নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওৰেদিন ম’বাইলত ব্যস্ত পত্নী সন্ধানহীন… পত্নী-কন্যাক উভতি অহাৰ আহ্বান শোকবিহ্বল স্বামীৰ

যোৰহাটৰ ৰংদৈ পহুচৰা গাঁৱৰ বাসিন্দা সঞ্জীৱ দাসৰ পত্নী জুলী দাস (৩২) আৰু তেওঁৰ সৰু জীয়ৰী পাঁচ দিন ধৰি নিৰুদ্দেশ হৈ আছে বুলি পৰিয়ালৰ লগতে গাঁওবাসীৰ মাজত অতি চাঞ্চল্যৰ সৃষ্টি হয়।

স্বামী সঞ্জীৱ দাসে জনোৱা মতে কেইদিনমান আগতে পত্নী জুলী দাসে সৰু জীয়ৰীক লগত লৈ শিৱসাগৰৰ হাঁহচৰাত থকা ডাঙৰ জীয়ৰীৰ ঘৰলৈ গৈছিল।

দুটা দিন ডাঙৰ জীয়েকৰ ঘৰত থকাৰ পিছতে ঘূৰি অহাৰ সময়ত শিৱসাগৰ–যোৰহাট পথৰ কোনো স্থানতে জুলী দাস আৰু তেওঁৰ সৰু জীয়ৰী অন্তর্ধান হোৱাৰ ঘটনাই বৰ্তমান গভীৰ ৰহস্যৰ ৰূপ লৈছে।

স্বামী সঞ্জীৱ দাসে অতি কাতৰ অনুৰোধে জনাইছে যে “তুমি য’তেই আছা, দয়া কৰি অতি সোনকালে ঘৰলৈ ঘূৰি আহা… সকলো চিন্তিত।” পত্নী আৰু কন্যাক বিচাৰি নাপাই সঞ্জীৱ দাসে ভোগদৈ চকীত আৰক্ষীৰ কাষ চাপে।

উল্লেখযোগ্য যে আৰক্ষীৰ প্রাথমিক অনুসন্ধানত জুলী দাসৰ মবাইলৰ শেষ লোকেচন গুৱাহাটীত ধৰা পৰিছে। সঞ্জীৱ দাসে কয়— জুলী দাসে সাধাৰণতে মবাইলতে বহুত সময় ব্যস্ত হৈ থাকে, সেই কাৰণে এক দুষ্টচক্ৰৰ কৱলত পৰি নিখোজ হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্বামী সঞ্জীৱ দাসে। সেই বাবেই ঘটনাটো অধিক সন্দেহজনক ৰূপ লৈছে।

পত্নী জুলী দাস আৰু তেওঁৰ জীয়ৰীৰ অন্তর্ধানক লৈ এতিয়া ৰহস্যৰ আঁতৰি কেন্দ্ৰীভূত হৈছে সকলো। দুষ্টচক্ৰৰ কোনো হাত আছে নে অন্য কোনো কাৰণ, এতিয়াও স্পষ্ট নহয়। এই পৰিস্হিতিত পৰিয়ালে ৰাইজৰ পৰা সহযোগ বিচাৰিছে। কোনো লোকে জুলী দাস বা তেওঁৰ কন্যাক দেখা পালে 93955-28976 নম্বৰটোত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ

You might also like