নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতা বিমানবন্দৰৰ পৰা গ্ৰীন কৰিডৰযোগে ফাইজানৰ মৃতদেহ পুলিচ মৰ্গলৈ!

বিশেষ বাৰ্তা, ২৫ মেঃ কলকাতা উচ্চ ন্যায়লয়ৰ আদেশ জাৰিৰ পাছত ফাইজানৰ মৃতদেহ কলকতা পোৱাৰ পাছতেই তৎপৰতা বৃদ্ধি হয় পশ্চিমবংগ আৰক্ষীৰ।কলকাতা বিমানবন্দৰৰ পৰা গ্ৰীণ কৰিডৰ যোগে মহম্মদ আলি পাৰ্কৰ পিছফালে থকা নীল মাধৱ সেন পথৰ কাষৰ পুলিছ মৰ্গলৈ লৈ যোৱা হয় ফাইজানৰ শৱদেহ।এই কথা ফোন যোগে ‘নিয়মীয়া বাৰ্তা’ক জানিবলৈ দিয়ে ফাইজানৰ মাতৃ ৰেহেনা আহমেদে।বিমানবন্দৰৰ পৰা লৈ যোৱা হয় ফাইজানৰ শৱদেহ।শৱদেহ নিয়া বাহনৰ দুয়োফালে আৰক্ষীৰ দীঘলীয়া নিৰাপত্তাৰ কনভয়ে বিশেষ তাৎপৰ্য বহন কৰিছিল। অসমৰ পৰা গৈ কলকাতাৰ বিমানবন্দৰত উপস্থিত হোৱা ফাইজান শৱদেহ কঢ়িয়াই নিয়াৰ ক্ষেত্রত তথা কলকতা পোৱাৰ পাছতে বিমান বন্দৰৰ আশে-পাশে যথেষ্ট ৰূপত বৃদ্ধি কৰা হয় কঠোৰ নিৰাপত্তা।ইফালে অহা শণিবাৰে ফাইজানৰ দ্বিতীয়বাৰৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হব। সূত্ৰৰ মতে মৰণোত্তৰ পৰীক্ষাৰ বাবে দিল্লীৰ পৰাও আহিব ফৰেনচিকৰ এক বিশেষ দল।কলকতা উচ্চ ন্যায়ালয়ৰ দুগৰাকী চৰকাৰী অধিবক্তাৰ চকুৰ সন্মুখত সমগ্র মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰা হ’ব বুলিও জানিব পৰা গৈছে।ফাইজানৰ মৰণোত্তৰ পৰীক্ষা কলকতাৰ নীল মাধৱ সেন পথৰ কাষত থকা মেডিকেল কলেজ হস্পাতালৰ মৰ্গত সম্পন্ন কৰাৰ নিৰ্দেশ জাৰি কৰিছে কলকতা উচ্চ ন্যায়লয়ে।উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আছিল যে অহা ১৯ মে’ৰ পৰা আগন্তুক ১০ টা দিনৰ ভিতৰত এই মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ’ব লাগিব। দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাত উচ্চ ন্যায়ালয়ে, ফাইজানৰ মৃতদেহত থকা আঘাতৰ চিন সমূহ স্পষ্টৰূপত উল্লেখ কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে প্ৰথমটো মৰণোত্তৰ পৰীক্ষাত উক্ত বিষয়সমূহ স্পষ্টকৈ উল্লেখ কৰা হোৱা নাছিল। উল্লেখযোগ্য যে ২০২২ ৰ ১৪ অক্টোবৰত ৰহস্যজনক ভাৱে মৃতদেহ উদ্ধাৰ হোৱা পাছত বিগত বৰ্ষৰ ১৬ অক্টোবৰত ফাইজানৰ মৃতদেহ ডিব্ৰুগড় আমোলাপট্টী কবৰস্থানত জানাজা সম্পন্ন কৰা হৈছিল।সাত মাহৰ পাছত যোৱা ২৩ মে’ত পুনৰ কবৰ খান্দি উলিওৱা পাছত ২৪মে’ৰ পুৱা ইণ্ডিগ’ বিমানেৰে কলকতালৈ নিয়া হৈছিল ফাইজানৰ অৱশিষ্ট শৱদেহ।

প্ৰেৰক বিভাস দুৱৰা

You might also like