জনসংখ্যা পুৰুষক চেৰ পেলালে মহিলাই
নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ দেশৰ জনসংখ্যা গাঁথনিৰ প্রতিচ্ছবি সলনি হোৱাটো স্পষ্ট হৈছে ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ পঞ্চম সংস্কৰণত৷ প্রথমবাৰৰ বাবে দেশত মহিলাৰ সংখ্যা পুৰুষতকৈ অধিক হোৱাটো ১৯৯২ চনত আৰম্ভ কৰা ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ পঞ্চম সংস্কৰণত প্রকাশ পাইছে৷ ২০১৫–১৬ চনৰ শেহতীয়া সংস্কৰণত প্রতি ১,০০০ পুৰুষৰ বিপৰীতে মহিলা আছিল ৯৯১গৰাকী৷ ইয়াৰ বিপৰীতে ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষা পঞ্চম সংস্কৰণত ১,০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১,০২০গৰাকী৷ ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ তথ্য মতে, দেশৰ অধিকাংশ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলতেই পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি৷ পঞ্চম সংস্কৰণৰ তথ্যত গুজৰাট, মহাৰাষ্ট্র, অৰুণাচল প্রদেশ, হাৰিয়ানা, মধ্যপ্রদেশ, পঞ্জাব আৰু কেন্দ্রীয়শাসিত অঞ্চল জম্মু–কাশ্মীৰ, চণ্ডীগড়, দিল্লী, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদৰ নগৰ হাভেলী আৰু লাডাখত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কম৷ বাকী ৰাজ্যকেইখন আৰু কেন্দ্রীয়শাসিত অঞ্চলত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা বেছি৷ এন এফ এইচ এছৰ তথ্যত এই কথাও স্পষ্টকৈ উল্লেখ কৰা হৈছে যে দেশত জনসংখ্যা সুস্থিৰ হোৱাৰ দিশে৷ দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত মুঠ প্রজননৰ হাৰ নিম্নগামী হৈছে৷ ইপিনে, কেন্দ্রীয় চৰকাৰৰ বিগত বর্ষৰ প্রতিবেদন মতে ভাৰতৰ জনসংখ্যা ২০৩১ চনৰ ভিতৰত চীনক অতিক্রম কৰি বিশ্বৰ সর্বাধিক জনসংখ্যা দেশ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ এন এফ এইচ এছৰ তথ্য মতে কেৰালাত ১,০০০ পুৰুষৰ বিপৰীতে ১,১২১ মহিলা৷ অর্থাৎ কেৰালাত পুৰুষ আৰু মহিলাৰ তুলনাত্মক জনসংখ্যাৰ গাঁথনি অধিক বেছি৷ তাৎপর্যপূর্ণ যে বিগত ৫ বছৰত শিশুৰ জন্মৰ লিংগ অনুপাত নিম্নগামী হৈছে৷ ২০১৫–১৬ চনত ১,০০০ পুৰুষৰ বিপৰীতে ১,০৪৭ মহিলাৰ জন্মগ্রহণ হোৱাৰ বিপৰীতে শেহতীয়া সংস্কৰণত ১,০০০ পুৰুষৰ বিপৰীতে ৯৫১ মহিলাৰ জন্ম হৈছে৷