নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মমতা বেনার্জী–ৰাহুল গান্ধীক প্রত্যাহ্বান অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ তিনিটা দিনৰ পাছত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেওবাৰে তৃণমূল কংগ্রেছ আৰু কংগ্রেছক তীব্র সমালোচনা কৰে৷

গৃহমন্ত্রী শ্বাহে ‘কা’ক কেন্দ্র কৰি দেশক বিপথে পৰিচালিত কৰা হ’ব গুৰুতৰ অভিযোগ তুলি মমতা বেনার্জী আৰু ৰাহুল গান্ধীক প্রত্যাহ্বান জনাই কয় যে নাগৰিকত্ব সংশোধনী আইনৰ এনে এটা বিধি দেখুৱাওক, যি কাৰোবাৰ নাগৰিকত্ব কাঢ়ি নিব পাৰে৷

গৃহমন্ত্রী শ্বাহে মধ্যপ্রদেশৰ জব্বলপুৰত ‘কা’ৰ সমর্থনত বিজেপিৰ এক বিশাল জনসমাৱেশত কয়– ‘মই মমতা বেনার্জী আৰু ৰাহুল বাবাক প্রত্যাহ্বান জনাইছোঁ, তেওঁলোকে ‘কা’ৰ এটা বিধি দেখুৱাই দিয়ক, যি বিধিয়ে দেশৰ কাৰোবাৰ নাগৰিকত্ব কাঢ়ি নিব পাৰে৷’ তেওঁ আৰু কয় যে বাংলাদেশ আৰু পাকিস্তানত বাস কৰা হিন্দু, শিখ, পার্চী, জৈন ধর্মৰ লোকসকল ভাৰতলৈ আহিবলৈ বিচাৰে৷ আমাৰ নেতাসকলে এই লোকসকলক নিশ্চয়তা দি কৈছে যে তেওঁলোকক ‘কা’ৰ জৰিয়তে ভাৰতলৈ অনা হ’ব৷ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে এক তথ্য দেখুৱাই কয় যে পাকিস্তানত ১৯৪৭ চনত সংখ্যালঘু লোকৰ সংখ্যা ৩০ শতাংশৰ পৰা বর্তমান ৩ শতাংশলৈ হ্রাস পাইছে৷

You might also like