নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত বিভিন্ন বিভাগত খালী হৈ আছে ৮৯,৭৯৬টা পদ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বর্তমানলৈকে ৮৯,৭৯৬টা পদ খালী হৈ আছে৷ সোমবাৰে সদনত বিধায়ক চিৰাজুদ্দিন আজমলৰ এক লিখিত প্রশ্ণৰ (নং ৪৮) উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই তথ্য  সদৰী কৰে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি বর্তমানলৈকে বিভিন্ন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি বিভাগ অনুযায়ী থকা খালী পদৰ সংখ্যা এনেধৰণৰ– পার্ছনেল (বি) বিভাগ ৬৯টা, পার্ছনেল (এ) বিভাগ ১৪৮টা, সাধাৰণ প্রশাসন (সচিবালয়) বিভাগ ১,০০২টা, সাধাৰণ প্রশাসন বিভাগ ৪২১টা, খনি আৰু খনিজাত বিভাগ ১৬৭টা, লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্রীয় পথ) বিভাগ ১,০৯৬টা, লোকনির্মাণ (পথ) বিভাগ ২,৬৫৪টা, জনস্বাস্থ্য কাৰিকৰী বিভাগ ১,০৯৯টা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগ ৩৯৫টা, হস্ততাঁত, বস্ত্রশিল্প আৰু ৰেচম বিভাগ ৭৮১টা, প্রাথমিক শিক্ষা সঞ্চালকালয় ১১,৮৯৫টা, এছ চি ই আৰ টি ৩৭৭টা, সর্বশিক্ষা অসম ৪,৬৮৮টা, উচ্চ শিক্ষা সঞ্চালকালয় ১,৫০০টা, মাধ্যমিক শিক্ষা সঞ্চালকালয় ১২,৭৮০টা, অনানুষ্ঠানিক আৰু প্রাপ্তবয়স্ক শিক্ষা সঞ্চালকালয় ৫২২টা, সমবায় বিভাগ ৪৫২টা, ভূমি সংৰক্ষণ বিভাগ ৩৮৯টা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগ ১০৬টা, মুখ্যমন্ত্রীৰ সচিবালয় ২টা, ছপা আৰু মুদ্রণ সঞ্চালকালয় ৭২টা, তথ্য আৰু জনসংযোগ সঞ্চালকালয় ৭৫টা, ৰাজনৈতিক (এ) বিভাগ ৩টা, ৰাজনৈতিক (বি) বিভাগ ৭৯টা, ৰাজনৈতিক (ভিজিলেঞ্চ এণ্ড এণ্টি কৰাপচন) বিভাগ ১৩টা, পার্বত্য অঞ্চল বিভাগ ৮টা, বিধায়িনী বিভাগ ২০টা, পশুপালন আৰু পশু চিকিৎসা বিভাগ ১,৭৭৯টা, খাদ্য, অসামৰিক যোগান আৰু গ্রাহক পৰিক্রমা বিভাগ ৪১৮টা, শক্তি বিভাগ ৫,০৪০টা, শ্রমিক কল্যাণ বিভাগ ১৯৫টা, মীন বিভাগ ৪০৪টা, প্রশাসনীয় সংস্কাৰ আৰু প্রশিক্ষণ বিভাগ ৪৫টা, বিজ্ঞান–প্রযুক্তি আৰু বতৰ পৰিৱর্তন বিভাগ ১১টা, তথ্য–প্রযুক্তি বিভাগ ৯টা, জলসিঞ্চন বিভাগ ৩৩৩টা, সমাজ কল্যাণ বিভাগ ৫৭৪টা, পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগ ২টা, জলসম্পদ বিভাগ ২,৯৪০টা, বিত্ত বিভাগ ১,০৬৮টা, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ ৯০৫টা, স্বাস্থ্য সঞ্চালকালয় ৩,৫৫৫টা, স্বাস্থ্য শিক্ষা সঞ্চালকালয় ১,৬০১টা, আয়ুস সঞ্চালকালয় আৰু অন্যান্য চৰকাৰী আয়ুর্বেদিক আৰু হোমি’ কলেজত ১৯১টা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগ ২৫০টা, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগ ৩০টা, আবকাৰী বিভাগ ২৮০টা, গৃহ আৰু নগৰ পৰিক্রমা বিভাগ ৩৩২টা, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ ৫৪৪টা, পৰিৱেশ আৰু বন বিভাগ ২,৭১৫টা, গৃহ বিভাগ ১৭,৯৫৫টা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ ৬টা, চাহ জনগোষ্ঠী কল্যাণ বিভাগ ৭টা, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ ৫,৪১১টা, নির্বাচন বিভাগ ২৭টা আৰু কৃষি বিভাগত ২,৩৫৬টা পদ খালী হৈ আছে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে এক লাখ শিক্ষিত নিবনুৱা যুৱক–যুৱতীক বিভিন্ন চৰকাৰী খণ্ডত নিয়োগৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ সেই অনুসৰি প্রতিটো বিভাগে খালী পদৰ সংখ্যা চিনাক্তৰ লগতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্রেণীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যাও চিনাক্ত কৰি আছে৷ বেকলগৰ পদসমূহো এই নিযুক্তিৰ সময়তে পূৰণ কৰা হ’ব৷

You might also like