নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১, ২২, ২৩ নৱেম্বৰত মৰিগাঁৱত আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন

বাৰ্তা বুৰো, ২৫ মেঃ অহা ২১, ২২ আৰু ২৩ নৱেম্বৰত মৰিগাঁও চহৰত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশন। সদৌ মৰিগাঁও জিলা ছাত্র সন্থাৰ উদ্যোগত মৰিগাঁও সদৰ ছাত্র সন্থা আৰু মৰিগাঁও জিলাবাসীৰ সহযোগত অনুষ্ঠিত হবলগীয়া ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় অধিবেশন খন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে সভাপতি মিলেশ্বৰ পাতৰ আৰু সাধাৰণ সম্পাদক উৎপল শৰ্মাৰ নেতৃত্বৰ আদৰণী সমিতিয়ে। ইতিমধ্যে ধাৰাবাহিক সভা সমিতি অনুষ্ঠিত কৰি প্ৰস্তুতিক গতি প্ৰদান কৰা আদৰণী সমিতিয়ে অধিৱেশনখন সফলতাৰে অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে কালি এখন শক্তিশালী প্ৰচাৰ উপসমিতি গঠন কৰে। মৰিগাঁও চহৰৰ ছহিদ ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক সাধাৰণ সভাত মৰিগাঁও সদৰৰ লগতে জিলাৰ বিভিন্ন প্ৰান্তৰৰ সংবাদকৰ্মীৰ উপস্থিতিত অসমীয়া প্ৰতিদিনৰ জেষ্ঠ সাংবাদিক ৰিতুমনি মহন্তক সভাপতি, নিউজ লাইভৰ মৰিগাঁও জিলাৰ চিনিয়ৰ বুৰো চীফ’ প্ৰাঞ্জল দাস আৰু প্ৰতিদিন টাইমৰ মৰিগাঁও সদৰৰ জেষ্ঠ সাংবাদিক মানবেন্দ্ৰ দেবনাথক যুতীয়া সম্পাদক হিচাপে লৈ গঠিত উক্ত শক্তিশালী প্ৰচাৰ উপসমিতিত জিলাখনৰ প্ৰায়বোৰ জেষ্ঠ আৰু কনিষ্ঠ সংবাদকৰ্মীক লৈ অন্তৰ্ভুক্ত কৰা বুলি জানিব পৰা গৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিবেশনৰ আদৰণী সমিতিৰ সভাপতি তথা ভীমবৰ দেউৰী বঁটা প্ৰাপক সাহিত্যিক, সমাজকৰ্মী মিলেশ্বৰ পাতৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি তথা আদৰণী সমিতিৰ সাধাৰণ সম্পাদক উৎপল শৰ্মা উপস্থিত থাকি মৰিগাঁওবাসীৰ অভিভাৱকত্বত অনুষ্ঠিত হবলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিবেশনখন সুচাৰুৰূপে অনুষ্ঠিত কৰি মৰিগাঁও জিলাৰ সুনাম অক্ষুণ্ণ ৰখাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে। উক্ত সভাত আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি অতনু কুমাৰ শৰ্মা, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, সম্পাদক জিতুমণি নাথ, জেষ্ঠ সাংবাদিক ডালিম ফুকন, কল্পতৰু চৌধুৰী, অজিত শৰ্মা, পৰমানন্দ ডেকা, ফৰিদ ইউনুছ, গুলজাৰিলাল শৰ্মা, মানবেন্দ্ৰ দেবনাথ ৰাতুল ডেকা আদিয়ে ভাষন প্ৰদান কৰি অধিবেশন খনৰ সফলতাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰচাৰ উপসমিতি তথা সংবাদ মাধ্যমৰ শক্তিশালী আৰু ইতিবাচক ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উক্ত প্ৰচাৰ উপসমিতি গঠনৰ সভাখনত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ, সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধী, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নৱ কুমাৰ নাথকে প্ৰমুখ্যে কৰি ছাত্ৰ সন্থাৰ বহু সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like