নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত নিযুক্তি পৰীক্ষাৰ নামত চৰম প্রহসন চৰকাৰৰ; ২০ লাখ নিবনুৱাৰ ভৱিষ্যতক লৈ হেতালি

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ ‘পৰীক্ষা পে চর্চা’– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এই জনপ্রিয় অনুষ্ঠানটোৰ পিছত সমগ্র দেশত এতিয়া অন্যতম চর্চাৰ বিষয় হৈ পৰিছে পৰীক্ষা৷ বিদ্যালয়–মহাবিদ্যাল্ পৰীক্ষাক চৰকাৰ আনকি প্রধানমন্ত্রীগৰাকীয়্ গুৰুত্বসহকাৰে লৈছে৷ কিন্তু ইয়াৰ বিপৰীতে লাখ লাখ নিবনুৱাৰ ভৱিষ্যৎ জড়িত হৈ থকা পৰীক্ষাসমূহক চৰম প্রহসনত পৰিণত কৰিছে অসম চৰকাৰে৷ বিজেপি মিত্রজোঁট চৰকাৰৰ কার্যকালত বিভিন্ন বিভাগত আৰম্ভ হোৱা নিযুক্তি প্রক্রিয়াসমূহ দিনৰ পিছত দিন ধৰি গেঁঠেলা মাৰি আছে৷ যাৰ বাবে ৰাজ্যখনৰ ২০ লাখ নিবনুৱা সম্প্রতি হতাশাগ্রস্ত হৈ পৰিছে৷

আৰক্ষী বাহিনী, মীন বিভাগ, শক্তি বিভাগ, সমাজ কল্যাণ বিভাগ সকলোতে খালী পদৰ বিপৰীতে নিযুক্তিৰ বিজ্ঞাপন প্রকাশ পাইছে যদিও পৰীক্ষা, সাক্ষাৎকাৰ আদি প্রক্রিয়াসমূহ ৰহস্যজনক কাৰণত স্থবিৰ হৈ পৰিছে৷ আনকি যিকেইটা বিভাগত ইতিমধ্যে নিযুক্তি সম্পন্ন হৈছে, তাতো সীমাহীন দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ কাজেই সোণোৱাল চৰকাৰৰ কার্যকালত আৰম্ভ হোৱা নিযুক্তি প্রক্রিয়াক লৈ চাৰিও দিশে বিৰূপ চর্চা আৰম্ভ হৈছে৷

উল্লেখ্য যে অসম আৰক্ষীৰ ৫,৪৯৪টা পদৰ বাবে ২০১৮ চনৰ এপ্রিল মাহতে আবেদন বিচাৰি বিজ্ঞাপন প্রকাশ কৰিছিল ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে৷ ২০১৮ চনৰ ২৫ এপ্রিলত ইয়াৰ বিজ্ঞাপন প্রকাশ পালে আৰু সেইমর্মে লাখ লাখ নিবনুৱাই আবেদনো জনালে৷ কিন্তু নিযুক্তিৰ বাবে আজিলৈকে লিখিত পৰীক্ষা, সাক্ষাৎকাৰ একোৱেই অনুষ্ঠিত নহ’ল৷ শেহতীয়াকৈ যোৱা ২৩ ডিচেম্বৰত আৰু ১,১৬৮টা কনিষ্টবল পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হ’ল৷ ৬ জানুৱাৰীত আবেদন প্রক্রিয়াৰ সামৰণি পৰে৷ পূর্বৰ ৫,৪৯৪টা আৰু শেহতীয়া ১,১৬৮টা পদকে ধৰি মুঠ ৬,৬৬২টা পদৰ বাবে এতিয়ালৈকে ৰাজ্যখনৰ মুঠ ৩.৯৩ লাখ নিবনুৱাই আবেদন কৰিছে৷ কিন্তু এতিয়াও নিযুক্তি পৰীক্ষাৰ দিন ঘোষণা কৰা হোৱা নাই৷

আনহাতে, যোৱা নৱেম্বৰ মাহত আৰক্ষী উপ–পৰিদর্শক পদৰ ৫৯৭টা পদতো নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ পাইছিল৷ উপ–পৰিদর্শক পদৰ বাবে প্রায় ৬২ হাজাৰ নিবনুৱাই আবেদন কৰে৷ এই পদৰ বাবেও এতিয়ালৈকে পৰীক্ষাৰ দিন ঘোষণা কৰা হোৱা নাই৷ আৰক্ষীৰ কনিষ্টবল আৰু উপ–পৰিদর্শক পদৰ নিযুক্তি পৰীক্ষাৰ বাবে লাখ লাখ নিবনুৱাই হা–হুমুনিয়াহেৰে বাট চোৱাৰ বাদে আন একো উপায় বিচাৰি পোৱা নাই৷ আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষ প্রদীপ কুমাৰে ফেব্রুৱাৰী মাহত সকলো পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে৷

আনহাতে সততে দুর্নীতি আৰু অনিয়মৰ বাবে সংবাদ শিৰোনামত থকা মীন বিভাগত সংঘটিত হৈছে আন এক নিযুক্তি কেলেংকাৰি৷ শেহতীয়াকৈ বিভাগটোত ৩০টা ফিছাৰী ডেম’নষ্ট্রেটৰ পদত নিযুক্তি দিয়া হয়৷ যোৱা ২৪ নৱেম্বৰত ডিজিটেক নামৰ প্রতিষ্ঠান এটাই ইয়াৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু জানুৱাৰীৰ প্রথম ভাগতে আটাইকেইটা পদত নতুনকৈ নিযুক্তিপ্রাপ্তসকলে যোগদান কৰে৷ কিন্তু নিযুক্তিৰ তালিকা দেখি সকলোৰে চকু কপালত উঠিল৷ কাৰণ এই পদসমূহৰ বাবে পৰীক্ষাত অৱতীর্ণ হোৱা উচ্চ শিক্ষিত আৰু মেধাৱী প্রার্থীসকলৰ নাম বাছনি তালিকাত নুঠিল৷ ইয়াৰ বিপৰীতে অতি কম মেধাসম্পন্ন আৰু বিতর্কিত প্রার্থীয়েহে নিযুক্তি লাভ কৰে৷ এই সমগ্র অনিয়ম, দুর্নীতি বিভাগটোৰ সঞ্চালক পদ্মনাথ দাসৰ তদাৰকতে সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ সঞ্চালকগৰাকীয়ে এতিয়া আকৌ ৪০টা ফিছাৰী ডেম’নষ্ট্রেটৰ পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে৷

যোৱা ১৯ জানুৱাৰীত এই পদসমূহৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হয় আৰু দুই–এদিনতে ফলাফলো ঘোষণা কৰা হ’ব৷ এইবাৰো পদ্মনাথ দাসৰ বিশেষ প্রিয়ভাজন ডিজিটেক নামৰ প্রতিষ্ঠানটোৱেই পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰে৷ জানিব পৰা মতে, একো একোটা পদ ইতিমধ্যে ৫–৬ লাখ টকাত বিক্রী হৈ গৈছে৷ এতিয়া কেৱল ফলাফল ঘোষণাৰ আনুষ্ঠানিকতাহে বাকী৷ মীন বিভাগৰ সমান্তৰালভাৱে সমাজ কল্যাণ বিভাগতো নিযুক্তি সম্পর্কীয় ব্যাপক খেলিমেলি সংঘটিত হৈছে৷ সমাজ কল্যাণ বিভাগত কনিষ্ঠ সহায়ক আৰু তৃতীয়বর্গৰ বিভিন্ন পদবীত নিযুক্তিৰ বাবে যোৱা ছেপ্ঢেম্বৰ মাহতে বিজ্ঞাপন প্রকাশ পাইছিল৷ ইয়াৰ পিছতে নির্দিষ্ট আবেদন মাচুল জমা দি ৰাজ্যৰ লাখ লাখ নিবনুৱাই এইসমূহ পদৰ বিপৰীতে আবেদন কৰে৷ চলিত মাহৰ ৪ৰ পৰা ১২ জানুৱাৰীৰ ভিতৰত সমাজ কল্যাণ বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল৷ নিযুক্তিৰ পৰীক্ষাৰ দিন ঘোষণা কৰি বিজ্ঞাপনো প্রকাশ পাইছিল৷ কিন্তু অতি ৰহস্যজনকভাৱে শেহতীয়াকৈ বিভাগটোৰ সঞ্চালকে বাতৰিকাকতত আন এক বিজ্ঞাপন দি পৰীক্ষা পিছুওৱাৰ কথা ঘোষণা কৰে৷ ইয়াৰ লগে লগে আবেদনকাৰী নিবনুৱাসকলৰ আশাতো চেঁচাপানী পৰিল৷

আনহাতে, নিযুক্তি সম্পর্কীয় সোণোৱাল চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ পিছত জলসিঞ্চন বিভাগেও খালী পদসমূহৰ বিপৰীতে বিজ্ঞাপন প্রকাশ কৰে৷ জলসিঞ্চন বিভাগৰ অভিযন্তাৰ ২২টা, কনিষ্ঠ সহায়কৰ ২৩টা, জিলা পর্যায়ৰ কনিষ্ঠ সহায়কৰ ১৫৯টা, শাখা সহায়কৰ ৩৯৭টা, পাৱাৰপাম্প অপাৰেটৰৰ ৪১টা আৰু প্রাইমেৰী ইনভেষ্টিগেটৰৰ এটা পদকে ধৰি মুঠ ৬৪৩টা পদৰ আবেদন প্রক্রিয়া যোৱা ৮ জানুৱাৰীত অন্ত পৰে৷ লক্ষণীয়ভাৱে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিছে ‘এপটেক’ নামৰ এটা বহু বিতর্কিত প্রতিষ্ঠানে৷ জলসিঞ্চন বিভাগত খালী হোৱা একো একোটা পদৰ দাম ৯ লাখ টকাপর্যন্ত উঠা বুলি এতিয়া খোদ বিভাগৰ ভিতৰচ’ৰাৰ পৰাই খবৰ ওলাইছে৷ নিযুক্তিৰ বজাৰত সক্রিয় হৈ উঠা দালাল চক্র এতিয়া নিযুক্তিৰ বিনিময়ত নিবনুৱাসকলৰ পৰা ধন সংগ্রহ অভিযানত পূর্ণোদ্যমে নামি পৰিছে৷ যোৱা বছৰৰে এপ্রিল মাহত শক্তি বিভাগৰ অধীনস্থ এপিডিচিএলত তৃতীয় আৰু চতুর্থবর্গৰ পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল৷ ২০১৯ চনৰ ২৮ এপ্রিলতে পৰীক্ষা অনুষ্ঠিত হ’ল যদিও বিভিন্ন বেমেজালিৰ বাবে ফলাফল ঘোষণা কৰা নহ’ল৷ অৱশেষত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিষয়টোত হস্তক্ষেপ কৰি অৱসৰপ্রাপ্ত ন্যায়াধীশ অণিমা হাজৰিকাৰ দ্বাৰা তদন্তৰ নির্দেশ দিছে৷ এই নির্দেশেই এপিডিচিএলত সংঘটিত নিযুক্তি সম্পর্কীয় বেমেজালি উদঙাই দিছে৷ সোণোৱাল চৰকাৰৰ আমোলত ইয়াৰ পূর্বে পঞ্চায়ত, গ্রামোন্নয়ন আৰু জনসংযোগ বিভাগত নিযুক্তি সম্পন্ন হৈছিল৷

দুয়োটা বিভাগতে সংঘটিত হ’ল সীমাহীন দুর্নীতি–কেলেংকাৰি৷ গণ্ডাই গণ্ডাই শাসকীয় দলৰ নেতা–পালিনেতাৰ আত্মীয়–স্বজনে নিযুক্তি লাভ কৰাৰ অভিযোগ উঠিল৷ ৰাজ্যজুৰি বিৰূপ প্রতিক্রিয়া সৃষ্টি হোৱাৰ পিছত তদন্ত আয়োগ গঠন কৰা হ’ল৷ কিন্তু তদন্তৰ প্রতিবেদন আজিকোপতি প্রকাশ নাপালে৷ এই বিয়াগোম দুর্নীতি–কেলেংকাৰিৰ পিছতো ৰাজ্যখনৰ মেধাৱী নিবনুৱাসকলৰ বাবে ন্যায় সুদূৰপৰাহত হৈ ৰৈছে৷ মুঠৰ ওপৰত বিজেপি মিত্রজোঁট চৰকাৰৰ আমোলত যিমানবোৰ বিভাগত নিযুক্তিৰ বিজ্ঞাপন প্রকাশ হ’ল, সেই আটাইবোৰতে হয় ব্যাপক দুর্নীতি সংঘটিত হ’ল, নহয় বেমেজালিৰ বাবে নিযুক্তি প্রক্রিয়া স্থবিৰ হৈ পৰিল৷ সেইবাবে ৰাজ্যৰ ২০ লাখ নিবনুৱাই নিযুক্তি পৰীক্ষাসমূহৰ ওপৰতো বিশেষভাৱে চর্চা হোৱাটো বিচাৰিছে৷

You might also like