিমত্তাৰে শিশুটিয়ে জীৱন উপভোগ কৰিছিল৷ শিশুটিৰ সন্মুখত যে এটা উজ্জ্বল ভৱিষ্যৎ ৰৈ আছে, তাক লৈ কোনো সন্দেহ নাই৷ ইপিনে শিশুটি সুস্থ হৈ উঠাত অত্যন্ত আনন্দিত হৈ পৰিছে পিতৃ–মাতৃ প্রকাশ আৰু কুসুম৷ সাগৰৰ চিকিৎসাৰ ক্ষেত্রত আগবাঢ়ি আহি ড০ শর্মাই প্রদর্শন কৰা মহানুভৱতাৰ শলাগ লৈছে তেওঁলোকে৷ লগতে নীতা শিৱকো ধন্যবাদ জ্ঞাপন কৰিছে দুয়োৱে৷ সংবাদ মাধ্যমৰ আগত প্রকাশ দর্জীয়ে কয়– ‘প্রাথমিক অৱস্থাত প্রতিগৰাকী চিকিৎসকে কৈছিল যে শিশুটিয়ে স্বাভাৱিক অৱস্থা ঘূৰাই নাপাব৷ কিন্তু সেই সময়তো অকণো আশা এৰি দিয়া নাছিল নীতা শিৱই৷ তেওঁ আমাৰ সৈতে পৰিয়ালৰ দৰে থাকি সকলো সময়তে সহায় কৰিছিল৷ তেওঁৰ ওচৰত আমি চিৰঋণী৷ প্রতিগৰাকী চিকিৎসকলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷’