নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত BPF-ৰ গুৰুত্বপূৰ্ণ মন্তব্য

২০২৬চনৰ বিধান সভা নিৰ্বাচনত বিজেপিৰে মিত্ৰতা নহয়।‌ গহপুৰত বিপিএফৰ বিজয় উৎসৱত এই কথা স্পষ্ট কৰি দিলে বিটিচি ডেপুটী চীফ তথা বিপিএফৰ জেষ্ঠ নেতা ৰিহন দৈমাৰীয়ে।

তেওঁ লগতে কয় বিটিচিৰ উন্নয়নৰ বাবে যিটো দলে বিধানসভাত সংখ্যা গৰিষ্ঠতা লাভ কৰিব, যিটো দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৱ সেই দলৰ লগত বিপিএফ থাকিব।

নিৰ্বাচনৰ আগত কোনো দলৰে বিপিএফৰ মিত্ৰতা নহয় বুলিও দৃঢ়তাৰে কয় দৈমাৰীয়ে।

ছয়‌ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত তেওঁ কয় যে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে আপত্তি নাথাকিব।

দৈমাৰীয়ে লগতে কয় যে বিটিচি সচিবালয় আক্ৰমণত এবছু আৰু ইউ পি পি এল জড়িত। তেওঁ অসম চৰকাৰক আক্ৰমণকাৰীৰ ওপৰত ব্যৱস্থা লবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে গহপুৰৰ কৰৈগুৰিত অনুষ্ঠিত বিপিএফৰ বিজয় উৎসৱত ধনশিৰি সমষ্টিৰ ইএম ফেচ মুচাহাৰী, অধ্যক্ষ ত্ৰিদীপ দৈমাৰীকে ধৰি বহুকেইজন বিপিএফৰ নেতা উপস্থিত থাকে।

বিশেষ বাৰ্তা, গহপুৰ, ৬ ডিচেম্বৰ

You might also like