নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনক লাগে অধিক নিষ্ঠাৱান সৈনিক

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ দেশৰ সেনা বিষয়াসকলক শাসকীয় দলৰ প্রতি সম্পূর্ণ অনুগত কৰি তুলিবলৈ সামৰিক শিক্ষা ব্যৱস্থাত অধিক গুৰুত্ব প্রদান কৰাৰ পোষকতা কৰিছে উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনে৷ আজি দেশখনৰ চৰকাৰী সংবাদ মাধ্যমত সদৰী কৰিছে এই তথ্য৷ উত্তৰ কোৰিয়াৰ সামৰিক শিক্ষাবিদসকলৰ অষ্টম সমাৱেশত এই মন্তব্য কৰে কিমে৷ প্রতিৱেশী দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমে ঘোষণা কৰিছে যে উত্তৰ কোৰিয়াৰ শাসকীয় ৱর্কার্ছ পার্টীৰ প্রতি সেনা বিষয়াসকলক অধিক নিষ্ঠাৱান কৰি তোলাৰ বাবে চিন্তা–চর্চা চলাইছে শীর্ষ নেতা কিম জং–উনে৷ লক্ষণীয়ভাৱে সামৰিক শিক্ষাবিদসকলক দেশৰ গোষ্ঠীৰ প্রতি প্রকৃতার্থত নিষ্ঠাৱান সৈনিক প্রস্তুত কৰি তুলিবলৈ আহ্বান জনাইছে নেতাগৰাকীয়ে৷ স্মর্তব্য যে শাসকীয় ৱর্কার্ছ পার্টীৰ অধীনতে চলি আছে উত্তৰ কোৰিয়াৰ সামৰিক বাহিনী৷ শেহতীয়াকৈ ৰাজধানী পিয়ংয়াঙত সামৰিক শিক্ষাবিদসকলৰ অধিৱেশন অনুষ্ঠিত কৰিছিল শীর্ষ নেতা কিমে৷

You might also like