বৃদ্ধ দম্পতীক মাটি–সম্পত্তিৰ বাবে হত্যাৰ সন্দেহ ‘বিশ্বাসী’ কেয়াৰটেকাৰৰ
নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতে গুৱাহাটীত সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ হত্যাকাণ্ড৷ পশ্চিম বৰাগাঁৱৰ আন্তিমা গুপ্তাৰ হত্যাকাণ্ডৰ চাঞ্চল্যৰ হত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটন নৌহওঁতেই বেলতলাৰ চন্দন নগৰত যোৱানিশা সংঘটিত হয় আন এক লোমহর্ষক হত্যাকাণ্ড৷ চন্দন নগৰৰ গৃহ নং–১ত সোমবাৰে নিশা শোৱাপাটীতে ননীগোপাল বৰুৱা (৮৭) আৰু মীনা বৰুৱা (৬৭) নামৰ এক বৃদ্ধ দম্পতীক নৃশংসভাৱে হত্যা কৰে দুর্বৃত্তই৷ আজি পুৱা প্রায় ৭.৩০ বজাত এই ঘটনা পোহৰলৈ অহাৰ পিছতেই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ বেলতলাৰ চন্দন নগৰত কেন্দ্রীয় চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অৱসৰপ্রাপ্ত সঞ্চালক ননীগোপাল বৰুৱা আৰু পত্নী অৱসৰপ্রাপ্ত শিক্ষয়িত্রী মীনা বৰুৱাই বসবাস কৰি আছিল৷
প্রাপ্ত তথ্য অনুসৰি, বিগত ১৮–২০ বছৰ ধৰি তেওঁলোকৰ কেয়াৰটেকাৰ হিচাপে একেটা চৌহদতে আছিল আকাশ চৌধুৰী আৰু তেওঁৰ পত্নী পুতু দাস৷ কেয়াৰটেকাৰ আকাশ চৌধুৰী আৰু তেওঁৰ পত্নীয়ে আন দিনাৰ দৰে আজিও কাষতে থকা ননীগোপাল বৰুৱা আৰু মীনা বৰুৱালৈ পুৱাৰ আহাৰ প্রস্তুত কৰিবলৈ গৈ কেইবাবাৰো ককা–আইতা বুলি মতাৰ পিছতো কোনো সঁহাৰি নোপোৱাত তেওঁলোকে বাথৰুমৰ দুৱাৰেদি ভিতৰত প্রৱেশ কৰি বিছনাত তেজেৰে লুতুৰি–পুতুৰি অৱস্থাত দুয়োকে প্রত্যক্ষ কৰে৷ ইয়াৰ পিছতে ঘটনাৰ বিষয়ে আৰক্ষী আৰু স্থানীয় লোকক অৱগত কৰে৷ আৰক্ষী অহাৰ পূর্বে ননীগোপাল বৰুৱাৰ বাসগৃহত স্থানীয় লোক উপস্থিত হৈ বৃদ্ধ দম্পতীটোক মৃত অৱস্থাত প্রত্যক্ষ কৰি হতচকিত হৈ পৰে৷
ঘটনাস্থলীত মহানগৰ আৰক্ষী আয়ুক্ত, যুটীয়া আৰক্ষী আয়ুক্ত, দিছপুৰ থানাৰ আৰক্ষী, চি আই ডি, ফৰেনছিক, অপৰাধ অনুসন্ধান শাখাৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ প্রাথমিক তদন্তৰ অন্তত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই কেয়াৰটেকাৰ আকাশ চৌধুৰী আৰু তেওঁৰ পত্নী পুতু দাসক আটক কৰি সোধা–পোছাৰ বাবে দিছপুৰ থানালৈ আনে৷ মহানগৰ আৰক্ষীৰ কেইবাঘণ্টাজোৰা জেৰাৰ অন্তত আকাশৰ স্বীকাৰোক্তি আৰু ম’বাইল ফোনৰ তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই পাথৰকোৱেৰীৰ পৰা জনৈক সিং উপাধিৰ এজন লোকক আটক কৰে৷ সম্প্রতি আৰক্ষীয়ে তিনিওজনকে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷
বেলতলাৰ বৃদ্ধ দম্পতীক নৃশংস হত্যাকাণ্ড মাটি–সম্পত্তিৰ বাবেই হোৱা বুলি মহানগৰ আৰক্ষীৰ এক শীর্ষসূত্রই সদৰী কৰিছে৷ এয়া ডকাইতিৰ ঘটনা নহয় বুলি সূত্রটোৱে স্পষ্ট কৰি দিয়ে৷ দুর্বৃত্তই বৃদ্ধ দম্পতীক হত্যা কৰি ঘটনাটো ডকাইতিৰ ৰূপ দিয়াৰ বাবে বাসগৃহৰ ভিতৰৰ বস্তু–বাহানি লণ্ডভণ্ড কৰি থৈ যায়৷ কিন্তু দুর্বৃত্তৰ দলটোৱে বৃদ্ধ দম্পতীটোৰ বাসগৃহৰ পৰা সোণৰ আ–লংকাৰ আৰু টকা–পইচা লৈ যোৱা নাই৷
আনকি দম্পতীটোৰ হাতত থকা হীৰা আৰু সোণৰ আঙঠিও দুর্বৃত্তৰ দলটোৱে লৈ যোৱা নাছিল৷ কিন্তু গডৰেজৰ লকাৰ খুলি মাটিৰ কাগজ–পত্রকে ধৰি অন্যান্য গুৰুত্বপূর্ণ নথিপত্র লৈ যায় বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ হত্যাকাণ্ডক অন্য ৰূপ দিয়াৰ বাবে দুর্বৃত্তই বাসগৃহৰ ভিতৰৰ পৰা গ্রীল কাটি বাহিৰলৈ ওলাই গৈছিল৷ কিন্তু হত্যাকাৰী ভিতৰত প্রৱেশ কৰাৰ কোনো তথ্য আৰক্ষীয়ে লাভ কৰা নাই৷ গতিকে হত্যাকাৰী পূর্বৰে পৰা বাসগৃহৰ ভিতৰতে আছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ আৰক্ষীয়ে এই নৃশংস হত্যাকাণ্ডৰ কেইবাটাও ক্লু লাভ কৰিছে যদিও তদন্তৰ খাতিৰত কোনো তথ্য প্রকাশ কৰা নাই৷