ইজৰাইলত আপুনি অতি জনপ্রিয় ব্যক্তি, আমাৰ পার্টীত যোগ দিয়ক
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ গ্লাছগোত ইজৰাইলৰ প্রধানমন্ত্রী নাফতালি বেনেটৰ সৈতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এক বৈঠকত মিলিত হয়৷ ক’প–২৬ জলবায়ু সন্মিলনৰ সময়তে প্রধানমন্ত্রী মোদীয়ে ইজৰাইলৰ প্রধানমন্ত্রীৰ সৈতে প্রথমখন বৈঠকত মিলিত হয়৷ দুয়োগৰাকী প্রধানমন্ত্রীয়ে এই বৈঠকত দুই দেশৰ মাজৰ সম্পর্ক অধিক উন্নত কৰাত গুৰুত্ব আৰোপ কৰে৷
এই বৈঠকত ইজৰাইলৰ প্রধানমন্ত্রীগৰাকীয়ে প্রধানমন্ত্রী মোদীক কয়– ইজৰাইলত আপুনি অতি জনপ্রিয় ব্যক্তি৷ আহক আৰু আমাৰ পার্টীত যোগ দিয়ক৷ প্রধানমন্ত্রী মোদীৰ জনপ্রিয়তা আৰু ব্যক্তিত্বক প্রশংসাৰে ইজৰাইলী প্রধানমন্ত্রীগৰাকীৰ্ এই মন্তব্য হাস্যবদনে প্রকাশ কৰে৷ তদুপৰি ইজৰাইলৰ প্রধানমন্ত্রীগৰাকীয়ে কয়– মই আপোনাক ধন্যবাদ জনাইছোঁ৷ আপুনিয়েই এনে এগৰাকী ব্যক্তি, যিয়ে ভাৰত আৰু ইজৰাইলৰ মাজৰ সম্পর্ক পুনৰ আৰম্ভ কৰিছে৷ দুই ব্যতিক্রমী সভ্যতাৰ মাজত গভীৰ সম্পর্ক গঢ়ি তুলিছে৷ ভাৰতীয় সভ্যতা আৰু ইহুদী সভ্যতাৰ মাজত সম্পর্ক স্থাপনৰ ক্ষেত্রত আপুনি হূদয়েৰে এনে কৰিছে বুলি মই জানো৷ সকলো ইজৰাইলী নাগৰিকৰ হকে মই আপোনাক গভীৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ ইতিহাসত দুয়ো দেশৰ সম্পর্কই নতুন গতি দিব৷ গতিকে, আপোনাক ধন্যবাদ জনাইছোঁ৷