নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠপুৰৰ ঠেক উপপথৰ বাবে জুই নিয়ন্ত্রণত লাগিল অধিক সময়

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ অগ্নিকাণ্ডৰ সংবাদ পায়েই দুর্যোগপীড়িতজনক তাৎক্ষণিকভাৱে সহায়ৰ হাত আগবঢ়োৱাৰ পৰিৱর্তে ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাটো যেন অগ্নিনির্বাপক বাহিনীৰ ‘অভ্যাস’ত পৰিণত হৈছে৷ ইয়াৰ বাবে অগ্নিনির্বাপক বাহিনীৰ লোক জনৰোষৰ সন্মুখীন হ’বলগীয়া হোৱাৰ একাধিক ঘটনা ঘটিছে বিগত সময়ছোৱাত৷ তাৰ পাছতো কিন্তু ভুলৰ শুধৰণি নহ’ল৷ কালি পুনৰ একে অভিযোগেই উত্থাপন হ’ল অগ্নিনির্বাপক বাহিনীৰ বিৰুদ্ধে৷

বেলতলাৰ ৱায়াৰলেছৰ বশিষ্ঠপুৰৰ ১নং উপপথত সংঘটিত হূদয়বিদাৰক অগ্নিকাণ্ডৰ খবৰ স্থানীয় একাংশই ফোনযোগে দিনৰ প্রায় ১ বজাতে দিছিল৷ কিন্তু ইয়াৰ ৩০–৪৫ মিনিট পাছতহে ঘটনাস্থলীত অগ্নিনির্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ অভিযোগ উঠিছে৷

অভিযোগ মতে, অকল পলমকৈ উপস্থিত হোৱাই নহয়, প্রথম গাড়ীত পানী প্রায় নাছিলেই৷ অগ্ণি নির্বাপনৰ বাবে দুই–তিনি মিনিট পানী ছটিওৱাৰ পাছতে খালী হৈ গৈছিল গাড়ীখন৷ অগ্ণিনির্বাপক বাহিনীৰ এনে দায়িত্বজ্ঞানহীনতাৰ বাবেই দুই কণমানি ঈশান আৰু ইৱনৰ প্রাণৰক্ষা কৰিব পৰা নগ’ল বুলি ঘটনাস্থলীত উপস্থিত বিভিন্নজনে দুখেৰে মন্তব্য কৰে৷

স্থানীয় এজনে জানিবলৈ দিয়া মতে, তুষাৰ গোস্বামীৰ ঘৰৰ প্রথম মহলাত জুই দেখি অগ্নিনির্বাপক বাহিনী আৰু আৰক্ষীক খবৰ দিয়াৰ সমান্তৰালভাৱে জুই নির্বাপনৰ চেষ্টা কৰিছিল৷ বিশেষকৈ জুইৰ মাজত আবদ্ধ দুই কণমানি ভাতৃক কেনেদৰে উদ্ধাৰ কৰিব পাৰি, তাৰো চেষ্টা চলাইছিল৷ কিন্তু ইতিমধ্যে জুইৰ লেলিহান শিখাই সমগ্র প্রথম মহলাটো ছানি ধৰে৷ এনে অৱস্থাত সকলোৱে অসহায় হৈ অগ্ণিনির্বাপক বাহিনীলৈ অপেক্ষা কৰে৷ পিছে অগ্নিনির্বাপক বাহিনী পলমকৈহে উপস্থিত হয়৷ তাতে আকৌ প্রথমখন গাড়ী আছিল প্রায় খালী৷ পাছত অগ্নিনির্বাপক বাহিনীৰ মুঠ ৮খন গাড়ীয়ে জুই নির্বাপন কৰিবলৈ সক্ষম হয় যদিও তেতিয়ালৈ জীৱনৰ জুয়েই নির্বাপিত হৈছিল ঈশান–ইৱনৰ৷ অৱশ্যে ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱা বুলি স্থানীয় ৰাইজে উত্থাপন কৰা অভিযোগ নস্যাৎ কৰিছে অগ্নিনির্বাপক বাহিনীৰ এজন শীর্ষ বিষয়াই৷ তেওঁ দাবী কৰা মতে, দিনৰ প্রায় ১.১৩ বজাত বশিষ্ঠপুৰ ১নং উপপথত জুই লগাৰ খবৰ লাভ কৰিছিল৷ তাৰ পাছতে ঘটনাস্থলীত ৩খন গাড়ী উপস্থিত হৈ অগ্নি নির্বাপনৰ চেষ্টা চলায়৷ ইফালে বশিষ্ঠপুৰ ১নং উপপথটো ঠেক হোৱা বাবেও একে সময়তে অগ্ণিনির্বাপক বাহিনীৰ এখনতকৈ অধিক গাড়ী ঘটনাস্থলীলৈ অহাৰ ক্ষেত্রত অসুবিধা হোৱা বুলি স্থানীয় আন একাংশই প্রকাশ কৰে৷ সম্ভাব্য দুর্যোগৰ প্রতি লক্ষ্য ৰাখি পথ আৰু উপপথসমূহ বহল কৰাৰ সজাগতা চলাই অহা হৈছে৷ কিন্তু সেই সজাগতা যে অভিযানতে সীমাবদ্ধ আছে, সেই কথা বাস্তৱত প্রকট হৈ পৰিল৷

You might also like