জলবায়ু পৰিৱর্তনৰে মোকাবিলা কৰিবলৈ হাতে–কামে লগা বিশ্বৰ একমাত্র দেশ ভাৰত
গ্লাছগ’ৰ ক’প–২৬ সন্মিলনত প্রধানমন্ত্রী মোদীৰ ঐতিহাসিক ভাষণ
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ ৰাষ্ট্রসংঘৰ ক’প–২৬ সন্মিলনত বিশ্ব নেতৃত্বৰ সন্মুখত জলবায়ু পৰিৱর্তনৰ বাবে কেইবাটাও গুৰুত্বপূর্ণ মন্ত্র আগবঢ়ায় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত ক’প–২৬ সন্মিলনত ঐতিহাসিক ভাষণ আগবঢ়াই প্রধানমন্ত্রী মোদীয়ে কয়– ৰাষ্ট্রসংঘৰ পেৰিছ চুক্তিৰ অধীনত জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰিবলৈ হাতে–কামে প্রতিশ্রুতিবদ্ধ বিশ্বৰ একমাত্র দেশ ভাৰত৷ জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে গ্রহণ কৰা কেইবাটাও পৰিকল্পনাৰ লগতে মন্ত্রৰ বিষয়ে বিশ্ব নেতৃত্বক অৱগত কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ২০৩০ চনৰ ভিতৰত ভাৰতৰ মুঠ কার্বন নিগর্মনৰ ভিতৰত এক বিলিয়ন টন কার্বন নির্গমন হ্রাস কৰিব৷ তদুপৰি ২০৭০ চনৰ ভিতৰত ভাৰতে শূন্য কার্বন নির্গমন দেশ হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ তেনেদৰে ২০৩০ চনৰ ভিতৰত জীৱাশ্মবিহীন ইন্ধন শক্তি ৫০০ জিগাৱাট উৎপাদন বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে বুলিও প্রধানমন্ত্রী মোদীয়ে ভাষণত উল্লেখ কৰে৷
বিশ্ব নেতৃত্বক ভাৰতীয় সংস্কৃতিৰ দ্বাৰা অনুপ্রাণিত কৰিবৰ কাৰণে নতুন মন্ত্র ‘লাইফ’ৰ প্রসংগ উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে৷ প্রধানমন্ত্রীগৰাকীয়ে কয় যে বিশ্বৰ বহনক্ষম বিকাশৰ কাৰণে নতুন মন্ত্র লাইফ (লাইফ ষ্টাইল ফৰ এনভাইৰ’নমেণ্ট) অতি প্রাসংগিক হ’ব৷ মহাত্মা গান্ধীয়ে শিকাই যোৱা প্রকৃতিৰ সৈতে শান্তিপূর্ণ বাতাৱৰণ গঢ়াৰ যি আদর্শ, সেই আদর্শৰে বিশ্বই আগবাঢ়ি যাব লাগিব বুলিও কয় প্রধানমন্ত্রীগৰাকীয়্৷ গ্লাছগ’ত ভাষণ দি থকাৰ সময়তে প্রধানমন্ত্রী মোদীয়ে ক্ষুদ্র দ্বীপ ৰাষ্ট্রসমূহত আন্তঃগাঁথনি বিকাশৰ কাৰণে আইৰিছ (ইনিচিয়েটিভ ফৰ দ্য ৰিচাইলেণ্ড আইলেণ্ড ষ্টেটছ) মুকলি কৰে৷ আইৰিছ মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ই নতুন আশা, নতুন বিশ্বাস৷
বিশ্বৰ অতি দুর্দশাগ্রস্ত দেশসমূহৰ কাৰণে কিবা কৰাটোৱে সন্তুষ্টি দিয়ে৷ গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছন, অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন আৰু ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টি’ গুটেৰেছৰ সৈতে আইৰিছ মুকলি কৰা প্রধানমন্ত্রী মোদীয়ে কয়– জলবায়ু পৰিৱর্তন এক বৃহৎ ভাবুকি৷ বিগত কেইবা দশক ধৰি ইয়াৰ নেতিবাচক প্রভাৱ নপৰা কোনো অঞ্চল নাই৷ ক্ষুদ্র দ্বীপৰ উন্নয়নশীল ৰাষ্ট্রসমূহো জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱৰ সন্মুখীন হৈছে৷ আইৰিছৰ জৰিয়তে ভাৰতে ইছৰোৰ দ্বাৰা বিশেষ ডাটা উইনড’ নির্মাণ কৰিব, যাৰ দ্বাৰা ক্ষুদ্র দ্বীপসমূহৰ বিভিন্ন তথ্য আহৰণ কৰিব পৰা যাব৷ মন কৰিবলগীয়া যে গ্লাছগ’ত প্রধানমন্ত্রী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিকে ধৰি বিভিন্ন দেশৰ মুৰব্বীৰ সৈতে বার্তালাপ কৰে৷