অভয়াপুৰীৰ লেংটিছিঙা ৰাজীৱ গান্ধী মেম’ৰিয়েল কলেজত শিশু আৰু মহিলা সম্পৰ্কে আইন সজাগতা সভা
নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী লেংটিছিঙা ৰাজীৱ গান্ধী মেম’ৰিয়েল কলেজত আজি মহাবিদ্যালয়খনৰ আই কিউ এ চিৰ উদ্যোগত আৰু বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত শিশু আৰু মহিলা সম্পৰ্কে আইন সজাগতা সভা অনুষ্ঠিত হয় । বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তৰুণ দে, অধিবক্তা ৰফিজুদ্দিন, স্বেচ্ছাসেৱক জয়শ্ৰী চৌধুৰী, মানসী দত্ত আৰু পূৰৱী দাসে উপস্থিত থাকি শিশু আৰু মহিলা আইনৰ লগতে মটৰ ভেহিকেল এক্টৰ বিষয়ে শিক্ষাৰ্থীসকলক সবিশেষ অবগত কৰোৱাৰ লগতে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত আইনৰ সহায় লৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।