নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড° গীতালি শইকীয়ালৈ হোমেন বৰগোহাঞি সাহিত্যিক বঁটা

✅বিশিষ্ট প্ৰকৃতি সংৰক্ষক ডঃ প্ৰদীপ কুমাৰ ভূঞালৈ ‘সেউজ’ বঁটা’

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ : আজি ঘোষণা কৰা হ’ল হোমেন বৰগোহাঞি ন্যাসৰ চতুৰ্থ সংখ্যক ‘হোমেন বৰগোহাঞি সাহিত্যিক’ আৰু ‘সেউজ’ বঁটা। লেখক ড° গীতালি শইকীয়ালৈ আগবঢ়োৱা হৈছে ২০২২-২৩ বৰ্ষৰ ‘হোমেন বৰগোহাঞি সাহিত্য বঁটা’। আজি ঢকুৱাখনাস্থিত হোমেন বৰগোহাঞি ন্যাসত অনুষ্ঠিত এখন সংবাদ মেলত আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে হোমেন বৰগোহাঞি ন্যাসৰ অধ্যক্ষ ডিম্বেশ্বৰ গগৈ, সচিব সেৱক চন্দ্ৰ চুতীয়া আৰু সমন্বয়ক দুলেন চমুৱাই। কেইবাখনো গ্ৰন্থৰ মাজৰ পৰা ড° গীতালি শইকীয়াক ‘বগলী সূতাৰ চাদৰখন’ শীৰ্ষক সুখপাঠ্য প্ৰৱন্ধ সংকলনৰ বাবে সন্মানীয় ‘হোমেন বৰগোহাঞি সাহিত্য বঁটা’ আগবঢ়োৱা হৈছে।উল্লেখযোগ্য যে, ২০১৫ চনৰ পৰা ৪০ বছৰ অনুৰ্ধৰ অসমীয়া ভাষাৰ প্ৰতিশ্ৰুতি সম্পন্ন লেখক-লেখিকাসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে ঢকুৱাখনাৰ হোমেন বৰগোহাঞি ন্যাসে প্ৰদান কৰি আহিছে ‘হোমেন বৰগোহাঞি সাহিত্য বঁটা’। এই বঁটাত আছে নগদ ২৫,০০০ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি-পত্ৰ। ইতিমধ্যে লেখিকাৰ ‘সাধাৰণ মানুহৰ অসাধৰন বীৰত্ব’ আৰু ‘ফক থিয়েটাৰ অৱ আছাম’ নামৰ গ্ৰন্থ দুখনে পাঠকৰ যথেষ্ট আদৰ লাভ কৰিছে। ড° গীতালি শইকীয়াই ইতিমধ্যে শিশু কিশোৰৰ শিক্ষা স্বাস্থ্যৰ বিষয়ে কৰা গৱেষণাৰ বাবে ইউনিচেফৰ মিডিয়া ফেল’শ্বিপ আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কে অধ্যয়নৰ বাবে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ মিডিয়া ফেল’শ্বিপ লাভ কৰিছে। তদুপৰি ন্যাসৰ “সেউজ বঁটা”ৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট প্ৰকৃতি সংৰক্ষক ডঃ প্ৰদীপ কুমাৰ ভূঞাক। প্ৰকৃতি সংৰক্ষণ আৰু প্ৰকৃতি বিষয়ক কৰ্ম সজাগতাৰ বাবে ডঃ ভূঞালৈ ন্যাসৰ ২০২২-২০২৩ বর্ষৰ “সেউজ বঁটা” আগবঢ়োৱা হৈছে। এই বঁটাত নগদ ২০ হাজাৰ টকা প্ৰশস্তি পত্ৰ,গ্ৰন্থৰ সম্ভাৰ। নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া হাতীখুলীত প্ৰায় ২০০ বিঘা মাটি কালিত হাতীৰ বাবে খাদ্য খেতি কৰি হাতী মানুহৰ সুদীর্ঘদিনীয়া সংঘাত দূৰীকৰণত ব্ৰতী হৈ অহা ডঃ ভূঞাৰ একক প্ৰচেষ্টাত “হাতী বন্ধু” নামৰ এটা বেচৰকাৰী সংগঠনে আত্মপ্ৰকাশ কৰি অদ্যপি নীৰৱ সেৱা আগবঢ়াই আহিছে। ইয়াৰোপৰি গোগামুখত নিৰ্মীয়মান গেৰুকামুখ বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে “গ্ৰীন ট্ৰাইবুনেল”ত ৰুজু হোৱা গোচৰ আৰু ৰাজ্যখনত এন আৰ চি প্ৰস্তুত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত ৰুজু কৰা গোচৰৰো অন্যতম মুখ্য নায়ক হিচাবে চিৰ পৰিছিত আৰু স্বীকৃত ডঃ ভূঞা আৰু সুলেখিকা ডঃ শইকীয়াক এই বৰ্ষৰ বঁটাৰ বাবে নিৰ্বাচিত কৰি আপ্লুত ন্যাস।অহা বৰ্ষৰ মাৰ্চ মাহত দুয়োগৰাকীকে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব বুলি হোমেন বৰগোহাঞি ন্যাসে সংবাদমেলত অৱগত কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like