নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত মূৰ্কংচেলেক খণ্ড উন্নয়নৰ বিষয়াৰ কাৰ্যলয়ত দুৰ্নীতি অভিযোগ তুলি যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ জোনাইৰ মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পঞ্চায়ত সমূহত MGNREGA ৰ অধীনত চলি থকা বিভিন্ন আচঁনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱা বুলি অভিযোগ তুলি AJYCPৰ জোনাই আৰু চিমেন চাপৰি আঞ্চলিক সমিতিয়ে দুঘণ্টীয়া এক অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে৷ মূৰ্কংচেলেক খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যলয়ত পুৱা ১২ বজাৰ পৰা শতাধিক ছাত্ৰ কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড লৈ শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে ধৰ্মঘটথলী৷

বিশেষকৈ এই মূৰ্কংচেলেক খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যলয়লৈ মেটেৰিয়িল বিলৰ নামত প্ৰায়  ৯ কোটি ৬০ লাখ টকা আৱণ্টন দিয়া হৈছে৷ এই বৃহৎ পৰিমাণৰ ধন যোৱা কিছুদিনত আগতে বিভিন্ন পঞ্চায়ত চলি থকা MGNREGAৰ আচঁনিৰ কামৰ বাবদত মোকলাই দিয়ে৷ কিন্ত এই বৃহৎ পৰিমাণৰ ধন নূন্যতম মাত্ৰ কাম কৰা আচঁনিৰ বাবে উলিয়াই দিয়া বুলি অভিযোগ তুলিছে AJYCPৰ জোনাই আঞ্চলিক সমিতিয়ে৷ যি সময়ত চৰকাৰে বিভিন্ন বিভাগত  চলি থকা দুৰ্নীতি, অনিয়মৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ সময়তে জোনাইৰ মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়াৰ অৰ্ন্তগত পঞ্চায়ত সমূহত ব্যাপক দুৰ্নীতি, অনিয়ম হোৱাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ নোলোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে AJYCPৰ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মাই৷ মূৰ্কংচেলেক খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত সংঘটিত ৯ কোটি ৬০লাখ টকাৰ যি দুৰ্নীতি, অনিয়ম হৈছে তাৰ এক উচিত তদন্ত কৰি যি সকল বিষয়াৰ ইয়াৰ লগত জড়িত সকলোকে দৃষ্টান্ত মূলক শাস্তিৰ দাবী জনায়৷

আজিৰ ধৰ্মঘট কাৰ্যসূচীৰ পৰাই মূৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডত Material ৰ নামত অহা প্রায় ১ কোটি ৬০ লাখ টকাৰ যি দুর্নীতিৰ দণ্ডাদীশ পৰ্য্যায়ৰ তদন্তৰ দাবী, মূৰ্কংচেলেক জনজাতি ও উন্নয়ন কার্যালয়ৰ অন্তৰ্গত পঞ্চায়ত সমূহত MGNREGA আঁচনি ৰূপায়নৰ নামত নুন্যতম মাত্ৰ আঁচনিৰ কাম কৰি Material ৰ নামত লাখ লাখ টাকা উলিয়াই আত্মসাৎ কৰাৰ তদন্ত, Material ৰ বিলৰ নামত যি সমূহ Vendor ক আঁচনিৰ ধন মুকলাই দিয়া হৈছে তাৰ প্ৰায় ভাগেই অস্তিত্ব বিহীন আৰু ভুৱা, যাৰ ফলত চৰকাৰে লাখ লাখ টকা চৰকাৰী ৰাজহ হেৰুৱাৰ উপক্রম হৈছে।

উক্ত ভেন্দৰসমূহৰ ওপৰত ৰাজহ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰি দোষীব্যক্তিসকলৰ শাস্তিৰ প্ৰদানৰ দাবী, মূৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ অধীনত থকা বিভিন্ন পঞ্চায়তৰ কনিষ্ট অভিযন্তা (JE) সকলে আঁচনি সমূহৰ কোনো ক্ষেত্ৰ পৰিদৰ্শন নকৰাকৈ বিল সমূহ আদায় দিয়া দেখা গৈছে। ফলত আঁচনি সমূহৰ বন অপব্যয় হৈছে। গতিকে কোনো আঁচনিৰ কাম নকৰাকৈ ধন মুকলাই দিয়া কনিষ্ঠ অভিযন্তা সকলক অতিশীঘ্ৰে নিলম্বন কৰি বিহিত ব্যবস্থা গ্ৰহণৰ দাবী, আৰু চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰা খণ্ড উন্নয়ন বিষয়, কনিষ্ঠ অভি (JE) সকল ওপৰত দণ্ডাধীশ পৰ্য্যায়ৰ তদন্ত কৰি উক্ত কাৰ্যৰ লগত জড়িত দোষী বিষয়া-কৰ্মচাৰী সকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তি প্রদান কৰাৰ পাচটি দাবী সম্বলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকা, সম্পাদক ৰত্নেশ্বৰ মিৰিৰ স্বাক্ষৰিত স্মাৰক পত্ৰ জোনাই মহকুমাধিপতিক আৰু প্ৰতিলিপি ধেমাজি জিলা উপায়ুক্ত, আৰু জিলা ৰাজহ আয়কৰ বিষয়া, ধেমাজিলৈ প্ৰেৰণ কৰে৷

You might also like