নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত উৎপল দলেৰ মহকুমাধিপতিৰ দায়িত্ব ভাৰ গ্ৰহণ বিদ্যালয় পৰিদৰ্শন: ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময়

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ : ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেয়ে আজি সীমান্তৱৰ্তী জোনাইৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে। জোনাই মহকুমাধিপতিৰ দায়িত্ব ভাৰ গ্ৰহণ কৰি অতিৰিক্ত উপায়ুক্ত উৎপল দলেয়ে জোনাই মহকুমাৰ ঐতিহ্যমণ্ডিত মুৰ্কংচেলেক টাউন হাইস্কুলখন পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলেয়ে বিদ্যালয়ৰখনৰ নৱ আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়- ছাত্ৰাৱস্থাতে জীৱনৰ লক্ষ্য স্থিৰ কৰি লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰমিক কৰিব লাগে। সময়ৰ সদ্ব্যৱহাৰ কৰাৰ লগতে অধ্যয়ন পিপাসু মন জগাই তুলিব লৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। লগতে তেওঁ ম’বাইল ফোন সদ্ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দি কয়- শিক্ষা ল’লেইন নহ’ব, জীৱন পোহৰাই তুলি প্ৰকৃত মানুহ হ’ব পৰা প্ৰকৃতি জ্ঞান আহৰণ কৰিব লাগিব বুলি তাৎপৰ্যভাবে মন্তব্য কৰে। ইয়াৰ পিছত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলেয়ে নৱ নিৰ্মিত জোনাই মহকুমাৰ পুথি ভঁৰাল পৰিদৰ্শনৰ কৰে।

You might also like