নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেদেৰটাৰীৰ শোকাৱহ লঞ্চ দুৰ্ঘটনাৰ ১২ বছৰ

🔹 দুখ-মিছা প্ৰতিশ্ৰুতিৰ এক জীয়া কাহিনী

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল : ৩০ এপ্ৰিললৈ মাজত মাথোঁ কেইটিমান দিন। ধুবুৰী জিলাৰ ৰাইজৰ স্মৃতিত সদায় অভিশপ্ত বুলি থাকি যাব ২০১২ চনৰ সেই বিশেষ দিনটো। প্ৰায় ১২ বছৰ পূৰ্বে ২০১২ চনৰ ৩০ এপ্ৰিলৰ দিনা সংঘটিত হৈছিল ৰাজ্যৰ আটাইতকৈ ভয়াৱহ নাও দুৰ্ঘটনাটো৷ সিদিনা ধুবুৰী চহৰৰ যোগমায়া ঘাটৰ পৰা ব্ৰহ্মপুত্ৰইদি বিয়লি ৩টা মান বজাত মেদেৰটাৰী অভিমুখে যাত্ৰা কৰিছিল পাঁচ ভাই নামৰ লেচীচালিত লঞ্চ এখন। যাত্ৰাৰম্ভ কৰাৰ প্ৰায় ডেৰ ঘন্টা মান পিছত ফুটগধূলি সংঘটিত হৈছিল সেই দুৰ্ঘটনাটো। গন্তব্যস্থান মেদেৰটাৰীৰ নদীঘাট পোৱালৈ বাকী  আছিল মাথোঁ কেই কিলোমিটাৰ পথ। কিন্তু তাৰ পূৰ্বে এক প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হৈছিল লঞ্চখন।  সেই কালধুমুহাত খণ্ড-বিখণ্ড হোৱা লঞ্চখনৰ ৪৭গৰাকী যাত্ৰীয়ে সিদিনা প্ৰাণ হেৰুৱাইছিল। দুৰ্ঘটনাটোৰ পিছত দুৰ্ঘটনাগ্ৰস্ত সেই লঞ্চখনৰ সম্ভাব্য যাত্ৰীসংখ্যাক লৈও সৃষ্টি হৈছিল বিভ্ৰান্তিৰ। কিয়নো লেচী নিয়ন্ত্ৰণাধীন ধুবুৰীৰ যাত্ৰীবাহী লঞ্চবোৰৰ অধিকাংশতে নাছিল যাত্ৰীৰ কোনোধৰণৰ টিকটৰ ব্যৱস্থা। ফলত সিদিনা দুৰ্ঘটনাত পতিত হোৱা লঞ্চখনত দৰাচলতে কিমান যাত্ৰী আছিল সেই সংখ্যাক লৈ প্ৰথমাৱস্থাত বিপাঙত পৰা দেখা গৈছিল জিলা প্ৰশাসনকে ধৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগ। ইফালে, মেদেৰটাৰীৰ সেই দুৰ্ঘটনাটোৱে লেচী নিয়ন্ত্ৰণাধীন সেই লঞ্চখনে যাত্ৰীৰ উপৰি বহন ক্ষমতাতকৈ অধিক সামগ্ৰী কঢ়িওৱা বুলিও উন্মোচিত হৈছিল। পোহৰলৈ আহিছিল  ধুবুৰীৰ ব্ৰহ্মপুত্ৰইদি চলাচল কৰা লেচীচালিত যাত্ৰীৱাহী, মালবাহী লঞ্চ আৰু ভূটভূটীবোৰৰ অধিকাংশৰে বিভাগীয় অনুজ্ঞা-পত্ৰ নথকাৰ বিষয়টোও। দুৰ্ঘটনাটোৰ পিছত দুৰ্ঘটনাগ্ৰস্ত সেই লঞ্চখনৰ বিভাগীয় অনুজ্ঞা-পত্ৰকে ধৰি বীমা নথকাৰ বিষয়টোও পোহৰলৈ আহিছিল। ফলত স্বাভাৱিকভাৱেই মেদেৰটাৰীৰ সেই লঞ্চ দুৰ্ঘটনাটোৰ পিছত লঞ্চ অথবা ভূটভূটীৰে ধুবুৰীলৈ নিতৌ অহা–যোৱা কৰা শ শ নাওযাত্ৰীৰ প্ৰতি চৰকাৰৰ ন্যূনতম দায়বদ্ধতা আছে নে নাই বুলিও উত্থাপন হৈছিল প্ৰশ্ন। ইফালে, সেই নাও দুৰ্ঘটনাটোৱে ৰাজ্যৰ লগত সমগ্ৰ দেশত খলকনি তোলাৰ পিছমুহূৰ্তৰে  পৰা দুৰ্গম, অনগ্ৰসৰ মেদেৰটাৰীলৈ আগমন ঘটা দেখা গৈছিল হাইপ্ৰফাইল নেতা, মন্ত্ৰী আৰু আমোলাৰ। ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈসহ মেদেৰটাৰীত উপস্থিত হৈছিল কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীও। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত ২০১২ বৰ্ষৰ ৫ মে’ৰ দিনা মেদেৰটাৰীত উপস্থিত হৈছিল তদানীন্তন কেন্দ্ৰীয় চৰকাৰৰ নৌ-পৰিবহণ মন্ত্ৰী জি কে ভাছান। মন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ ব্ৰহ্মপুত্ৰত আগলৈ যাতে এনেধৰণৰ দুৰ্ঘটনা নঘটে, সেয়া ৰোধ কৰাৰ বাবে নিৰাপদ জল পৰিবহণ ব্যৱস্থা গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰাৰ সমান্তৰালকৈ ধুবুৰী আৰু মেদেৰটাৰীৰ মাজত এম ভি যাযাবৰ নামৰ যাত্ৰীবাহী এখন ইঞ্জিনচালিত মাৰবোটৰ শুভ উদ্বোধন কৰিছিল। পিছে বৰলুইতৰ জলস্তৰ হ্ৰাস পোৱাৰ লগে লগে সেই মাৰবোটখনৰ চলাচল বন্ধ হৈ পৰিছিল আৰু পিছলৈ গৈ সেইখন পৰিত্যক্ত অৱস্থাতে জহি-খহি নিশ্চিহ্ন হৈ পৰা দেখা গৈছিল। কেৱল এয়াই নহয়; মেদেৰটাৰীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী ভাছানক তদানীন্তন কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ পৰিবহণ মন্ত্ৰী চন্দন ব্ৰহ্মই ৰাজ্যৰ জল পৰিবহণ ক্ষেত্ৰখনৰ উন্নয়ন আৰু ২০০খন নিৰাপদ যাত্ৰীবাহী লঞ্চ নিৰ্মাণ/ক্ৰয়ৰ বাবে ৩৬৫ কোটি টকাৰ আঁচনি এখন অনুমোদন কৰাৰ বাবে স্মাৰক-পত্ৰ প্ৰদান কৰিছিল। তদানীন্তন কেন্দ্ৰীয় নৌ-পৰিবহণ মন্ত্ৰীগৰাকীয়ে স্মাৰক-পত্ৰখনত উল্লেখিত বিষয় দুটা শীঘ্ৰে বিবেচনা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও পিছলৈ গৈ ফুটাকড়িও মোকলাই দিয়া নাছিল তদানীন্তন কেন্দ্ৰীয় চৰকাৰখনে। কেন্দ্ৰীয় চৰকাৰৰ অনুৰূপে মেদেৰটাৰীৰ শোকাৱহ সেই দুৰ্ঘটনাটোৰ পিছত শোকবিহ্বল মেদেৰটাৰীবাসীলৈ অঞ্চলটোৰ উন্নয়নৰ বাবে তদানীন্তন ৰাজ্য চৰকাৰ আৰু বিভিন্ন ৰাজনৈতিক দলৰ নেতা-মন্ত্ৰীয়ে প্ৰদান কৰিছিল বিভিন্ন প্ৰতিশ্ৰুতি। তদানীন্তন ৰাজ্য চৰকাৰখনে মেদেৰটাৰী অঞ্চলৰ উন্নয়নৰ বাবে ১০ কোটিটকীয়া এটা পেকেজ প্ৰদান কৰাৰ ঘোষণা কৰাৰ সমান্তৰালকৈ এআইইউডিএফ চুপ্ৰিমো তথা স্থানীয় সাংসদ বদৰুদ্দিন আজমলে তেওঁ আৰু তেওঁৰ দলৰ বিধায়কসকলে নিজৰ নিজৰ এমাহৰ দৰমহা মেদেৰটাৰীৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দুৰ্ভগীয়াসকলৰ পৰিয়ালক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই সময়ত সঘনে মেদেৰটাৰীলৈ অহা-যোৱা কৰা তদানীন্তন ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰকিবুল হুছেইনেও এমজিএনৰেগা আঁচনিৰ অধীনত ১ কোটি টকাৰে এমাহৰ ভিতৰত মেদেৰটাৰী অঞ্চলৰ ক্ষতিগ্রস্ত পথ আৰু দলংবোৰ মেৰামতি কৰা হ’ব বুলিও ঘোষণা কৰিছিল। কিন্তু সেই প্ৰতিশ্ৰুতিবোৰৰ অধিকাংশই দিঠকত গৈ ফুটুকাৰ ফেনত পৰিণত হোৱাহে দেখা গৈছিল। ইপিনে, দুৰ্ঘটনাটোৰ  পিছত তদানীন্তন ৰাজ্য চৰকাৰ আৰু ধুবুৰী জিলা প্ৰশাসনে পৃথকে পৃথকে দুটাকৈ তদন্ত আৰম্ভ হোৱা বুলি ঘোষণা কৰিছিল। আনকি জিলাখনৰ তদানীন্তন উপ–আৰক্ষী অধীক্ষক পৰ্যায়ৰ এগৰাকী আৰক্ষী বিষয়াৰ দ্বাৰা মেদেৰটাৰীত ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰাও হৈছিল। কিন্তু পৰিতাপৰ কথা এয়াই যে মেদেৰটাৰীৰ শোকাৱহ সেই দুৰ্ঘটনাটোৰ আজি প্ৰায় ১২ বছৰ উকলিবৰ হ’ল যদিও বৰ্তমানেও পোহৰলৈ নাহিল এটা তদন্তৰো প্ৰতিবেদন। পিছে চৰ্চা কিন্তু এয়াই যে সেই সময়ত ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন পাৰঘাটৰ দায়িত্বত থকা লেচীৰ এক শক্তিশালী ছিণ্ডিকেট চক্ৰৰ হেঁচাত সেও মানি তদানীন্তন ৰাজ্য চৰকাৰখনে বিষয়টোক লৈ পিছহোঁহকা মাৰিছে। পিছে, আটাইতকৈ পৰিতাপৰ কথা কিন্তু এয়াই যে ধুবুৰীৰ ব্ৰহ্মপুত্ৰইদি দৈনিক শ শ নাওযাত্ৰীৰ বিপদসংকুল নাওযাত্ৰা এতিয়াও অব্যাহত আছে; কিন্তু  নিৰ্লিপ্ত প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ধুবুৰী শাখা।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

 

You might also like